বাহি ৰুটীয়েও কৰিব পাৰে ঔষধৰ কাম 

Jyoti Borah September 05, 2023

ডিজিটেল ডেস্কঃ সাধাৰণতে আগদিনা খোৱাৰ পাছত থাকি যোৱা ৰুটি পিছদিনা বাহি হোৱা বুলি পেলাই দিয়া হয় অথবা জন্তু বা চৰাই-চিৰিকটিক খাবলৈ দিয়া হয়৷ কিন্তু কিছুমান মানুহে বাহি ৰুটী পেলাই নিদিয়ে৷ পিছদিনা আগদিনাৰ ৰুটী গাখীৰৰ লগত খায়৷ 

কিন্তু বাহি ৰুটী খালে বিভিন্ন ধৰণৰ উপকাৰ হ’ব পাৰে৷ আনকি কিছুমান ৰোগৰ পৰাও সকাহ দিব পাৰে, যিটো কাম ঔষধেও কৰিব নোৱাৰে৷ পুৱা বাহি ৰুটী ঠাণ্ডা গাখীৰৰ সৈতে খোৱাটো উচ্ছ ৰক্তচাপত ভোগাসকলৰ বাবে লাভজনক হ’ব পাৰে৷ খাদ্য বিশেষজ্ঞসকলৰ মতে, পুৱা ঠাণ্ডা গাখীৰ খালে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় হয়৷ আনসকলে ভাজিৰ সৈতেও বাহি ৰnটী খাব পাৰে৷ আনহাতে বহুমূত্ৰ ৰোগত ভোগাসকলৰ বাবেও বাহি ৰুটী খোৱাটো উপকাৰী বুলি কোৱা হয়৷

 খাদ্য বিশেষজ্ঞসকলে বহুমূত্ৰ ৰোগীক পুৱা খালী পেটত ঠাণ্ডা গাখীৰৰ সৈতে আগদিনাৰ ৰুটী খাবলৈ পৰামৰ্শ দিছে৷ ইয়াৰ উপৰি বাহি ৰুটীয়ে মেদ কমোৱাটো সহায় কৰে৷ আনহাতে আমাৰ পেটত স্বাস্থ্যৰ বাবে উপকাৰী অসংখ্য বেক্টেৰিয়া আছে৷ ই খাদ্য সামগ্ৰী হজম কৰাতো সহায় কৰে৷ বাহি ৰুটীয়ে পেটত থকা এনে বেক্টেৰিয়া বৃদ্ধিতো সহায় কৰে৷ ইয়াৰ ফলত গেছ, কোষ্ঠকাঠিন্যত ভোগাসকলৰ লগতে পেটৰ অসুখত ভোগাসকলে সকাহ পাব পাৰে৷

 ইমানখিনি গুণ থকা বাহি ৰুটীয়ে পুৱাৰ খাদ্য প্ৰস্তুত কৰোঁতে লগা সময়ো ৰাহি কৰিব৷
 

Share This