ডিজিটেল ডেস্কঃ বাংলাদেশত হিন্দুকে ধৰি সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ অব্যাহত থকাৰ মাজতে প্রকাশ পাইছে এক উদ্বেগজনক তথ্য। দেশখনৰ আৱামী লীগ চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই পলায়ন কৰিব লগীয়া হোৱা ৰাজনৈতিক অস্থিৰতা শীৰ্ষত উঠা যোৱা বছৰৰ ৪ আগষ্টৰ পৰা ৩৩০ দিনত দেশখনত সংঘটিত হৈছে ২,৪৪২টা সাম্প্রদায়িক হিংসাৰ ঘটনা।
সংখ্যালঘু অধিকাৰৰ হকে মাতমতা বাংলাদেশৰ এটা সংগঠনে বৃহস্পতিবাৰে এই কথা জনায়। ঢাকাৰ নেশ্যনেল প্ৰেছ ক্লাবত এখন সংবাদমেলত প্ৰকাশ কৰা বিবৃতিত বাংলাদেশ হিন্দু, বৌদ্ধ, খ্রীষ্টান ঐক্য পৰিষদে কয়, 'এই হিংসাত্মক ঘটনাৰ বেছিভাগেই সংঘটিত হৈছিল ৪ আৰু ২০ আগষ্টৰ মাজত।' বিবৃতিটোত কোৱা হয় যে ২০২৪ চনৰ ৪ আগষ্টৰ পৰা ৩৩০ দিনৰ ভিতৰত সংখ্যলঘু সম্প্ৰদায়ৰ বিৰুদ্ধে ২,৪৪২টা সাম্প্রদায়িক হিংসাৰ ঘটনা সংঘটিত হয়।
এই হিংসাত্মক ঘটনাৰ ভিতৰত আছে হত্যা, গণধর্ষণ, যৌন আতিশয্য, ধর্মীয় উপাসনাস্থলত আক্ৰমণ, ঘৰ আৰু ব্যৱসায় দখল কৰা, ধৰ্মৰ অপমানৰ অভিযোগত গ্ৰেপ্তাৰ আৰু সংগঠনবোৰৰ পৰা সংখ্যালঘুক বলেৰে আঁতৰ কৰা। বিবৃতিৰ মতে ইয়াত পীড়িতসকলৰ ভিতৰত আছে সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ, মহিলা আৰু কিশোৰ-কিশোৰী। ঐক্য পৰিষদে আৰু কয় যে দেশখনৰ অন্তৰ্বর্তী চৰকাৰেও এনে ঘটনাসমূহক 'ৰাজনৈতিকভাবে উদ্দেশ্যপ্রণোদিত' বুলি 'অস্বীকাৰ' কৰি আহিছে। ফলত এই সংখ্যালঘু লোকসকলে লাভ কৰা নাই ন্যায়। উল্লেখযোগ্য যে ২০২২ চনৰ পিয়লৰ মতে দেশখনত ৭.৯৫ শতাংশ জনসংখ্যাৰে হিন্দু হৈছে বৃহত্তম সংখ্যালঘু সম্প্রদায়। ইয়াৰ পাছতে আছে বৌদ্ধ (০.৬১ শতাংশ), খ্রীষ্টান (০.৩০ শতাংশ) আৰু অন্যান্যসকল (০.১২ শতাংশ)।