ছানী দেওলৰ বঙলা নিলামৰ জাননী বাতিল কৰিলে বেংকে 

Jyoti Borah August 22, 2023

ডিজিটেল ডেস্কঃ পৰিশোধ নকৰা ঋণ পুনৰুদ্ধাৰৰ বাবে মুম্বাইত থকা বঙলা নিলাম হোৱাৰ সম্ভৱনা দেখি, বলিউডৰ অভিনেতা ছানী দেওলে সকলো বকেয়া ধন আদায় দি ঋণটো নিষ্পত্তি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ঋণদাতা বেংক অব্‌ বৰোদাই সম্পত্তিটোৰ নিলাম প্ৰক্ৰিয়া বাতিল কৰিছে৷ বেংকটোৱে ২১ তাৰিখে এটা বিবৃতিত কয় যে বৰ্তমান বিজেপিৰ সাংসদ তথা অভিনেতা ছানী দেওলে ঋণ নিষ্পত্তি কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ এঘণ্টাৰ পাছতে বঙলাটো নিলাম কৰা ৰাজহুৱা জাননী প্ৰত্যাহাৰ কৰা হয়৷ অৱশ্যে পুনৰুদ্ধাৰ কৰিবলগা মুঠ দেনাৰ পৰিমাণ এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই৷ দেওলে ২০২২ চনৰ ডিচেম্বৰৰ পৰা এতিয়ালৈকে বেংকটোক মূল, সুত আৰু জৰিমনাসহ ৫৫.৯৯ কোটি টকা দিবলগীয়া হৈ আছে৷ সেয়ে জুহুত থকা তেওঁৰ ছান্নী ভিলা নামৰ বঙলাটো নিলাম কৰা হ’ব বুলি কালি বেংকে জাননী দিছিল৷
 

Share This