ডিজিটেল ডেস্ক: সপোন দেখিলে যে সেয়া পূৰণ কৰিব পাৰি তাৰ সমুজ্জ্বল উদাহৰণেৰে কালি ইটালিলৈ উৰা মাৰিলে কৃশাংগী কাশ্যপে। সমগ্ৰ অসমবাসীৰ মৰম আৰু আশীৰ্বাদ লৈ মহাকাশ বিজ্ঞানৰ গৱেষণাৰ বাবে বৰপেটাৰ কৃশাংগী কাশ্যপে ইটালিৰ ট্রেন্টো অভিমুখে ৰাওনা হৈছে। সৰুৰ পৰাই আকাশৰ তৰা চাই ভালপোৱা ছোৱালীজনীয়ে মনৰ মাজত থকা টুকুৰা টুকুৰা সপোনবোৰ এক বৃহত্তৰ সপোনত পৰিণত কৰিলে।
দেশ তথা জাতিক গৌৰৱান্বিত কৰা কৃশাংগী কাশ্যপে ট্রেন্টো ইউনিভাৰ্ছিটিত ইটালি চৰকাৰৰ বৃত্তি লাভ কৰি বৃহস্পতি গ্ৰহৰ এটা উপগ্ৰহৰ বিষয়ে গৱেষণা চলাব। অসমৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অনুসৰণ কৰিব পৰাকৈ কৃশাংগী কাশ্যপৰ এই স্বর্ণিল যাত্ৰাৰ এক বর্ণিল ইতিহাস আছে।
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্রাদুর্ভাৱে ম্লান কৰি পেলোৱা বৰপেটাৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰা ছাত্ৰীগৰাকীয়ে ২০১৬ চনত বৰপেটাৰ জুৰোৰাম পাঠক ছোৱালী হাইস্কুলৰ পৰা ডিষ্টিংশ্যনসহকাৰে মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হয়। পৰৱৰ্তী সময়ত পাঠশালাৰ বজালী মহাবিদ্যালয় (বর্তমান ভট্টদেৱ বিশ্ববিদ্যালয়) ত কৃশাংগী কাশ্যপে পদার্থ বিজ্ঞানত স্নাতক ডিগ্রী লাভ কৰে।
স্নাতক শ্ৰেণীত পঢ়ি থাকোঁতেই কৃশাংগীৰ মনত এক বিশেষ সপোনে বাহ লয়। সৰুৰ পৰাই তৰা চাই ভালপোৱা সপোনটোক পূর্ণ ৰূপ দিয়া- সেয়া হৈছে মহাকাশৰ বিষয়ে অধ্যয়ন কৰা। যাৰ বাবে তেওঁ অধ্যয়নৰ সমান্তৰালকৈ চলাই গ'ল IIT (JAM) পৰীক্ষাৰ প্ৰস্তুতি। ২০২২ চনত কৃশাংগী কাশ্যপে উক্ত পৰীক্ষাত অৱতীৰ্ণ হয় আৰু তাত উত্তীর্ণ হৈ IIT Indoreত এষ্ট্র'নমি, এষ্ট্র'ফিজিক্স এণ্ড স্পেচ ইঞ্জিনিয়াৰিং বিষয়ত নামভর্তি কৰে।
আই আই টি ইন্দোৰত নামভৰ্তি কৰাৰ পাছত কৃশাংগী কাশ্যপৰ সপোনবোৰে পূৰ্ণ ৰূপ পাবলৈ আৰম্ভ কৰে। তাত তেওঁ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত পানীৰ অৱস্থিতি সম্পর্কে এক গৱেষণা চলায়। আই আই টিত পঢ়ি থাকোঁতেই তেওঁ ২০২৪ চনত নাছাৰ উদ্যোগত আমেৰিকাৰ টেক্সাছত অনুষ্ঠিত Lunar and Planetary Science Conference (LPSC 2024)ত অংশগ্ৰহণ কৰি অসমৰ লগতে সমগ্ৰ ভাৰতক গৌৰৱান্বিত কৰে।
উল্লেখযোগ্য যে নাছাৰ অধীনস্থ Lunar and Planerary Institute (LPI)ৰ ৱেবছাইটত কৃশাংগী কাশ্যপে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওপৰত চলাই থকা গৱেষণাৰ অংশ বিশেষ হিচাপে লিখি উলিওৱা নিবন্ধ "Surface and Sub-surface Regolith Characterisation of Lunar South Pole using Chandrayaan-2 Dual Frequency Synthetic Aparture Radar (DFSAR) প্রকাশ পায়। ইয়াৰ পাছতে আই আই টি ইন্দোৰত স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত কৃশাংগী কাশ্যপে সকলো বিভাগৰ ভিতৰত সর্বোচ্চ ৯.৪৫ CPI লাভ কৰি সোণৰ পদক বুটলিবলৈ সক্ষম হয়। সম্প্রতি কৃশাংগী কাশ্যপে এগৰাকী পূৰ্ণ ৰূপৰ মহাকাশ বিজ্ঞানী হিচাপে নিজকে প্রতিষ্ঠিত কৰিবলৈ বৃহস্পতি গ্ৰহৰ এটা উপগ্ৰহৰ বিষয়ে গৱেষণাৰ বাবে ইটালিৰ ট্রেন্টো ইউনিভাছিটিলৈ যাবলৈ ওলাই খন্তেকৰ বাবে আর্থিক সমস্যাত থমকি ৰ'ব লগা হৈছিল। কিন্তু 'গুণীয়েহে গুণীৰ মোল বুজে' আপ্ত বাক্যষাৰ সঁচা প্রমাণিত কৰি সমগ্ৰ অসমবাসীৰ মৰম, আশীৰ্বাদ, শুভেচ্ছা আৰু 'মানুহে মানুহৰ বাবে' কথাষাৰৰ সত্যতা প্ৰমাণ কৰি কৃশাংগী কাশ্যপ কালি ইটালি অভিমুখে ৰাওনা হয়।
আই আই টিত পঢ়ি থকা দিনৰ পৰা এতিয়ালৈ কৃশাংগী কাশ্যপৰ এই সফলতাৰ পথত সংগী হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সমাজকর্মী পুৰঞ্জয় নেওগকে ধৰি তেওঁৰ একাংশ সহযোগী, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ড, মন্ত্রী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ লগতে সমগ্ৰ অসমবাসী তথা কিছু সংখ্যক প্ৰৱাসী অসমীয়া। কৃশাংগী কাশ্যপৰ পিতৃ হিতেশ শর্মাই সকলোক কৃতজ্ঞতা প্রকাশ কৰি কয়- “পৃথিৱীত এতিয়াও মানৱতা জীয়াই আছে। সততা জীয়াই আছে।” অসমবাসীৰ মৰম আৰু আশীৰ্বাদত কৃশাংগী কাশ্যপ এটি ত্ৰাৰ দৰে জিলিকি থাকক। অসমৰ নাম ভাৰতৰ নাম উজলাই এগৰাকী মহাকাশ বৈজ্ঞানিক হৈ স্বদেশলৈ উভতি আহক। ইয়াৰ বাবে সকলোৰে সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিছে পিতৃ হিতেশ শৰ্মাই।