কেঁচা আমৰ উপকাৰিতা, গৰমৰ বতৰত মহৌষধস্বৰূপ কেঁচা আম

Rashmi April 22, 2025

ডিজিটেল ডেস্ক : এতিয়া গ্ৰীষ্মকাল। গ্ৰীষ্মকালত সাধাৰণতে সকলোৰে ভাল লগা প্ৰি‌য় ফলবিধ হৈছে আম। সোৱাদত কিছু টেঙা হ’লেও কেঁচা আমৰো আছে স্বাস্থ্য উপকাৰী গুণ। আমক ফলৰ ৰজা বুলি কোৱা হয়। অধিকাংশ লোকেই সাধাৰণতে আম খাই ভাল পায়। যদি আপুনিও গৰমৰ বতৰম কেঁচা আম খাই তেনেহলে লাভ কৰিব বহু উপকাৰ। আমত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেন্ট থাকে, যি ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। জানো আহক কেঁচা আমৰ উপকাৰী গুণসমূহ 

হজম শক্তিত উন্নত - কেঁচা আমে কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ সমস্যা দূৰ কৰে। খাদ্য খোৱাৰ আগতে কেঁচা আম  খালে হজম শক্তি ভাল 
হয়।

ছাল আৰু চুলিৰ উপকাৰ- কেঁচা আমত থকা এণ্টিঅক্সিডেন্ট-ভিটামিনে ছালখন উজ্জ্বল কৰি ৰখাৰ লগতে চুলি মজবুত কৰি তোলে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ছালখনক প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰাৰ লগতে চুলি সৰাৰ সমস্যা কমায়।

দাঁতৰ আলুক সুৰক্ষা - কেঁচা আমত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে যিয়ে এনিমিয়া আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোধ কৰে।

যকৃতৰ বাবে উপকাৰী- কেঁচা আম যকৃতৰ বাবেও উপকাৰী। লিভাৰৰ ৰোগ নিৰাময়ৰ বাবে প্ৰাকৃতিক উপায় হ’ল কেঁচা আম। ই চৰ্বিৰ শোষণ বৃদ্ধি কৰে আৰু খাদ্যত পোৱা ক্ষতিকাৰক বেক্টেৰিয়া ধ্বংস কৰে।

Share This