ডিজিটেল ডেস্ক: নিৰ্বাচনৰ প্ৰাক্ক্ষণত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰসংগৰে পুনৰ সৰৱ হৈ পৰিছে একাংশ দল-সংগঠন। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি কালি অসমীয়া যুৱ মঞ্চই মহানগৰীৰ ৰাজপথত উত্তাল প্রতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদত অসমীয়া যুৱ মঞ্চৰ সহঃ সম্পাদক আকাশ শইকীয়াৰ লগতে আন সদস্যসকলে অংশগ্রহণ কৰে। 'মৰিয়াই মাৰিলেও মাৰক, গুলীয়াই মাৰিলেও মাৰক, জুবিন দাৰ ন্যায় লাগিবই' বুলি প্রতিবাদীসকলে শ্ল'গান দি দোষীয়ে কঠোৰ শাস্তি পাবই লাগিব বুলি ৰাজপথ উত্তাল কৰি তোলে।
জুবিন গাৰ্গক ন্যায় দিব নোৱাৰা চৰকাৰক ধিক্কাৰ দি সংগঠনটোৰ সহঃ সম্পাদক আকাশ শইকীয়াই চৰকাৰৰ গাফিলতিৰ বাবেই জুবিনে ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন কৰি কয়, 'আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে জুবিন দাৰ ন্যায় লাগিবই। ৬ মাহ উকলি গ'ল, কিন্তু চৰকাৰে একো কৰিব নোৱাৰিলে। জুবিন দাক ন্যায় দিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে ভোট নালাগে বুলি কৈছিল। কিন্তু ছয় মাহ উকলি যোৱাৰ পাছতো জুবিন দাই ন্যায় নাপালে।'
আনহাতে, জুবিন গাৰ্গক ন্যায় দিব নোৱাৰা চৰকাৰক এতিয়া ভোট লাগিবনে বুলিও তেওঁ প্রশ্ন উত্থাপন কৰে।