ডিজিটেল ডেস্ক: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কাছাৰৰ বিহাৰাত দেশৰ আগশাৰীৰ চিমেণ্ট প্রস্তুতকাৰী কোম্পানী ষ্টাৰ চিমেণ্টৰ এটা কাৰখানাৰ শুভাৰম্ভ কৰে। অসমক দেশৰ আগশাৰীৰ ঔদ্যোগিক ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ তৎপৰতাৰ অংশ হিচাপে স্থাপন হোৱা অত্যাধুনিক চিমেণ্ট কাৰখানাটোত বছৰি ২ নিযুত টন চিমেন্ট উৎপাদন কৰা হ'ব।
উচ্চতৰ আন্তঃৰাষ্ট্ৰীয় মান নিশ্চিত কৰাৰ বাবে চিমেন্ট কাৰখানাটোত বিশ্বমানৰ জাৰ্মান প্রযুক্তি ব্যৱহাৰ কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এডভান্টেজ আছাম ২.০ত মুঠ ৫ লাখ কোটি টকাৰ বিনিয়োগ প্রস্তাৱ আহিছিল। ইয়াৰে প্রায় ৩ লাখ কোটি টকাৰ বিনিয়োগ কার্যক্ষেত্ৰত আৰম্ভ হৈছে। ষ্টাৰ চিমেন্টে বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি কৰাৰ কম সময়ৰ ভিতৰতে কাৰখানা আৰম্ভ কৰিবলৈ সক্ষম হৈছে।
অসমত ষ্টাৰ চিমেণ্টৰ উৎপাদন বছৰি ৮-১০ নিযুত টন হোৱাৰ দিশে আগবঢ়া বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ষ্টাৰ চিমেন্টে কামৰূপ মহানগৰ জিলাত বছৰি ৪ নিযুত টন চিমেন্ট উৎপাদনৰ কাৰখানা চলাই আছে আৰু যোৰহাট জিলাতো বছৰি ২ নিযুত টন চিমেন্ট উৎপাদনৰ কাৰখানা স্থাপনৰ কাম কৰি আছে। ষ্টাৰ চিমেণ্টৰ সফলতাৰ পাছত আন বহুকেইটা কোম্পানীয়ে অসমত চিমেণ্ট কাৰখানা স্থাপন কৰিবলৈ আগবাঢ়ি অহা বুলি সদৰী কৰি তেওঁ কয় যে আগন্তুক ৫ বছৰত চিমেণ্ট উৎপাদনত অসম দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্যত পৰিণত হ'ব।
চিমেণ্টক যিকোনো আন্তঃগাঁথনি নিৰ্মাণৰ কেঁচা সমগ্ৰী বুলি অভিহিত কৰি তেওঁ কয় যে এখন ৰাজ্যলৈ চিমেন্ট কাৰখানা স্থাপনৰ বাবে কোম্পানী অহাটোৱে ইংগিত দিয়ে যে ৰাজ্যখনত আন্তঃগাঁথনি উন্নয়নৰ কাম চলি আছে, ৰাইজে পকী বাসগৃহ নির্মাণ কৰিছে আৰু ডাঙৰ ডাঙৰ উদ্যোগ ৰাজ্যখনলৈ আহিছে। শেহতীয়াকৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নামৰূপত ১০ হেজাৰ কোটি টকাৰে ১২ লাখ মেট্রিক টন ক্ষমতাসম্পন্ন এমোনিয়া-ইউৰিয়া প্রকল্প আৰু কাজিৰঙাত ৭ হেজাৰ কোটি টকাৰে ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড'ৰৰ শিলান্যাস কৰাৰ উপৰি কিছুদিন পূর্বে ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত সপ্তাহত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে ব্রহ্মপুত্র নদীৰ তলেৰে নুমলীগড়-গহপুৰ সংযোগী দ্বৈত সুৰংগ পথ নির্মাণত অনুমোদন দিছে। তেওঁ কয় যে অহা ১৪ মার্চত প্ৰধানমন্ত্ৰীয়ে বৰাক উপত্যকা ভ্রমণ কৰিব আৰু গুৱাহাটী আৰু পাঁচগ্ৰামৰ মাজত যাত্ৰাৰ সময় চাৰে চাৰি ঘণ্টালৈ হ্রাস কৰি ২২ হেজাৰ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া অসমৰ প্ৰথমটো এক্সপ্রেছ হাইৱে নির্মাণৰ কামৰ শুভাৰম্ভ কৰিব।
অসমত হৈ থকা উন্নয়নমূলক কামৰ বাবে চিমেন্ট আদি কেঁচা সামগ্ৰীৰ অধিক প্রয়োজন হ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে বিগত ৫ টা বছৰ আছিল এটা পৰিৱেশ আৰু পটভূমি নিৰ্মাণৰ সময়। পৰৱৰ্তী পাঁচ বছৰত অসমৰ বহুত উন্নয়ন হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত ষ্টাৰ চিমেণ্টক ২০ হেজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কৰিবলৈ তেওঁ আহ্বান জনায়। অসমৰ যুৱক-যুৱতীয়ে কম দৰমহাৰ চাকৰিৰ বাবে বাহিৰলৈ নগৈ অসমতে যাতে সংস্থাপিত হ'ব পাৰে তাৰ পৰিৱেশ নিৰ্মাণত অসম চৰকাৰক সহযোগ কৰিবলৈ তেওঁ ষ্টাৰ চিমেণ্ট কর্তৃপক্ষক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে বৰাক উপত্যকাত ষ্টাৰ চিমেণ্টৰ কাৰখানা স্থাপনৰ জৰিয়তে আৰম্ভ হোৱা যাত্রা বহুদূৰ আগবাঢ়ি যাব। উদ্যোগ স্থাপনৰ ক্ষেত্ৰত অসম দেশৰ এখন আগশাৰীৰ ৰাজ্যত পৰিণত হ'ব।
অসম, পশ্চিম বংগকে ধৰি সমগ্ৰ দেশজুৰি চলা একল বিদ্যালয় আন্দোলনলৈ ষ্টাৰ চিমেণ্টৰ অধ্যক্ষ সজ্জন ভজনকা প্রমুখ্যে বিষয়ববীয়াসকলে আগবঢ়োৱা বৰঙণিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই কাৰ্যৰ বাবে ভাৰত চৰকাৰে বৰ্তমান কলকাতাৰ বাসিন্দা আৰু অসমৰ তিনিচুকীয়াৰ সন্তান সজ্জন ভজনকাক পদ্মশ্রী সম্মানেৰে সন্মানিত কৰিছে। অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, সাংসদ কনাড পুৰকায়স্থ, বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ, ষ্টাৰ চিমেণ্টৰ অধ্যক্ষ সজ্জন ভজনকা প্রমুখ্যে কোম্পানীটোৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়ববীয়া আৰু গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।