ডিজিটেল ডেস্ক : দেশৰ স্কুলীয়া শিক্ষাৰ মানদণ্ড মূল্যায়ন কৰা পাৰফর্মেন্স গ্রেডিং ইনডেক্স ২.০ৰ ২০২৫-২৬ প্রতিবেদনত চণ্ডীগড়ে পুনৰ দেশৰ ভিতৰত শীর্ষস্থান দখল কৰিছে। মঙলবাৰে শিক্ষা মন্ত্ৰ্যালয়ে প্রকাশ কৰা এই প্রতিবেদন অনুসৰি, চণ্ডীগড়ে ১,০০০ৰ ভিতৰত ৭৬১-৮২০ নম্বৰ (৬১-৭০ শতাংশ) লাভ কৰি একমাত্র উত্তম-৩ শ্রেণীত স্থান লাভ কৰিছে।
আনহাতে, অসম প্রচেষ্টা-৩ শ্রেণীত অন্তর্ভুক্ত হৈছে। এই শ্রেণীত অসমৰ লগতে হাৰিয়ানা, তেলেংগানা, উত্তৰাখণ্ড, ৰাজস্থান, গুজৰাট, কর্ণাটক, অন্ধ্র প্রদেশ, লাডাখ আদি মুঠ ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে। প্রতিবেদনত দেখা গৈছে যে উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্রদেশ, ঝাৰখণ্ড, পশ্চিম বংগ, ছত্তীশগড়, ত্ৰিপুৰা, অৰুণাচল প্রদেশ আৰু জম্মু-কাশ্মীৰ আদি ৰাজ্যসমূহ এতিয়াও 'আকাংক্ষা-১' শ্রেণীতে আছে। শিক্ষা মন্ত্ৰ্যালয়ে এই ৰাজ্যসমূহত স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত অধিক উন্নয়নৰ প্রয়োজনীয়তা উল্লেখ কৰিছে। প্রচেষ্টা-১ শ্রেণীত পঞ্জাব, দিল্লী, কেৰালা আৰু দাদৰা-নগৰ হাভেলী আছে।
আনহাতে, প্রচেষ্টা-২ শ্রেণীত হিমাচল প্রদেশ, মহাৰাষ্ট্ৰ, গোৱা আৰু লক্ষদ্বীপে স্থান লাভ কৰিছে। এই মূল্যায়নত ৰাজ্যসমূহৰ স্কুলীয়া শিক্ষা ১,০০ ১,০০০ নম্বৰৰ ভিতৰত ৭০টা সূচকৰ ভিত্তিত পর্যালোচনা কৰা হয়। ইয়াৰে ৪৭টা সূচক শৈক্ষিক ফলাফল (Out-come) আৰু ২৩টা সূচক পৰিচালনাৰ (Management) সৈতে জড়িত। শিক্ষাৰ ফলাফল, মূল্যায়ন, বিদ্যালয়ৰ আন্তঃগাঁথনি, সুবিধা, শিক্ষার্থীৰ অংশগ্রহণ আদি বিষয়সমূহ এই মূল্যায়নৰ অন্তর্ভুক্ত কৰা হৈছে।