ডিজিটেল ডেস্ক: আহা আহা খেলোঁ হোলী/সখী সবে মিলিজুলি/ফাগু সানো ৰঙতে উমলি/দোলাবো উপৰে তুলি/বজাই হবি মুঝলি/চলি যায় ঘুনুচাৰ পদুলি...।'
এফালে অগণন লোকৰ সমাৱেশেৰে উদুলি-মুদুলি পৰিৱেশ, আনফালে আকাশ-বতাহ নিনাদিত কৰি তোলা হোলী গীতৰ মধুৰ গুঞ্জন। পাৰভঙা উদ্বাহ আৰু আনন্দময় এনে এক পৰিৱেশৰ মাজেৰে কালিৰ পৰা আৰম্ভ হৈছে সত্ৰনগৰী বৰপেটাত দৌল মহোৎসৱ। ভক্তি আৰু আনন্দ-সমন্বয়ৰ দৌলোৎসৱক কেন্দ্র কৰি উদুলি-মুদুলি হৈ পৰিছে সত্ৰনগৰী বৰপেটা।
দৈনন্দিন জীৱন যাত্রাব প্রাত্যহিকতাৰ পৰা আঁতৰি আহি সকলোৱে যেন ভাগ লৈছে এই আনন্দৰ উৎসৱত। ৰং-ৰসৰ সাগৰত বুৰ গৈছে এতিয়া সত্ৰনগৰী বৰপেটাৰ প্রতিজন লোক। আলোকসজ্জাৰে সু-সজ্জিত কৰি তোলা হৈছে বৰপেটা সত্র। বৰপেটা সত্ৰত গন্ধ যাত্ৰাৰে কালিৰ পৰা আৰম্ভ হৈছে দৌল মহোৎসৱ। এইবেলি পাঁচ দিনীয়াকৈ পালন কৰা হ'ব বৰপেটা সত্ৰৰ দৌল মহোৎসৱ। এই দৌল মহোৎসৱ উপলক্ষে কার্যতঃ ৰঙীন হৈ পৰিছে সত্ৰনগৰী বৰপেটাৰ চৌদিশ।
বৰপেটাবাসীৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা দৌল মহোৎসৱ উপভোগ কৰিবলৈ অহা লোকেৰে ভৰি পৰিছে বৰপেটা সত্র। সম্পূর্ণ সত্ৰীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰে কালি বৰপেটা সত্রত পালন কৰা হয় বহ্নোৎসৱ বা গন্ধ যাত্রা। বিয়লি সত্ৰৰ নিত্য প্ৰসংগৰ পাছত দৌল গোবিন্দক সত্ৰৰ মনিকূট গৃহ (ভাজঘব)ৰ পৰা গায়ন-বায়ন আৰু ঢুলীয়াৰে পূব দুৱাৰেদি উলিয়াই আনি মঠৰ চোতালত ৰখা হয়। আনপিনে কলীয়াঠাকুৰ গোসাঁইক (শ্রীকৃষ্ণ) থাই দুৱাৰেদি উলিয়াই আনি দুয়ো গোসাঁইক মঠৰ চোতালত এখন বৰ শৰাইৰ ওপৰত ৰখা হয়। সন্ধিয়া দুয়ো গোসাঁইক গায়ন-বায়ন আৰু ঢুলীয়াৰে ভক্তিপ্রাণ ৰাইজে গোসাঁইক টুপৰ চোতাললৈ মেজি পুৱাবলৈ অনা হয়।
মেজিৰ জুইৰ চাৰিওফালে দুয়ো গোসাঁইক সাত পাক ঘূৰোৱাৰ পিছত প্রথমে যোগমোহন গৃহত কিছু সময় ৰাখি নিশা আঠ বজাৰ পাছত গোসাঁইন্বয়ক দৌলত আৰোহণ কৰোৱা হয়। একে সময়তে সত্রৰ চৌহদত স্থানীয় আতচবাজী শিল্পীৰ দ্বাৰা কাৰিকৰী চমকেৰে নির্মিত নানাবন্ধী আতচবাজী প্রদর্শন কৰা হয়। আকাশলৈ উৰোৱা ভিন্নৰঙী ফানুচ আৰু ৰং-বিৰঙৰ আতচবাজী দৃশ্যই উপস্থিত সকলোকে মুগ্ধ কৰি তোলে।
৩, ৪ আৰু ৫ মার্চত বৰপেটা সত্ৰত পালন কৰা হ'ব ভৰদৌল। আজি পুৱা কীর্তনঘৰত নিত্য প্রসংগ শেষ হোৱাৰ পাছত যোগমোহন গৃহত ক্রমে আইসকলৰ প্ৰসংগ, বাপুসকলৰ প্ৰসংগ, পাঠ, ভাগবত, গায়ন-বায়ন, ভোজন-ব্যবহাৰ, ঘোষাকীর্তন আৰু ব্যাস কীর্তন অনুষ্ঠিত হ'ব। ইপিনে, ভৰদৌলৰ দিনা পুৱা সত্ৰৰ বুঢ়াসত্ৰীয়া ড° বাবুল চন্দ্র দাসে গোসাঁইক ফাকু গুৰিৰে সেৱা জনোৱাৰ পাছত সমবেত ভক্তিপ্রাণ ৰাইজৰ বাবেও ফাকুগুৰিৰে গোসাঁই সেৱা কৰা কার্য মুকলি হ'ব।
১৬ মার্চৰ দিনা ফাকুৱা বা বৰপেটাৰ বিখ্যাত সুৱেৰী উৎসৱ। সুৱেৰীৰ দিনা বিয়লি গোসাঁইক বৰপেটা সত্ৰৰ পৰা প্রায় ডেৰ কিল'মিটাৰ নিলগৰ কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ নিয়া হ'ব। গোসাঁইক হেকেটা খুৱাই ঘূৰাই অনাৰ পাছত সত্ৰৰ টুপৰ চোতালত বাহভঙা কার্য অনুষ্ঠিত হ'ব। ইয়াৰ পাছত গোসাঁইক কীর্তন ঘৰৰ চাৰিওফালে সাতপাক ঘুৰাই থকাৰ সময়তে মঠৰ চোতালত লক্ষ্মী আৰু কৃষ্ণৰ মাজত হোৱা বাদানুবাদৰ এক বাটৰ নাট-সদৃশ বোল-বোলনি অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ লগে লগেই সামৰণি পৰিব তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ পাঁচ দিনীয়া দৌল মহোৎসৱব।