অসম কন্যা কৃষ্টি হালৈৰ দ্বিমুকুট অৰ্জন

dainik janambhumi May 09, 2026

ডিজিটেল ডেস্ক : অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত ১৪ আৰু ১৬ বছৰ অনূর্ধ্বৰ ল'ৰা-ছোৱালীৰ এইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্রতিযোগিতাখনৰ সফল সামৰণি পৰিছে। গুৱাহাটীৰ চচলস্থিত অসম টেনিছ সন্থাৰ প্রশিক্ষণ কেন্দ্রত অনুষ্ঠিত সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্রতিযোগিতাখনত অসমৰ কৃষ্টি হালৈয়ে দ্বিমুকুট অর্জন কৰে। প্রতিযোগিতাৰ কালি অনুষ্ঠিত ছোৱালীৰ ছিংগলছৰ ১৪ আৰু ১৬ বছৰ অনুধ্বৰ উভয়ৰে ফাইনেলত কৃষ্টিয়ে ৰাজ্যৰে ফাগুন জ্যোতিক তীব্র প্রত্যাহ্বানমূলক খেলৰ অন্তত পৰাস্ত কৰি দ্বিমুকুট লাভ কৰে। কৃষ্টিয়ে ১৪ অনূর্ধ্বৰ খিতাপৰ যুঁজত ফাগুন জ্যোতিক ৬-৪, ৭-৫ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰাৰ পাছত ১৬ বছৰ অনূর্ধ্বৰ ছিংগলছৰ ফাইনেলতো নিজৰ সাফল্যৰ যাত্ৰা অব্যাহত ৰাখি ফাগুন জ্যোতিক প্রথমটো ছেট টাইব্ৰেকাৰৰ জৰিয়তে তথা সামগ্রিকভাৱে ৭-৬ (৭-১), ৬-১ ছেটত পৰাস্ত কৰে। বিপৰীতে, ছিংগলছ আৰু ডাবলছৰ তিনিখন ফাইনেলত প্ৰৱেশ কৰিও খিতাপৰ পৰা বঞ্চিত হৈ থাকিল ফাগুন জ্যোতি।

উল্লেখযোগ্য যে ফাগুনে বংগৰ আনিয়া বিশ্বাসৰ লগত যুটি বান্ধি ছোৱালীৰ ১৬ বছৰ অনূর্ধ্বৰ ডাবলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও কালি হোৱা আন এখন ৰোমাঞ্চকৰ খিতাপৰ যুঁজত অসমৰে যুটি মৃগাক্ষী চাংমাই আৰু আৰিশা চৌধুৰীয়ে ৬-৩, ৭-৬ (৭-২) ছেটত পৰাস্ত কৰে ফাগুন-আনিয়াক। ইফালে, ল'ৰাৰ ১৪ বছৰ অনূর্ধ্বৰ ছিংগলছৰ ফাইনেলত মিজোৰামৰ এল ছাইলোৱে প্ৰথমটো ছেট হেৰুওৱাৰ পাছতো অনবদ্য প্রত্যাৱৰ্তন কৰি ২-৬, ৬-৩, ৬-১ ত তেলেংগনাৰ এছ অবিনাশক পৰাস্ত কৰি খিতাপ অর্জন কৰে। 

আনহাতে, ল'ৰাৰ ১৬ বছৰ অনূর্ধ্বৰ ছিংগলছৰ ফাইনেলত অসমৰ নিৱাছ কে হুছেইনে ৰাজ্যৰে চান্দোগ্য টি পাঠকক ৬-১, ৬-০ ৰ পোনপটীয়া ব্যৱধানত সহজে পৰাস্ত কৰি খিতাপ জয় কৰে। ইফালে, দুই অসমীয়া যুটিৰ মাজত হোৱা ল'ৰাৰ ১৪ বছৰ অনূর্ধ্বৰ ডাবলছৰ ফাইনেলত আয়ান ৰহমান-আৰিয়ান ভড়ালীয়ে ৭-৫, ৬-১ ছেটত অনয় শর্মা-অনির্বান ডেকাক পৰাস্ত কৰি খিতাপ দখল কৰে। সামৰণী অনুষ্ঠানত বঁটা বিতৰণ কৰে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই।

Share This