বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ 'জেউতি মৰল ৰত্ন' বঁটা

dainik janambhumi June 10, 2026

ডিজিটেল ডেস্ক : উজনি অসমৰ অন্যতম সামাজিক-সাংস্কৃতিক আৰু ক্রীড়ানুষ্ঠান জেউতি মৰল সংঘৰ উদ্যোগত অহা ১৪ জুনত বিয়লি ৩ বজাত জেউতি মৰল সংঘৰ প্ৰাংগণত যশস্বী অভিনেতা বিষ্ণু খাৰঘৰীয়াক সুৰেন্দ্ৰ নাথ বর্মন
সোঁৱৰণী 'জেউতি মৰল ৰত্ন' বঁটা আগবঢ়োৱা হ'ব। 

উল্লেখযোগ্য যে জেউতি মৰল সংঘ আৰু বৰ্মনৰ পৰিয়ালবৰ্গই প্ৰতি বছৰে সামাজিক, সাংস্কৃতিক, সাহিত্য, উদ্যোগ, বাণিজ্য আদিত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিবিশেষক এই বঁটাৰে সন্মানিত কৰাৰ পৰিকল্পনা কৰিছে। এইটো বৰ্ষত প্রথিতযশা অভিনেতা বিষ্ণু খাৰঘৰীয়াক এই বঁটা প্ৰদান কৰিবলৈ বাছনি কৰা হৈছে। 

স্বনামধন্য অভিনেতাজনক মূল বঁটাৰ লগতে এক বুজন পৰিমাণৰ ধনৰ চে'ক প্ৰদান কৰা হ'ব। উদ্যোক্তাসকলৰ হৈ জেউতি মৰল সংঘৰ সভাপতি মনোজ কুমাৰ বৰুৱা, সম্পাদক দেৱজিৎ বুঢ়াগোহাঁই আৰু পৰিয়ালৰ পৰা অধিবক্তা সুব্রত বর্মনে সকলোৰে সহযোগিতা আৰু উপস্থিতি একান্তভাৱে কামনা কৰিছে।

Share This