ডিজিটেল ডেস্ক : দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হাজিৰহাট অঞ্চলত শেহতীয়াভাৱে কালৰূপ লৈছে বৰলুইতৰ খহনীয়াই। নৈখনৰ খহনীয়া ইমানেই তীব্ৰতৰ হৈ উঠিছে যে যোৱানিশা গাঁওখনৰ দহটাকৈ পৰিয়ালৰ ভেটি-বাৰী মুহূর্ততে উছন যায়। সম্প্রতি খহনীয়াগ্রস্ত পৰিয়ালকেইটাই সহায়ৰ বাবে আৰ্তনাদ কৰা পৰিলক্ষিত হৈছে।
মন কৰিবলগীয়া যে, নৈখনৰ খহনীয়াৰ ভয়াৱহতা প্রায় দুটা দশক ধৰি হাজিৰহাট এলেকাত অব্যাহত আছে যদিও যোৱানিশাৰ পৰা পুনৰ খহনীয়াই বিধ্বংসী ৰূপ লোৱাত গাঁওবাসীৰ নিদ্ৰাহৰণ হোৱা পৰিলক্ষিত হৈছে।
ইপিনে, যোৱা নিশা হাজিৰহাটত এলেকাত সর্বস্বান্ত হোৱা এই পৰিয়ালকেইটাক এই পর্যন্ত সহায় কৰিবলৈ আগবাঢ়ি অহা নাই জিলাখনৰ প্রশাসনে। যাক লৈ ক্ষুভিত হৈ পৰিছে খহনীয়াগ্রস্ত পৰিয়ালকেইটাই। আনহাতে, খহনীয়াৰ সংহাৰ বৰ্তমানে ইমানেই তীব্ৰতৰ হৈ উঠিছে যে গাঁওখনৰ আন এশঘৰ পৰিয়ালৰ ভেটি-বাৰীৰ অস্তিত্বৰ প্রতি সংকট আহি পৰা পৰিলক্ষিত হৈছে।