ডিজিটেল ডেস্ক: ফাগুন মানেই যেন ৰং, ফাগুন মানেই যেন ৰূপ-ৰস-আনন্দ, ফাগুন মানেই যেন যৌৱন উন্মাদনা। উতলা ফাগুনৰ এনে এক বতৰতে পাৰভঙা আনন্দত বিলীন হৈ গৈছে সত্ৰনগৰী বৰপেটা। বিশাল আয়োজনেৰে উদযাপিত দৌল উৎসৱ উপলক্ষে হৰিনাম কীৰ্তন আৰু হোলী গীতৰ গুঞ্জনত দিনে-নিশাই মুখৰ হৈ আছে বৰপেটা সত্ৰ। কৃষ্ণ ভক্তি-ৰস আৰু ৰঙৰ মহামেলাত উবুৰি খাই পৰিছে অগণন লোক।
উল্লেখযোগ্য যে যোৱা ২ মাৰ্চৰ পৰা পাঁচদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে পালিত হোৱা শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ কালি চতুর্থ দিনাও লোকাৰণ্য হৈ পৰে বৰপেটা সত্ৰ। বৰপেটাবাসীৰ উপৰি ভিন্ন প্ৰান্তৰ পৰা অহা অগণন লোকে গোসাঁইক সেৱা জনাবলৈ পুৱাৰে পৰা সত্ৰৰ চৌহদত ভিৰ কৰা পৰিলক্ষিত হয়। দিনৰ ভাগত অগণন লোকে সত্ৰৰ চৌহদত উপস্থিত হৈ নিজৰ মনোকামনা সিদ্ধিৰ বাবে দৌল গোবিন্দ আৰু ক'লীয়া ঠাকুৰক ফাকুগুড়িৰে সেৱা জনায়।
আনহাতে, কিশোৰ-চেমনীয়াসকলে ইজনে সিজনৰ মুখত নানাৰঙী আবিৰ সানি তাল-খোল, খঞ্জৰি লৈ গোৱা হোলী গীতসমূহে ভৰদৌলৰ দিনটোক অধিক আকর্ষণীয় কৰি তোলে। আনহাতে, চহৰখনৰ বাইশখন হাটীৰ অলিয়ে-গলিয়ে ডেকাসকলে লগ হৈ গোৱা হোলী গীতসমূহে দৌলোৎসৱৰ পৰিৱেশটো অধিক জীপাল কৰি তুলিছে। হোলীগীতৰ মূৰ্ছনাত মুখৰ হৈ পৰিছে চৌদিশ। ইয়াৰ উপৰি চহৰখনৰ বজাৰে-সমাৰে, হাটীসমূহত বিভিন্ন মুখাকৃতি আৰু ৰং-বিৰঙৰ আবিৰৰ দোকানসমূহে সকলোকে আকর্ষিত কৰা দেখা গৈছে।
তৃতীয় ভৰদৌল উপলক্ষে সন্ধিয়া লোকাৰণ্য হৈ পৰে সত্ৰ চৌহদ। ভৰদৌলৰ পুৱা কীৰ্তনঘৰত নিত্য প্ৰসংগ শেষ হোৱাৰ পাছত যোগমোহন গৃহত ক্রমে আইসকলৰ প্ৰসংগ, বাপুসকলৰ প্ৰসংগ, ভাগৱত পাঠ, গায়ন-বায়ন, ভোজন ব্যৱহাৰ, ঘোষা কীৰ্তন আৰু ব্যাস কীর্তন অনুষ্ঠিত হয়। সন্ধিয়া পৰত আতচবাজী প্ৰদৰ্শনৰ লগতে ফানুচ উৰুওৱা হয়। নিশা গুণমালা, লীলামালা, গুৰু ভটিমা, সেৱা কীর্তন আদি নিৱেদনৰ অন্তত বৰধেমালি বজাই অংকীয়া নাট উপস্থাপনেৰে সামৰণি ঘাত বজোৱা হয়। সত্ৰৰ চৌহদৰ ৰংগমঞ্চত সত্ৰীয়া কলাকৃষ্টি, লোকসংগীত সমাৰোহ, হোলী গীতৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
ইপিনে, ৰাজ্যবাসীয়ে কালি ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰাৰ বিপৰীতে বৰপেটাবাসীয়ে কিন্তু আজিহে ফাকুৱা উদযাপন কৰে। কালি নিশা গোসাঁইক দৌলগৃহৰ পৰা নমোৱাৰ পাছত আজি বিয়লি ৩-৩০ বজাত অগণন লোকৰ সমদলেৰে গোসাঁইক বৰপেটা সত্ৰৰ পৰা ডেৰ কিল'মিটাৰ নিলগৰ কলবাৰীলৈ হেকেটা খুৱাবলৈ নিয়া হয়। হেকেটা খুৱাই গোসাঁইক পুনৰ বৰপেটা সত্ৰলৈ ঘূৰাই অনাৰ সময়ত সত্ৰৰ টুপৰ চোতালত বাঁহ ভঙা পর্ব অনুষ্ঠিত হ'ব। ইয়াৰ পাছত গোসাঁইক কীৰ্তন ঘৰৰ চৌপাশে সাতপাক ঘূৰোৱাৰ সময়তে মঠৰ চোতালত লক্ষ্মী আৰু কৃষ্ণৰ মাজত হোৱা বাদানুবাদৰ এক বাটৰ নাট সদৃশ বোলবোলনি অনুষ্ঠান অনুষ্ঠিত হ'ব। তাৰ পাছতে দৌল মহোৎসৱৰ আনুষ্ঠানিক সামৰণি পৰিব।