শেৱালী ফুলে দূৰ কৰিব পাৰে ৫টা ডাঙৰ বেমাৰ! জানো আহক সবিশেষ

Kakali Deka August 22, 2023

ডিজিটেল ডেস্ক : ভাৰতীয় পৰম্পৰা অনুসৰি শেৱালী ফুলৰ গছক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। শেৱালী ফুলৰ গছ ভগৱান শ্ৰীকৃষ্ণই আনিছিল বুলি বিশ্বাস কৰা হয়। শেৱালী ফুলৰ গছ সৰু আৰু ইয়াৰ ফুল সুগন্ধিযুক্ত। এই ফুলক ধৰ্মীয় কামত ব্যৱহাৰ কৰা হয়। শেৱালী ফুল দিনত নুফুলে ই নিশাহে ফুলে। এই ফুলৰ আছে স্বাস্থ্যজনিত বহুতো উপকাৰ। শেৱালী ফুলৰ উপৰি ইয়াৰ পাতো স্বাস্থ্য বাবে অতি উপকাৰী।এই বিষয়ে সবিশেষ জানো আহক।

শেৱালী ফুলৰ পাতৰ উপকাৰিতা-

আয়ুৰ্বেদৰ মতে শেৱালী ফুলৰ পাতে কাহ, জ্বৰ আৰু বাতবিষৰ দৰে বহুতো ৰোগ নিৰাময় কৰিব পাৰে। যদি আপুনি বাতবিষ বা কোষ্ঠকাঠিন্যৰ দৰে সমস্যাত ভুগিছে, তেন্তে ইয়াৰ পাতৰ পৰা তৈয়াৰী ৰস খালে উপশম পাম। 

১. বাত বিষৰ ফলত এজন ব্যক্তিয়ে বহুত কষ্ট অনুভৱ কৰে। শেৱালী গছৰ পৰা কিছুমান বিশেষ আৱশ্যকীয় তেল তৈয়াৰ কৰা হয়, যিয়ে আপোনাক এই বিষৰ পৰা সকাহ দিব পাৰে। 
২. যদি আপুনি কাহ আৰু ব্ৰংকাইটিছৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এই গছৰ পাত আৰু ফুল খুন্দি ইয়াৰ পৰা ওলোৱা ৰস পানী আৰু আদাৰ লগত উতলাই আৰোগ্য লাভ কৰিব।
৩. শেৱালী ফুল আৰু পাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ বাবে এগিলাচ পানীৰে ৮ৰ পৰা ১০টা পাত পিহি এই মিশ্ৰণটো ভালদৰে উতলাই আধা হ’লে নমাই থ’ব। ঠাণ্ডা হোৱাৰ পাছত তিনি ভাগত ভাগ কৰি পুৱা, দুপৰীয়া আৰু গধূলি তিনিওটা সময়ত খালে উপকৃত হ’ব।
৪. শেৱালী ফুলৰ আটাইতকৈ ডাঙৰ উপকাৰ হ’ল ই তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ এন্টি ডায়েবেটিক প্ৰভাৱ আছে যাৰ বাবে ই আপোনাৰ উচ্চ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে ডাক্তৰৰ মতামত লোৱাৰ পিছত নিশ্চিতভাৱে সেৱন কৰক।
৫. শেৱালী ফুলৰ ৰস ব্যৱহাৰ কৰিলে চুলিৰ পৰা উফিৰ সমস্যা আৰু ওকনিৰ সমস্যা দূৰ কৰিব পাৰি। ইয়াৰ ফলত চুলি মজবুত হয় আৰু চুলি সৰাও বন্ধ হয়।

Share This