বিন্নাকান্দিত যুঁজিব বদৰুদ্দিন আজমলে

dainik janambhumi March 18, 2026

ডিজিটেল ডেস্ক : সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্রিক মর্চা অর্থাৎ এ আই ইউ ডি এফ দলে কালি দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। হোজাইত দলটোৰ সভাপতি বদৰুদ্দিন আজমলে ১২জনীয়া তালিকাখন ঘোষণা কৰে। ঘোষিত তালিকা অনুসৰি ৬২ নম্বৰ বিন্নাকান্দি সমষ্টিৰ পৰা দলটোৰ সভাপতি বদৰুদ্দিন আজমলে নিজে প্রতিদ্বন্দ্বিতা কৰিব। ১৪ নম্বৰ গোৱালপাৰা পূব সমষ্টিত হাফিজ বছিৰ আহমেদ, ৮ নম্বৰ ধুবুৰী সমষ্টিৰ পৰা বৰ্তমানৰ বিধায়ক নজৰুল হক, ৫১ নম্বৰ দলগাঁও সমষ্টিত বৰ্তমানৰ বিধায়ক মজিবুৰ ৰহমান, ২৩ নম্বৰ চেঙা সমষ্টিৰ পৰা পুনৰবাৰ নিৰ্বাচন খেলিব আশ্রাফুল হুছেইনে, ৫৮ নং চামগুৰি সমষ্টিত প্রাক্তন আমছু নেতা আব্দুল আজিজ, ১২৪ নম্বৰ দক্ষিণ কৰিমগঞ্জত শিহাব উদ্দিন, ২৭ নম্বৰ চমৰীয়া সমষ্টিত ইমদাদ হুছেইন আৰু ৬ নম্বৰ গোলকগঞ্জ সমষ্টিত জামছেৰ তালুকদাৰক প্রার্থিত্ব দিয়া হৈছে।

আনহাতে ২০ নম্বৰ বিজনী সমষ্টিত মুচুকা বসুমতাৰী, ৬১ নম্বৰ ৰহা সমষ্টিত মুকুট দাস আৰু ১২৬ নম্বৰ ৰামকৃষ্ণ নগৰ সমষ্টিত ড° অনুপ কুমাৰ দাস তালুকদাৰক প্ৰাৰ্থিত্ব প্রদান কৰা হৈছে। এই লৈ মুঠ ২২টা সমষ্টিত প্রার্থী ঘোষণা কৰিছে এ আই ইউ ডি এফ দলে। প্রথমখন তালিকাত ১০জন আৰু দ্বিতীয়খন তালিকাত ১২জন প্ৰাৰ্থীৰ নাম প্রকাশ কৰা হয়। বদৰুদ্দিন আজমলে সংবাদ মাধ্যমক জনোৱা মতে তৃতীয়খন তালিকাত বাকী সমষ্টিসমূহৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ব। এ আই ইউ ডি এফৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা ২৫ বা ২৬ জনতে সীমাবদ্ধ থাকিব বুলি জনায় আজমলে। ইফালে প্রার্থীৰ তালিকা ঘোষণা কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে বদৰুদ্দিন আজমল। তেওঁ কয় যে কংগ্ৰেছে ৰাজ্য সভাত বিজেপিক ৱাক অ'ভাৰ দিছে। এ আই ইউ ডি এফৰ মাত্ৰ এজন নেতা বিজেপিলৈ গৈছে, তাতে কংগ্রেছে আমাক বিজেপিৰ বি টীম বুলি কয়।


কিন্তু ভূপেন বৰাসহ ৮/৯ গৰাকী কংগ্ৰেছী বিজেপিলৈ গৈছে। এতিয়া কংগ্রেছ কি বিজেপিৰ এ টীম নহ'ব নেকি? আজমলৰ অভিযোগ- হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ বাবে অসমত এক ভয়ংকৰ ৰাজনৈতিক অস্থিৰতা আহিব পাৰে আৰু অহা দিনবোৰত অসমৰ মুছলমানসকল হয়তো এ আই ইউ ডি এফমুখী হৈ পৰিব, নহ'লে কংগ্রেছমুখী হ'ব। আমাৰ অসুবিধা নাই, আমি আমাৰ সংগ্ৰাম কৰি যাম। কিন্তু মুছলমানসকল যদি কংগ্ৰেছমুখী হৈ পৰে তেন্তে কংগ্ৰেছ দল এদিন মুছলিম লীগ হৈ পৰিব। ইফালে অসম জাতীয় পৰিষদে বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰীক প্ৰক্ষেপ কৰাত ৰেহান উদ্দিনৰ লগত কংগ্ৰেছে যথেষ্ট অন্যায় কৰিছে বুলি কয়। বিন্নাকান্দিৰ কংগ্ৰেছীসকলক সমবেদনা জনায় আজমলে।

Share This