ডিজিটেল ডেস্ক : অসমৰ সাংস্কৃতিক জগতলৈ পুনৰ আহিছে এক সুখবৰ। নতুন দিল্লীত যুটীয়া আন্তঃৰাষ্ট্ৰীয় চিনেমা সমাৰোহ হিচাপে অনুষ্ঠিত হোৱা ১৮সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (JIFF) ২০২৬, ৯ম নতুন দিল্লী চলচ্চিত্ৰ মহোৎসৱ (NDFF) ২০২৬ আৰু গ্ল’বেল চিনে কনফ্লুৱেন্স (GCC)–দিল্লী ফিল্ম কনভেনশ্যন এণ্ড ছামিট-২০২৬ত অসমীয়া কথাছবি ‘আদি শক্তি’য়ে তিনিটাকৈ সন্মানীয় বঁটা লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে।
যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে নতুন দিল্লীৰ ভাৰত মণ্ডপম আৰু ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত এই সমাৰোহ দেশৰ ভিতৰতে অন্যতম বৃহৎ চলচ্চিত্ৰ সমাৰোহ। এই বিশেষ মঞ্চত চলচ্চিত্ৰ নিৰ্মাতা, গৱেষক আৰু সমালোচকসকলৰ মাজত কলাত্মক ভাবৰ আদান-প্ৰদানে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে।
আইৰা ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজিত আৰু বিতোপন কাশ্যপৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি ‘আদি শক্তি’য়ে এই মহোৎসৱত লাভ কৰা বঁটাকেইটা হৈছে— শ্ৰেষ্ঠ কাহিনী চিত্ৰ (আদি শক্তি), শ্ৰেষ্ঠ মূল কাহিনী (ইন্দ্ৰাণী বৰুৱা) আৰু শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী (আৰ্শিয়া মহন্ত)।
‘আদি শক্তিয়ে’ যুগ যুগ ধৰি চলি অহা পুৰুষতান্ত্ৰিক আধিপত্য নীতি-নিয়ম আৰু পশ্চাদপসৰণশীল পৰম্পৰাক সাহস আৰু দৃঢ়তাৰে প্ৰতিহত কৰা এগৰাকী সাহসী যুৱতীৰ কাহিনী বৰ্ণনা কৰিছে।
ছবিখনত অভিনয় কৰিছে- আৰ্শিয়া মহন্ত(নৱাগতা), মঞ্জুলা বৰুৱা, ৰিনা বৰা, তপন দাস, নিৰুপম শইকীয়া, অপৰ্ণ দত্ত চৌধুৰী, জলী লস্কৰ, অসীম কৃষ্ণ বৰুৱা, অৱতোষ ভূঞা,পল্লৱী বৰা মহন্ত, প্ৰণামী ভাৰতী, উজ্জ্বল ৰাজখোৱা, ৰাজীৱ দুৱৰী, প্ৰসন্ত শালৈ, ময়ূখ শৰ্মা, ৰিমলিম ভূঞা, বৰষা দাস আৰু শিশুশিল্পী আয়ুষ মহন্ত।
এইবাৰৰ মহোৎসৱত বিশ্বৰ ৬০খনতকৈও অধিক দেশৰ ৪,০০০তকৈও অধিক চলচ্চিত্ৰৰ ভিতৰত ৬ শতাধিক ছবি প্ৰতিযোগিতামূলক শাখাত প্ৰদৰ্শিত হয়। ভাৰতৰ লগতে ইউ কে, ইটালি, ফ্ৰান্স, জাৰ্মানি, আমেৰিকা, জাপান, পাকিস্তান আৰু ইউ এ ই আদি দেশৰ প্ৰায় ১,০০০ৰো অধিক প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ১০টা বিভিন্ন শাখাত বঁটাসমূহ প্ৰদান কৰা হয়। ১০টা শাখাত মুঠ ১২খন সৰ্বশ্ৰেষ্ঠ কথাছবি এই সমাৰোহত প্ৰদৰ্শিত হয়। এই সমাৰোহে বিশ্বৰ উদীয়মান তথা অভিজ্ঞ চলচ্চিত্ৰ নিৰ্মাতাসকলক একত্ৰিত কৰি এক অনন্য সাংস্কৃতিক মিলনক্ষেত্ৰৰ সৃষ্টি কৰিবলৈ সক্ষম হয়৷
প্ৰাগ নিউজ ডিজিটেল