ডিজিটেল ডেস্ক : বে-চৰকাৰী সংস্থা 'সাহসী'য়ে নৱম বার্ষিক প্রতিষ্ঠা দিৱস কালি পালন কৰাৰ লগতে সাহসী বঁটা প্ৰদান কৰে ৰঙিয়াৰ প্ৰাগ নিউজ আৰু দৈনিক জনমভূমিৰ সাংবাদিক মহেন্দ্র কলিতাক।
শংকৰদেৱ কলাক্ষেত্ৰৰ নীলমণি ফুকন প্রেক্ষাগৃহত আয়োজন কৰা সভাত মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই বঁটা প্ৰদান কৰে। ধৰ্ম কান্ত গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত সাংবাদিক প্ৰণয়ন বৰদলৈসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
আনহাতে, অনুষ্ঠানত ৰঙিয়াৰ কেকোহাটি ৭২নং নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক মিলন কুমাৰ ডেকাক এই সাহসী বঁটা প্ৰদান কৰে।