পৰিৱেশ প্ৰদূষণৰ বাবে ৩.৫ বছৰ হ্ৰাস ভাৰতীয়ৰ গড় আয়ুস

dainik janambhumi August 29, 2025

ডিজিটেল ডেস্কঃ ৯.৪ মাহ বেছিকৈ জীয়াই থাকিব, যদিহে বায়ুৰ মান বিশ্বৰ মানৰ সৈতে একে হয়। এখন প্রতিবেদনত এই কথা প্রকাশ পাইছে। আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ৰ এনার্জি পলিচি ইনষ্টিটিউটৰ প্ৰতিবেদন (এপিক ২০২৫)-ত কোৱা হৈছে যে ২০২২ চনতকৈ ২০২৩ চনত ভাৰতত পি এম ২.৫ (২.৫ বা তাতকৈ সৰু কণা)-ৰ গাঢ়তা বেছি। এই স্তৰ হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ নির্দেশিকাতকৈ ৮ গুণ বেছি। 

প্রতিবেদনখনৰ মতে ইয়াৰ ফলত ভাৰতীয়ৰ গড় আয়ুস ৩.৫ বছৰ হ্রাস পাইছে। বিশ্ব স্বাস্থ্য সংস্থাই ২০২১ চনত প্রকাশ কৰা বায়ু মান নির্দেশিকাৰ মতে পি এম ২.৫-ৰ বাৰ্ষিক গড় সীমা হৈছে প্রতি ঘনমিটাৰত ৫ মাইক্র'গ্রাম, আনহাতে পি এম ১০-ৰ বাবে প্রতি ঘনমিটাৰত ১৫ মাইক্র'গ্রাম। কিন্তু ভাৰতে নিজে নিৰ্ধাৰণ কৰা মান হৈছে পি এম ২.৫-ৰ ৪০ মাইক্র'গ্রাম, আনহাতে পি এম ১০-ৰ বাবে প্রতি ৬০ মাইক্র'গ্রাম। এই প্রতিবেদনত কোৱা হৈছে যে ভাৰত ৪৬ শতাংশ লোক এনে অঞ্চলত বাস কৰে য'ত বার্ষিক পি এম ২.৫ স্তৰে ৰাষ্ট্ৰীয় মান প্রতি ঘনমিটাৰত ৪০ মাইক্র'গ্রাম অতিক্ৰম কৰে। 

এই মানৰক্ষা কৰিলেও এই অঞ্চলবোৰৰ বাসিন্দাৰ আয়ুস ১.৫ বছৰকৈ বৃদ্ধি পাব। ৫৪.৪৪ কোটি বা দেশৰ ৩৮.৯ শতাংশ লোক বাস কৰা দেশৰ আটাইতকৈ প্ৰদূষিত উত্তৰ ভাৰতত যদি কণাৰ গাঢ়তা বিশ্ব স্বাস্থ্য সংস্থাৰ মান অনুসৰি হয় তেন্তে উক্ত অঞ্চলৰ বাসিন্দাৰ আয়ুস ৫ বছৰ বৃদ্ধি পাব। আনহাতে আটাইতকৈ প্ৰদূষিত মহানগৰ দেশৰ ৰাজধানী দিল্লীত বৃদ্ধি পাব ৮.২ বছৰ। তেনেদৰে ৰাজস্থান, মধ্যপ্রদেশ আৰু মহাৰাষ্ট্ৰত আয়ুস বৃদ্ধি পাব ক্রমে ৩.৩, ৩.১ আৰু ২.৮ বছৰ।

Share This