মুখ্যমন্ত্ৰীৰ ঘোষণা : ৩ আগষ্টৰ পৰা 'অৰুণোদয়, নিযুত বাবু, নিযুত মইনা, হিতাধিকাৰীয়ে ১ আগষ্টৰ পৰা পাব চাউল-চেনি-দাইল

dainik janambhumi July 20, 2026

ডিজিটেল ডেস্ক : ৰাজ্যত জনপ্ৰিয় হৈ পৰা কেইবাখনো আঁচনি সাময়িকভাৱে বন্ধ হৈ আছিল যদিও এই আঁচনিসমূহ কেতিয়াৰ পৰা পুনৰ আৰম্ভ হ'ব সেই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰেছন কাৰ্ডৰ গৰাকীক খাদ্য সুৰক্ষা যোজনাৰ অধীনত বিনামূলীয়া চাউলৰ লগতে ৰেহাই দামত এক কেজিকৈ চেনি, নিমখ আৰু মচুৰ দাইলো যোগান ধৰা হৈছিল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নির্বাচনী প্ৰচাৰত তেওঁৰ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে মিঠাতেল ৰেহাই দামত দিয়াৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্রী শর্মাই আন কেইবাখনো আঁচনিৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগে ৰূপায়ণ কৰি থকা এই আঁচনিখন অহা এক আগষ্টৰ পৰা পুনৰ মুকলি কৰাৰ কথা সামাজিক মাধ্যমত ঘোষণা কৰিছে যদিও তালিকাত এইবাৰ ৰেহাই দামত বিতৰণ হোৱা নিমখ কর্তন হ'ল। 

অহা এক আগষ্টৰ পৰা পুনৰ হিতাধিকাৰীসকলে বিনামূলীয়া চাউলৰ লগত চেনি আৰু মচুৰ দাইল লাভ কৰিব যদিও এইবাৰ নিমখ নাপাব। খাদ্য আৰু যোগান বিভাগৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে বজাৰৰ নিমখৰ দামৰ লগত ৰেহাইত লাভ কৰা নিমখৰ দামৰ বিশেষ পাৰ্থক্য নথকাৰ বাবে হিতাধিকাৰীয়ে নিমখ ৰেহাই দামত ক্ৰয় কৰাৰ ইচ্ছা নকৰে। যাৰ ফলত সুলভ মূল্যৰ দোকানসমূহত নিমখ জমা হৈ থাকে আৰু সমবায় সমিতিসমূহৰ পৰা সুলভ মূল্যৰ দোকানীয়ে নিমখ উঠাব নিবিচৰাৰ পৰিপ্ৰেক্ষিতত খাদ্য আৰু যোগান বিভাগে এইবাৰ ৰেহাই দামত নিমখ যোগান বন্ধ ৰাখিছে। ইফালে, মুখ্যমন্ত্রী ড° শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰে যে অহা তিনি আগষ্টৰ পৰা স্থগিত হৈ থকা 'অৰুণোদয়' পুনৰ আৰম্ভ হ'ব। 

উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত যোগ্য মহিলাসকলক প্রতি মাহে ১২৫০ টকাকৈ আদায় দিয়া হয়। যোৱা মাৰ্চ মাহত মহিলাসকলক ৰঙালী বিহুৰ উপহাৰসহ মুঠ ৯ হাজাৰকৈ টকা বেংক একাউণ্টত চৰকাৰে আগবঢ়াইছিল। মহিলাসকলৰ মাজত জনপ্রিয় এই আঁচনিখন অহা তিনি আগষ্টৰ পৰা পুনৰ আৰম্ভহ'ব। ইফালে, উচ্চ শিক্ষা গ্ৰহণৰ সুবিধার্থে ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰহণ কৰা নিযুত মইনা আৰু নিযুত বাবু নামৰ দুখন পৃথক আঁচনিও অহা তিনি আগষ্টৰ পৰা পুনৰ ৰূপায়ণ হ'ব। 

চাকৰিৰ সন্ধানত থকা স্নাতক উত্তীর্ণসকলক প্রতিযোগিতামূলক বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজু হ'ব পৰাকৈ প্ৰতি মাহে ২৫০০ টকাকৈ প্ৰদান কৰা আঁচনিখন অহা ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ ৰূপায়ণ কৰাৰ কথা মুখ্যমন্ত্রী ড° শর্মাই কালি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে।

Share This