শিশু সৰবৰাহকাৰীৰ বিৰুদ্ধে বাক্সা আৰক্ষীৰ অভিযান; জালত পৰিল এহাল পতি-পত্নী

Rashmi May 20, 2026

ডিজিটেল ডেস্ক: বাক্সা জিলা আৰক্ষীয়ে চলোৱা এক সফল অভিযানত গ্ৰেপ্তাৰ হল এক দম্পতী। এই অভিযানত আৰক্ষীয়ে মেঘালয়ৰ পৰা সৰবৰাহ কৰা তিনিগৰাকী কিশোৰীকো সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ধৃত সৰবৰাহকাৰী দম্পতীহাল মহাৰাষ্ট্ৰৰ নাচিকৰ অনিল কেদু যাদৱ ওৰফে সাগৰ আৰু তেওঁৰ পত্নী টুটুমণি দাস ওৰফে পূজা বুলি চিনাক্ত কৰা হৈছে।

শিমলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলীম তালুকদাৰ আৰু জালাহ আৰক্ষী চকীৰ ইনচাৰ্জ (IC) সঞ্জীৱ তালুকদাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই যুটীয়া অভিযান চলাইছিল।

মেঘালয়ৰ পৰা কিশোৰী তিনিগৰাকীক বাক্সাৰ ভুলকামাৰীত থকা অভিযুক্ত টুটুমণি দাসৰ মাতৃগৃহলৈ আনি থকাৰ অৱস্থাতে শিমলা আৰু জালাহ আৰক্ষীয়ে তেওঁলোকক আটক কৰে।

উদ্ধাৰ হোৱা কিশোৰী তিনিগৰাকী মেঘালয়ৰ জয়ন্তীয়া হিলছ জিলাৰ বুলি জানিব পৰা গৈছে।

ধৃত দম্পতীয়ে দীৰ্ঘদিন ধৰি এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল। তেওঁলোকে বিভিন্নধৰণৰ প্ৰলোভন দি মেঘালয়ৰ পৰা শিশু তথা কিশোৰীসকলক সৰবৰাহ কৰি মহাৰাষ্ট্ৰৰ নাচিকত বিক্ৰী কৰি আহিছিল।

শিশু সৰবৰাহকাৰী দম্পতীক বৰ্তমান শিমলা আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে আৰু এই চক্ৰটোৰ সৈতে জড়িত অন্য তথ্য তথা সহযোগীসকলৰ সন্ধানত তীব্ৰ জেৰা অব্যাহত ৰাখিছে।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This