অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি

dainik janambhumi August 12, 2025

ডিজিটেল ডেস্কঃ দিছপুৰৰ পৰা মাত্ৰ কেইকিল'মিটাৰমান দূৰৈতে সীমাক লৈ উত্তপ্ত হ'ল অসম-মেঘালয় সীমান্ত। যি সময়ত অসম চৰকাৰে মেঘালয়ৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে, সেই সময়তে বশিষ্ঠৰ পিলিংকাটা অঞ্চলত সীমা বিবাদ তুংগত উঠিছে। জানিব পৰা মতে বৈঠকত নগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং, এন ডি পি পিৰ সভাপতি চিংগৱাং কন্যাক আৰু উপ-সভাপতি কছেমটং লংকুমাও উপস্থিত আছিল।

বৈঠকত অসম আৰু নগালেণ্ডৰ আঞ্চলিক শক্তি সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠক সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাই কয়, 'প্রবীণ ৰাজনীতিক ৰিঅ' ডাঙৰীয়াই নগালেণ্ডত শান্তি আৰু উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ দিশত এক নতুন যুগৰ সূচনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেখেতৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যখনলৈ নতুন যোগাত্মক পৰিৱৰ্তন অহাই নহয়, চুবুৰীয়া অসমৰ সৈতে সদিচ্ছাৰ বান্ধোন, আঞ্চলিক সম্প্রীতি আৰু উত্তৰণ তথা পাৰস্পৰিক সম্পৰ্ক অধিক সুদৃঢ় হৈছে।

অসম আৰু অসমৰ জনসাধাৰণৰ শুভাকাংক্ষী ৰিঅ' ডাঙৰীয়াৰ সৈতে দশক পুৰণি বন্ধুত্বক আমি অসম গণ পৰিষদেও সদায়েই মর্যাদা আৰু সন্মান দি আহিছোঁ।' আনহাতে, বিনন্দীয়া প্রাকৃতিক সৌন্দর্য, অতুলনীয় সাংস্কৃতিক ঐতিহ্যৰে পৰিপূৰ্ণ, অতিথিপৰায়ণ নগালেণ্ডৰ সৈতে অসমৰ সম্পৰ্ক যুগমীয়া বুলি উল্লেখ কৰি তেওঁ কয় যে নগা আৰু অসমীয়াৰ মাজত থকা ইতিহাস, সাংস্কৃতিক আৰু ভৌগোলিক সম্পৰ্কৰ গভীৰ শিপা সময়ৰ লগে লগে অধিক সুদৃঢ় হৈ আহিছে। অগপৰ সভাপতিগৰাকীৰ মতে, আজিৰ এই সাক্ষাৎ সৌজন্যতামূলক সাক্ষাৎ আছিল।

Share This