মাৰ্ঘেৰিটা মহোৎসৱ ২০২৬ আৰম্ভ অভিনন্দন গ্রন্থ উন্মোচন, বৰুণ বৰাক 'মাৰ্ঘেৰিটা মহীয়ান বঁটা' প্রদান

dainik janambhumi March 02, 2026

ডিজিটেল ডেস্ক: সাহিত্য, শিক্ষা, সংস্কৃতি আৰু সাংবাদিকতাৰ বহুমুখী 4 ঐতিহ্য বহন কৰা মাৰ্ঘেৰিটাৰ সামাজিক-সাংস্কৃতিক ইতিহাসত শেহতীয়াকৈ এক গৌৰৱময় অধ্যায় সংযোজিত হ'ল। 

মাৰ্ঘেৰিটা মহোৎসৱ-২০২৬ আৰু ২০০২ চনত প্রতিষ্ঠিত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ৰূপালী জয়ন্তীৰ শুভ আৰম্ভণিৰ সৈতে সংগতি ৰাখি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, গীতিকাৰ, সুৰকাৰ বৰুণ বৰাক 'মাৰ্ঘেৰিটা মহীয়ান বঁটা-২০২৬' প্রদান কৰা হয়। বর্ষীয়ান সাহিত্য সাধক বৰুণ বৰাৰ ৮৮ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত এই গৌৰৱময় অনুষ্ঠানত তেখেতৰ বহু দশকজোৰা সাহিত্য সাধনা, শিক্ষাক্ষেত্রলৈ আগবঢ়োৱা নিৰন্তৰ সেৱা আৰু অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হয়। এই উপলক্ষে অভিনন্দন গ্রন্থ 'অভিদর্শন' আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উন্মোচন কৰে স্বয়ং বৰুণ বৰাই। গীত, সুৰত তেওঁ লোকজীৱনৰ সঁচা গন্ধ সংৰক্ষণ কৰাৰ লগতে শিক্ষক হিচাপে প্ৰজন্মৰ পাছত প্ৰজন্মক পাঠ্যজ্ঞানৰ সৈতে মানবিক মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ পাঠ দান কৰি আহিছে। 

অনুষ্ঠানত জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি অজাযুছাপ, টাই আহোম যুৱ পৰিষদ, মাৰ্ঘেৰিটা জ্যেষ্ঠ নাগৰিক সন্থা, ছাত্র মুক্তি সংগ্রাম সমিতি, উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থা, মুছলীম সমাজৰ লগতে গীতা দেৱী নেওগ, বর্ণালী গগৈ, বর্ণালী বৰঠাকুৰ, শিৱানী বৰুৱা, কণিকা দে, ববিতা দাস চৌধুৰী, বন্দনা দাস দত্ত, উর্মিলা ৱাখেত, পৰাণজ্যোতি ভূঞাসহ বিভিন্ন সামাজিক, সাংস্কৃতিক সংগঠন আৰু ব্যক্তি বিশেষে ফুলাম গামোচা, স্মাৰক, মান-পত্র আৰু শুভেচ্ছা বাণীৰে বৰুণ বৰাক সম্বর্ধনা জনায়। বিভিন্ন বক্তাই মত প্রকাশ কৰে যে বৰুণ বৰাৰ সাহিত্য আৰু শিক্ষাদান মার্ঘেৰিটাৰ সামাজিক চেতনাৰ এক অবিচ্ছেদ্য অংগ। অনুষ্ঠান আৰম্ভণি হয় আদৰণী সমিতিৰ সভাপতি নৰেশ্বৰ হাজৰিকাৰ আদৰণী ভাষণ আৰু বন্তি প্রজ্বলনেৰে। 

অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তিনিচুকীয়া জিলা সাংবাদিক সম্ভাৰ সভাপতি ৰাণাজ্যোতি নেওগে। নেওগে বৰুণ বৰাক 'সময়-সাক্ষী, সমাজ-সচেতন 'আৰু প্রজন্ম গঢ়া সাহিত্য সাধক' বুলি আখ্যা দিয়ে। অনুষ্ঠানৰ অংশ হিচাপে কেক কটা কার্যসূচীও অনুষ্ঠিত হয়, য'ত পৰিয়ালৰ সদস্যসকলেও অংশগ্রহণ কৰে। 

অনুষ্ঠানত ড° ৰমেন হাজৰিকা, ড° ৰঞ্জিত দত্ত, ড° অমৰজিৎ শইকীয়াসহ বহু বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, বুদ্ধিজীৱী আৰু সমাজকর্মী অতিথিৰূপে উপস্থিত থাকে। অনুষ্ঠানস্থলীত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপদেষ্টা পার্থপ্রতীম গোস্বামী, সমাজসচেতন ব্যক্তি অমৃত বৰঠাকুৰসহ বহু সাহিত্যিক, সাংবাদিক আৰু শুভানুধ্যায়ীৰ উপস্থিতিয়ে অনুষ্ঠানটোক ব্যতিক্রমী মর্যাদা প্রদান কৰে। ড° ৰঞ্জিত দত্ত, ববিতা দাস চৌধুৰী, ৰাজলক্ষ্মী গগৈয়ে বৰুণ বৰাৰ সৃষ্ট গীত পৰিৱেশনৰে অনুষ্ঠানটো জীপাল কৰি তোলে। 

উল্লেখযোগ্য যে এই বঁটা প্রদান অনুষ্ঠানৰ লগে লগে আৰম্ভ হয় ছয়দিনীয়া বিস্তৃত কাৰ্যসূচীৰে 'মাঘেৰিটা মহোৎসৱ-২০২৬' আৰু মাঘেৰিটা সাংবাদিক সংস্থাৰ ৰূপালী জয়ন্তীৰ শুভ সূচনা। সচেতন মহলে আশা প্রকাশ কৰিছে যে 'মাঘেৰিটা মহীয়ান বঁটা-২০২৬' প্রদানৰ জৰিয়তে বৰুণ বৰাক জনোৱা এই সন্মান কেৱল এজন ব্যক্তিক সন্মান জনোৱাতেই সীমাবদ্ধ নহয়, বৰঞ্চ ই সমগ্ৰ মাৰ্ঘেৰিটাৰ সাহিত্য-সাংস্কৃতিক চেতনাক নতুন শক্তি, নতুন আত্মবিশ্বাস আক নতুন দিশ প্রদান কৰিব।

Share This