ডিজিটেল ডেস্ক : গ্ৰীষ্মৰ প্ৰচণ্ড উত্তাপ আৰু যান্ত্রিক জীৱনৰ কোলাহলৰ পৰা আঁতৰি ক্ষণিক প্রশান্তিৰ সন্ধান কৰা লোকসকলৰ বাবে দক্ষিণ কামৰূপৰ এক বিশেষ অঞ্চল বৰ্তমান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ ৬০ কিল'মিটাৰ নিলগত, পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তত অৱস্থিত বাৰেগাঁও জলপ্রপাত আৰু ৰাণীখামাৰৰ নৈসর্গিক সৌন্দর্যই এতিয়া ৰাজ্যৰ লগতে বহিঃৰাজ্যৰো অগণন প্রকৃতিপ্রেমী তথা পর্যটকক হাতবাউলি মাতিছে।
ঐতিহাসিক আৰু কিংবদন্তিৰ সোণালী স্মৃতি বুকুত কঢ়িয়াই নিয়া বিখ্যাত চানডুবি বিলৰ পাৰে পাৰে কেইকিল'মিটাৰমান আগুৱাই গ'লেই পোৱা যায় এই মনোৰম বাৰেগাঁও আৰু ইয়াৰ সংলগ্ন ৰাণীখামাৰ অঞ্চল। মেঘালয়ৰ ওখ-পাখ পাহাৰৰ বুকুত সৃষ্টি হোৱা এই জলপ্রপাতেৰে বৈ অহা কুলু-কুলু ধ্বনি আৰু স্ফটিকৰ দৰে নির্মল জলৰাশিয়ে যিকোনো লোকৰ শ্রান্ত দেহ-মন মুহূর্ততে সজীৱ কৰি তুলিব পাৰে।
প্ৰকৃতিৰ এই অনবদ্য উপহাৰ উপভোগ কৰিবলৈ আৰু পাহাৰীয়া শীতল পানীত গা তিয়াবলৈ প্ৰতিদিনেই ইয়াত ভিৰ কৰেহি অগণন লোকে। স্থানীয় লোকসকলৰ মতে, এই সমগ্র অঞ্চলটো মূলতঃ থলুৱা জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ নিৰাপত্তা বেষ্টনী আৰু সৰল আতিথ্যৰ দ্বাৰা পৰিচালিত। যাৰ ফলত ইয়ালৈ অহা পর্যটকসকলে এক সুৰক্ষিত পৰিৱেশত প্ৰকৃতিৰ অনাবিল আনন্দ উপভোগ কৰিব পাৰে। কেৱল প্রাকৃতিক সৌন্দর্যই নহয়, বৰঞ্চ থলুৱা জনজাতীয় খাদ্যৰ পৰম্পৰাগত জুতিও এই অঞ্চলটোৰ অন্যতম প্রধান আকর্ষণ।
যান্ত্ৰিক জীৱনৰ সকলো ক্লান্তি পাহৰি, প্ৰকৃতিৰ নিবিড় কোলাত কটোৱা কিছু অনন্য আৰু ৰোমাঞ্চকৰ স্মৃতি বুকুত বান্ধি পর্যটকসকল পুনৰ নিজ গন্তব্যস্থানলৈ উভতি যায়। এক কথাত ক'বলৈ গ'লে, বাৰেগাঁও জলপ্রপাত আৰু ৰাণীখামাৰ বৰ্তমান সময়ত প্রকৃতিপ্রেমীসকলৰ বাবে এক অপৰিহাৰ্য ঠিকনা হৈ পৰিছে। চৰকাৰী পৰ্যটন বিভাগে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্রদান কৰিলে আগন্তুক দিনত ই এক অন্যতম প্রধান পর্যটনস্থলী হিচাপে প্রতিষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।