ইউক্রেইনৰ ৰাজধানীত ১৮জন নিহত, ৰাছিয়াৰ মিছাইল-ড্ৰ'ন আক্রমণ

dainik janambhumi July 07, 2026

ডিজিটেল ডেস্ক : দেওবাৰে পিছ নিশাৰ পৰা সোমবাৰে পুৱালৈ ইউক্রেইনৰ ৰাজধানী কীভত ৰাছিয়াই ড্ৰ'নেৰে কৰা আক্রমণত ১৮জন লোকৰ মৃত্যু হয়। স্থানীয় প্রশাসনে এই কথা জনায়। ইউক্রেইনৰ 'পেট্রিয়ট' নামৰ ইণ্টাৰচেপ্ট মিছাই লৰ নাটনিৰ বাবেই ৰাছিয়াই নিক্ষেপ কৰা সকলো মিছাইলে লক্ষ্যত আঘাত কৰে। 

বৃহৎ পৰিসৰৰ আক্ৰমণ আসন্ন বুলি ইউক্রেইনৰ ৰাষ্ট্ৰপতিয়ে সতৰ্ক কৰি দিয়াৰ কেইঘণ্টামানৰ ভিতৰতে ৰাছিয়াই আক্রমণ কৰে। স্থানীয় প্রশাসনৰ মতে, এই আক্রমণত ৬০জন লোক আহত হয়। ইফালে জৰুৰী ব্যৱস্থাপনাৰ কৰ্মীসকলে প্রত্যক্ষ আঘাত পোৱা দুঠাইত ওখ ওখ ভৱনবোৰৰ ধ্বংসাৱশেষৰ মাজত জীৱিত লোকৰ সন্ধান কৰি আছে। 

উল্লেখযোগ্য যে ইয়াৰ আগতে যোৱা বৃহস্পতিবাৰে ইউক্রেইনত ৰাছিয়াই কৰা আক্রমণত ৩১জন লোকৰ মৃত্যু হৈছিল। সেইটো আক্রমণ আছিল এই বছৰত ইউক্রেইনৰ ৰাজধানীক লক্ষ্য কৰি হোৱা আটাইতকৈ মাৰাত্মক আক্ৰমণ।

Share This