ডিজিটেল ডেস্ক : লখিমপুৰ জিলাৰ লীলাবাৰীৰ ন-গাঁও পথাৰ গাঁওখনৰ নামেই আমাৰ ৰাজ্যৰে বহুতে শুনা নাই, তাৰ ৰূপামণি নামৰ ছোৱালীজনীক জনাটো দূৰৈৰ কথা। সেই অখ্যাত গাঁৱৰ অখ্যাত ৰূপামণি আজি বিশ্ববিখ্যাত। এজন খেতিয়কৰ কন্যা এইগৰাকী কন্যাই এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া নাৰী হৈ যি স্বর্ণিল ইতিহাস ৰচনা কৰিছে, সেয়া যুগে যুগে চর্চিত হৈ থাকিব। এনেকুৱা অধ্যায়বোৰ জাতিৰ গৌৰৱৰ একোটা একোটা মাইলৰ খুঁটি।
'প্রথম অসমীয়া' শব্দ দুটা বৰ অন্তৰস্পৰ্শী। এই শব্দ দুটাই হৃদয়ত আৱেগ আৰু উৎসাহৰ ধল বোৱায়। প্রথম অসমীয়া আই চি এছ বিষয়া আছিল আনন্দ ৰাম বৰুৱা। প্ৰথম অসমীয়া ডক্টৰেট ডিগ্রীধাৰী আছিল বাণীকান্ত কাকতি। প্রথম অসমীয়া মহিলা স্নাতক সুখলতা দুৱৰা, সুধালতা দুৱৰা। প্ৰথম অসমীয়া সাহিত্য একাদেমি বঁটা বিজয়ী যতীন্দ্র নাথ দুৱৰা, প্রথম জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, প্রথম অসমীয়া অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই, 'অস্কাৰ লৈ ছবি মনোনীত হোৱা প্ৰথম অসমীয়া পৰিচালক ৰিমা দাস। এই 'প্রথম অসমীয়া 'সকল আধুনিক অসমীয়া জাতিৰ বিকাশ আৰু সাফল্যৰ একো একোটা ঢাপ।
তেনেকৈ ক্রীড়া ক্ষেত্রত আন্তর্জাতিক স্তৰত প্ৰথম পদক অর্জন কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী হ'ল ভোগেশ্বৰ বৰুৱা। ১৯৬৬ চনত এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰৰ অভিলেখ গঢ়ি সোণৰ পদক জিনি জাতিক গৌৰৱান্বিত কৰিছিল এইগৰাকী অসমীয়াই। ভোগেশ্বৰ বৰুৱা আৰু ৰূপামণি গড় ক্রীড়া আৰু দুঃসাহসিক অভিযানৰ দুটা ক্ষেত্রত 'প্রথম অসমীয়া' হোৱাৰ ক্ষেত্ৰত এটা সাদৃশ্য পৰিলক্ষিত হয়।
ভাৰতীয় সেনাবাহিনীৰ ই এম ই অর্থাৎ ইলেক্ট্রিকেল আৰু মেকানিকেল শাখাৰ জোৱান হোৱা সূত্রে ভোগেশ্বৰ বৰুৱাই ছার্ভিছেছ দলৰ সদস্য হিচাপে ৰাষ্ট্ৰীয় প্রতিযোগিতাত প্ৰদৰ্শন কৰা সাফল্যৰ সূত্রে বেংকক এছিয়ান গেমছত দেশক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল আৰু সেই প্রতিযোগিতাত চমক সৃষ্টি কৰি ৰচনা কৰিছিল সাফল্যৰ ইতিহাসৰ এক সোণালী অধ্যায়। ৰূপামণি গড়ৰ ক্ষেত্ৰতো একেই কথা। ২০২০ চনত ৰূপামণিয়ে ইণ্ডো-তিবেতান ব'ৰ্ডাৰ পুলিচ (আই টি বি পি)ত যোগদান কৰিছিল। সেই সূত্রে আই টি বি পিয়ে চলোৱা প্ৰথমটো সম্পূর্ণ মহিলাৰে গঠিত এভাৰেষ্ট অভিযাত্রী দলৰ সদস্য হোৱাৰ সুযোগ লাভ কৰে ৰূপামণিয়ে আৰু যোৱা ২১ মে'ত ২৬ বছৰীয়া ৰূপামণিয়ে দলটোৰ এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী সদস্যা হৈ যি কৃতিত্ব অর্জন কৰিলে, সেয়া এতিয়া জাতিৰ গৌৰৱ গাথা।
