ফটোগ্ৰাফাৰ হাফিজ আহমেদৰ আলোকচিত্রলৈ আন্তর্জাতিক স্বীকৃতি, বি বি চিৰ বৰ্ষটোৰ সৰ্বশ্রেষ্ঠ ছবিৰ তালিকাত স্থান লাভ বাগুৰুম্বা নৃত্যৰ

dainik janambhumi June 07, 2026

ডিজিটেল ডেস্ক : বিশ্বৰ সন্মানীয় সংবাদ প্রতিষ্ঠান বি বি চিৰ বৰ্ষটোৰ (২০২৬) সর্বশ্রেষ্ঠ তথা আটাইতকৈ দৃষ্টিনন্দন ছবিৰ তালিকাত স্থান লাভ কৰিছে অসমৰ ঐতিহ্যবাহী বাগুৰুম্বা নৃত্যৰ এক আকর্ষণীয় দৃশ্যই। ই কেৱল বড়ো সম্প্রদায়ৰে নহয়, সমগ্ৰ অসমৰ বাবেই এক বিৰল গৌৰৱৰ বিষয়। বি বি চিৰ বিশ্বৰ ৯খন আটাইতকৈ আকর্ষণীয় দৃশ্যৰ তালিকাত এই ছবিখনে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই অনন্য স্বীকৃতিয়ে বিশ্বৰ মঞ্চত অসমৰ চহকী সংস্কৃতিক পুনৰবাৰ উজলাই তুলিলে। 

উল্লেখযোগ্য যে অসম চৰকাৰে গুৱাহাটীত আয়োজন কৰা বাগুৰুম্বা দ'হৌ শীর্ষক অনুষ্ঠানত অংশ লোৱা শিল্পীসকলৰ এক দৃষ্টিনন্দন মুহূৰ্তৰ দৃশ্য কেমেৰাত আবদ্ধ কৰিছিল ফটোগ্ৰাফাৰ হাফিজ আহমেদে। ফটোগ্রাফাৰ হাফিজ আহমেদে তোলা এই আলোকচিত্রখনেই ২০২৬ বৰ্ষৰ বাবে বি বি চিয়ে শ্রেষ্ঠ আলোকচিত্র হিচাপে নিৰ্বাচন কৰা ৯খন আলোকচিত্ৰৰ ভিতৰত দ্বিতীয় স্থানেৰে আন্তর্জাতিক সন্মান লাভ কৰিবলৈ সক্ষম হয়। 

উল্লেখযোগ্য যে বি বি চিৰ দৰে এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্রতিষ্ঠানে হাফিজ আহমেদৰ আলোকচিত্ৰ ২০২৬ চনৰ বৰ্ষশ্রেষ্ঠ আলোকচিত্ৰৰ মাজত স্থান দিয়াত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ভূয়সী প্রশংসা কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমত অফিচিয়েল পেজত হাফিজ আহমেদৰ কেমেৰাত তোলা এই আলোকচিত্রখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ দ্বাৰা গুৱাহাটীত আয়োজিত বাগুৰুম্বা দ'হৌ অনুষ্ঠানটি সুন্দৰকৈ প্রতিফলিত কৰাৰ লগতে ছবিখনে অসমৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে বড়ো সমাজৰ সমৃদ্ধ পৰম্পৰাক বিশ্ব মঞ্চত উজলাই তুলিছে বুলি উল্লেখ কৰে। ইফালে এই স্বীকৃতিৰ পাছতে ফটোগ্ৰাফাৰ হাফিজ আহমেদেও এয়া মোৰ বাবে অপ্রত্যাশিত স্বীকৃতি বুলি মন্তব্য কৰে।

Share This