ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰক বিশেষ মর্যাদা দিয়া অনুচ্ছেদ ৩৭০ক প্রত্যাহাৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্রতি সমর্থন দিয়াকে ধৰি বহুকেইটা ঐতিহাসিক ৰায় দিয়া পীঠত থকা ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গৱয়ে বুধবাৰে ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপত গ্রহণ কৰে। ৬৪ বছৰীয়া গৱইক ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্র মণ্ডপত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে শপত বাক্য পাঠ কৰায়।
উল্লেখযোগ্য যে মঙলবাৰে ৬৫ বছৰ বয়সত সঞ্জীৱ খান্নাই ভাৰতৰ মুখ্য ন্যায়াধীশ (চি জে আই) পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত কালি গৱয়ে চি জে আইৰূপে শপত গ্ৰহণ কৰে। ২০১৯ চনৰ ২৪ মে'ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদলৈ পদোন্নতি লাভ কৰা চি জে আই গৱয়ে মাত্র ছমাহ সময়হে এই পদত কার্যনির্বাহ কৰিব। এই বছৰৰে ২৩ নৱেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিব। হিন্দীতে শপত গ্ৰহণ কৰাৰ কিছু সময়ৰ পাছতে চি জে আই গৱয়ে তেওঁৰ মাতৃ কমল তাঈ গৱইৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ বিচাৰে। গৱয়ে শপত গ্ৰহণ কৰাৰ পাছত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী, বৰ্তমানৰ আৰু প্ৰাক্তন ন্যায়াধীশসকলে শুভেচ্ছা জনায়।
শপত গ্রহণ অনুষ্ঠানত প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, জে পি নড্ডা আৰু অর্জুন ৰাম মেঘৱালো উপস্থিত আছিল। ১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ অমৰাৱতীত জন্মগ্রহণ কৰা ন্যায়াধীশ গৱয়ে ২০০৩ চনৰ ১৪ নৱেম্বৰত বোম্বাই উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ পদত অধিষ্ঠিত হৈছিল। ২০০৫ চনৰ ১২ নৱেম্বৰত তেওঁ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হয়। উল্লেখযোগ্য যে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰত কেন্দ্ৰীয় চৰকাৰক সমর্থন জনোৱা, ইলেক্টৰেল ব'ণ্ড আঁচনি বাতিল কৰা, ২০১৬ চনৰ ১০০০ আৰু ৫০০ টকীয়া ন'ট বিমুদ্ৰাকৰণৰ অনুমোদনত সমর্থন জনোৱা উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া ন্যায়াধীশৰ সাংবিধানিক পীঠৰ চি জে আই গৱই অংশ আছিল।