অসমীয়া বোলছবি 'খোজে খোজে জীৱন'ৰ মহুৰত, চলচ্চিত্ৰপ্ৰেমীৰ বাবে সুখবৰ

dainik janambhumi July 02, 2026

ডিজিটেল ডেস্ক : অসমীয়া চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে সুখবৰ। ৰাজ্যজুৰি দর্শকসকলে অসমীয়া কথাছবি আদৰি লোৱাৰ সময়তে কালি যোৰহাটত এখন নতুন অসমীয়া চলচ্চিত্ৰৰ শুভ মহুৰত হয়। ৰূপালী পৰ্দাৰ নতুন বোলছবিখন হৈছে 'খোজে খোজে জীৱন'। 'দূৰণিৰ নিৰলা পঁজা'খ্যাত বোলছবি পৰিচালক ধ্ৰুৱজ্যোতি বৰদলৈয়ে পৰিচালনা, চিত্রনাট্য আৰু সম্পাদনা কৰিব লগীয়া অসমীয়া চলচ্চিত্ৰখন যোৰহাটৰ উপকণ্ঠৰ চাৰিগাঁৱৰ পঞ্চৱতীৰ দিলীপ কুমাৰ বৰুৱাৰ বাসগৃহত মহুৰত কাৰ্য সফলতাৰে সম্পন্ন হয়। প্রথমে মাংগলিক আৰাধনাৰে ধূপ-প্রদীপ প্রজ্বলন কৰাৰ পাছতে কেমেৰাত মাল্যার্পণ কৰে বয়োজ্যেষ্ঠা ইলা বৰুৱা আৰু মিনা বৰুৱাই। ইয়াৰ পাছতে কেমেৰাত গামোচা পৰিধান কৰে নীলিমা বৰুৱাই। অনুষ্ঠানটোত ইলা বৰুৱাই প্ৰথম ক্লেপষ্টিক দি চিনেমাখনৰ দৃশ্য গ্ৰহণৰ কাম শুভাৰম্ভ কৰে।কালিৰ অনুষ্ঠানটোত চলচ্চিত্ৰখনৰ তিনিগৰাকী প্রযোজক বিশিষ্ট চিকিৎসকদ্বয় ডাঃ জয়ন্ত দাস, ডাঃ অনিমেষ বৰুৱা আৰু বিশিষ্ট ব্যৱসায়ী ৰোমান বৰদলৈৰ লগতে যোৰহাটৰ বহুকেইগৰাকী অভিনেতা-অভিনেত্রী, কলা-কুশলীয়ে অংশ গ্রহণ কৰে। 

ৰোমান বৰদলৈয়ে নাৰিকল ভাঙি মাংগলিক কার্য সমাধা কৰে। শুভ মহুৰত অনুষ্ঠানটোত প্রযোজক ডাঃ জয়ন্ত দাস, ছবিখনৰ পৰিচালক ধ্ৰুৱজ্যোতি বৰদলৈয়ে বোলছবিখনৰ সম্পৰ্কে সদৰী কৰে। ভিজন ক্রিয়েশ্যনছ আৰু পিক্সেলৰে ফিল্মৰ বেনাৰত নিৰ্মাণ হ'ব লগীয়া 'খোজে খোজে জীৱন'ত অভিনয় কৰিব মিন্টু বৰুৱা, ডাঃ জয়ন্ত দাস, মৃদুপৱন পৰাশৰ, নীলাক্ষি হাজৰিকা, শিল্পী শিখাকে ধৰি ন-পুৰণি বহুকেইগৰাকী শিল্পীয়ে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী দেৱজিৎ গায়নৰ শব্দ সংমিশ্ৰণ আৰু জচি শইকীয়াৰ চিত্ৰ গ্রহণেৰে সমৃদ্ধ হ'ব ছবিখন। বিশ্রুত শইকীয়াৰ সংগীতেৰে ছবিখনে পুৰণিসুৰীয়া অনুভৱটোক নতুন মাত্ৰা প্ৰদান কৰিব। উল্লেখযোগ্য যে পৰিচালক ধ্ৰুৱজ্যোতি বৰদলৈৰ পূৰ্বৰ বোলছবি 'দূৰণিৰ নিৰলা পঁজা'ৰ পাপনৰ কণ্ঠত নিগৰোৱা গান খোজে খোজে জীৱনৰ আধাৰতে এই নতুন বোলছবিখন নামকৰণ কৰা হৈছে। এই গানটোৱে সুৰৰ মাধ্যমেৰে যি প্রশ্ন তুলিছিল, এইবাৰ তাকেই এক সম্পূর্ণ কাহিনীৰ ৰূপত তুলি ধৰাৰ চেষ্টা কৰিছে। মনৰ অনুভৱক মুক্তভাৱে প্ৰকাশ কৰাৰ সংগ্ৰামক লৈয়ে বোলছবিখনৰ মূল কাহিনীটো আগবাঢ়িছে। 

ছবিখন ২০২৭ বৰ্ষৰ মে' মাহত ছবিগৃহলৈ অহাৰ সম্ভাৱনা আছে। কালিৰ অনুষ্ঠানটোত চিত্রগ্রহণ কৰিব লগীয়া বাসগৃহৰ ১০১ বছৰীয়া বয়োজ্যেষ্ঠা মহিলা মাকণ বৰুৱাক গামোচাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানটোত সংগীত শিল্পী জয়ন্ত নাথ, অভিনেত্রী গীতাৱলী ৰাজকুমাৰী, পৱিত্ৰ বৰুৱা, সুৰজিৎ শৰ্মা, বিপ্লৱ বৰুৱা, মানসজ্যোতি বৰাকে (বুবু) ধৰি অভিনেতা-অভিনেত্রী, সমাজকর্মীসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে ছবিখনৰ দৃশ্যগ্রহণ হ'ব যোৰহাটৰ বিভিন্ন লোকেশ্যনত।

Share This