চাৰিঘৰীয়াত ৰূপায়ণ কৰিব পৰীক্ষামূলক আঁচনি, অষ্ট্ৰেলিয়াৰ অৰ্থ সাহায্যত মাজুলীৰ খহনীয়া ৰোধৰ পদক্ষেপ

dainik janambhumi July 15, 2026

ডিজিটেল ডেস্ক : মাজুলীৰ অস্তিত্বৰ প্ৰতি দীর্ঘদিন ধৰি ভাবুকি কঢ়িয়াই অনা গৰাখহনীয়াৰ সমস্যাই এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব লাভ কৰিছে। মাজুলীৰ এই জটিল সমস্যাক প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এক আশাপ্রদ পদক্ষেপ গ্রহণ কৰিব অষ্ট্ৰেলিয়া চৰকাৰে। 

জানিব পৰা মতে, অষ্ট্ৰেলিয়া চৰকাৰৰ অৰ্থসাহায্যত নামনি মাজুলীৰ চাৰিঘৰীয়াত পৰীক্ষামূলকভাৱে (Pilot Project) আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ অধীনত কেৱল গৰাখহনীয়াই প্ৰতিৰোধ কৰা নহয়, বৰঞ্চ অঞ্চলটোক এক আর্হি 'স্মার্ট ভিলেজ' হিচাপেও গঢ়ি তোলা হ'ব। এই পাইলট প্রজেক্টটোৰ কাম-কাজ পর্যবেক্ষণ আৰু ৰূপায়ণৰ বাবে ইতিমধ্যে নামনি মাজুলীৰ চাৰিঘৰীয়া অঞ্চলত অলপতে উপস্থিত হয় অষ্ট্ৰেলিয়াৰ মেলব'র্ন বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অসম সন্তান ড° হেমন্ত দলৈ আৰু গুৱাহাটী আই আই টিৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী প্ৰণৱ শৰ্মা। অধ্যাপক হেমন্ত দলৈয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, অষ্ট্ৰেলিয়া চৰকাৰৰ পুঁজিৰ জৰিয়তে মেলব'র্ন বিশ্ববিদ্যালয়ে এই সমগ্ৰ প্ৰকল্পটো পৰিচালনা কৰিব। ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া ৰোধ কৰিবলৈ কোনো কৃত্রিম বা কংক্রিটৰ বান্ধৰ পৰিৱৰ্তে সম্পূর্ণ প্রাকৃতিক পদ্ধতি অৱলম্বন কৰা হ'ব। এই জৈৱিক প্ৰযুক্তিৰ প্ৰথম পৰ্যায়ত নদীৰ পাৰৰ ৫০০ মিটাৰ দৈৰ্ঘ্যৰ এক অঞ্চলজুৰি প্ৰায় ২০ হাজাৰ থলুৱা প্ৰজাতিৰ গছৰ পুলি ৰোপণ কৰা হ'ব। এই গছসমূহৰ শিপাই নদীৰ পাৰৰ মাটিক খামুচি ধৰি খহনীয়া প্ৰতিৰোধত প্রাকৃতিক প্রাচীৰ হিচাপে কাম কৰিব। ইয়াৰ সমান্তৰালভাৱে স্থানীয় লোকসকলৰ অর্থনৈতিক আৰু সামাজিক উত্তৰণৰ বাবে গাঁওখনক 'স্মার্ট ভিলেজ' হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। 

উল্লেখযোগ্য যে প্রায় চাৰি বছৰৰ পূৰ্বে গুৱাহাটী আই আই টিয়েও নামনি মাজুলীৰ চাৰিঘৰীয়াতে খহনীয়া প্ৰতিৰোধৰ এক পৰীক্ষামূলক প্রকল্প সফলতাৰে ৰূপায়ণ কৰিছিল। আই আই টিৰ উক্ত সফল আঁচনিখনৰ কাষতে এতিয়া অষ্ট্ৰেলিয়া চৰকাৰৰ এই নতুন প্রকল্পটো ৰূপায়ণ কৰা হ'ব, যাৰ ফলত পুৰণি আৰু নতুন প্ৰযুক্তিৰ এক সমাহাৰ দেখিবলৈ পোৱা যাব। মাজুলীক স্থায়ী সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে অষ্ট্ৰেলিয়া চৰকাৰে গ্ৰহণ কৰা উক্ত পদক্ষেপক লৈ সন্তুষ্টি প্রকাশ কৰিছে মাজুলীবাসীয়ে। 

অহা নৱেম্বৰ মাহত অষ্ট্ৰেলিয়া চৰকাৰৰ এক প্রতিনিধি দলে এই পাইলট প্রজেক্টৰ অগ্রগতি আৰু কাৰ্যকাৰিতা পৰিদৰ্শন কৰিবলৈ মাজুলীত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে। এই আন্তঃৰাষ্ট্ৰীয় পদক্ষেপে মাজুলীৰ খহনীয়া সমস্যাক স্থায়ীভাৱে সমাধান কৰাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি এতিয়া আশাবাদী হৈ পৰিছে নদীদ্বীপটোৰ খহনীয়াগ্রস্ত ৰাইজ।

Share This