বিশ্বৰ সৰ্বোচ্চ শৃংগটো জয় কৰাৰ পাছত হাতৰ ত্ৰিৰংগা জোকাৰি ৰূপামণিয়ে প্রদর্শন কৰা উল্লাসৰ ভিডিঅ' চাই অভিভূত প্ৰতিগৰাকী অসমীয়া। বিস্ময়-বিমুগ্ধ হৈ অসমীয়াই ২০২০ চনৰ ৪ আগষ্টত টেলিভিছনৰ পৰ্দাত দৰ্শন কৰিছিল টকিঅ' অলিম্পিকত লাভলীনা বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক জিনাৰ দৃশ্য। লাভলীনাৰ অধ্যায় শেষ হোৱা নাই। তেওঁ হৃদয়ত এতিয়াও ধাৰণ কৰি আছে অলিম্পিক স্বর্ণ জিনা প্রথমগৰাকী অসমীয়া হোৱাৰ হেঁপাহ। সেই সপোন বাস্তৱত পৰিণত কৰিবলৈ তেওঁ অব্যাহত ৰাখিছে সাধনা। সেই সাধনাৰ ফল হিচাপেই চলিত বৰ্ষৰে জাপানৰ নাগ'য়াত হ'ব লগা এছিয়ান গেমছ আৰু স্কটলেণ্ডৰ গ্লাছগ'ত হ'ব লগা কমনৱেল্থ গেমছত দেশক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে লাভলীনাই। এই সাধনাৰ যাত্ৰাবিলাকেই হয়তো তেওঁক লৈ যাব সেই পৰম আকাংক্ষিত ক্ষণটোলৈ। ৰূপামণি, লাভলীনাৰ এই সাফল্যৰ যাত্ৰাৰ সৈতে ক্রীড়া ক্ষেত্ৰত আৰু এজন 'প্রথম অসমীয়া'ৰ গৌৰৱৰ অধ্যায়ৰো সংযোগ ঘটিছে, তেওঁ হ'ল ৰিয়ান পৰাগ। ক্ৰিকেটৰ জগতত ৰিয়ান এতিয়া এক উজ্জ্বল তাৰকা।
'ক্রিকেট টীম ইণ্ডিয়া'ত স্থান পোৱা ৰিয়ান প্ৰথম অসমীয়া। কেৱল এয়াই নহয়, বিশ্ব ক্রিকেটৰ আটাইতকৈ লোভনীয় প্রতিযোগিতা 'আই পি এল টি-২০'ত এটা ফ্রেঞ্চাইজী দলক নেতৃত্ব দিয়াৰ ক্ষেত্ৰতো ৰিয়ান পৰাগ 'প্ৰথম অসমীয়া'। এই ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছ দলক এইবাৰ নেতৃত্ব দি যিদৰে দলটোক 'প্লে অফ”, অর্থাৎ ছেমি ফাইনেলত উপনীত কৰাবলৈ সক্ষম হ'ল, তাক বৰেণ্য ক্রিকেটাৰসকলে ভূয়সী প্রশংসা কৰিছে। ৰিয়ানৰ বয়স এতিয়া ২৪ বছৰ, এই বয়সত তেওঁৰ সঠিক ৰণকৌশল, সাহসী আৰু আগ্রাসী সিদ্ধান্ত, জটিল সময়ত বলাৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা নিপুণতা আৰু ফিল্ডিং সজোৱাত দক্ষতাৰ বাবে এইবাৰৰ আই পি এলত ৰাজস্থান ৰয়েলছে এই পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হোৱাটোক সকলোৱে স্বীকাৰ কৰিছে। সকলোৱে আশা কৰি আছে এই দক্ষতাৰে ৰিয়ানে আই পি এলৰ এইবাৰত ট্ৰফী তুলি লৈ জাতিৰ অন্য এক গৌৰৱময় অধ্যায়ৰ সাক্ষী কৰিবলৈ সক্ষম হ'ব।
বিভিন্ন ক্ষেত্রত জিলিকি উঠা এই 'প্রথম অসমীয়া 'সকল সাহস-উদ্দীপনাৰ একো একোটা শক্তিশালী স্তম্ভ। এই স্তম্ভলৈ চাই প্ৰজন্মৰ পাছত প্ৰজন্ম উদ্বুদ্ধ হৈ আহিছে আৰু থাকিব। অন্যান্য ক্ষেত্ৰতো 'প্রথম অসমীয়া'ৰ সংখ্যা বৃদ্ধি কৰিবলৈ। এই সংখ্যা বাঢ়ি যোৱা মানেই জাতিৰ প্ৰতিভা, দক্ষতা বৃদ্ধি পোৱাটো প্রতিপন্ন হোৱা। উল্লিখিত সাফল্যবোৰকে কয়- আকাশ স্পৰ্শ কৰা।