যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস, ৰেৱ কুমাৰ বৰাক 'শ্রেষ্ঠ আলোকচিত্র সাংবাদিক বঁটা'

dainik janambhumi February 16, 2026

ডিজিটেল ডেস্ক: যুৱ সাংবাদিক সন্থাৰ অষ্টম বার্ষিক প্রতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এটা সম্বর্ধনা অনুষ্ঠানত কালি 'দৈনিক জনমভূমি' কাকতৰ জ্যেষ্ঠ ফটো সাংবাদিক ৰেৱ কুমাৰ বৰাক 'শ্রেষ্ঠ আলোকচিত্র সাংবাদিক বঁটা' প্রদান কৰা হয়। 

একেটা অনুষ্ঠানতে বি বি চি বৰ্ল্ড নিউজ আৰু বি বি চিৰ অনাতাঁৰ সেৱাৰ ছাউথ ইষ্ট পেচিফিক এডিটৰিয়েল লীড জ্যেষ্ঠ সাংবাদিক শচীন গগৈক 'সংবাদ শিৰোমণি সন্মান', অসমীয়া প্রতিদিন কাকতৰ সাংবাদিক বনজিৎ ঠাকুৰীয়ালৈ 'বর্ষশ্রেষ্ঠ যুৱ সাংবাদিকতাৰ সন্মান', এন কে টিভিৰ সাংবাদিক বশিষ্ঠদেৱ ফুকনলৈ 'সাহিত্য-সংস্কৃতিৰ শিতানত বর্ষশ্রেষ্ঠ সাংবাদিকতাৰ সন্মান' আৰু দৈনন্দিন বাৰ্তাৰ তিনিচুকীয়াৰ সাংবাদিক পাপুল গগৈলৈ 'পৰিৱেশ পৰ্যটন গ্রাম্য সাংবাদিকতা বঁটা' আগবঢ়োৱা হয়। এই অনুষ্ঠানতে অসমৰ সাংবাদিকতাৰ মহীৰূহ হাইদৰ হুছেইনকো বঁটা আৰু সন্মান আগবঢ়োৱাৰ কথা আছিল যদিও তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰাত পৰৱৰ্তী সময়ত তেওঁক ব্যক্তিগতভাৱে সন্মান আগবঢ়োৱা হ'ব। 

বঁটা গ্রহণ কৰি জ্যেষ্ঠ সাংবাদিক শচীন গগৈয়ে ভাষণ প্রসংগত কয় যে সাংবাদিকতাৰ বাবে এই সময়খিনি যথেষ্ট সংকটৰ সময়। প্রযুক্তিয়ে আনি দিয়া বিভিন্ন প্রত্যাহ্বানৰ সন্মুখত আমাৰ গণমাধ্যমসমূহ বিশ্বাস আৰু সংকটৰ সন্মুখীন হৈছে। সংবাদ মাধ্যমৰ বাবে বিশ্বাস আৰু আস্থাই হৈছে অতি প্রয়োজনীয়। আস্থা আৰু বিশ্বাস হেৰালে সংবাদ মাধ্যম ক্ষতিৰ সন্মুখীন হ'ব। বর্তমান সময়ত ৰাজনীতিবিদে নিয়ন্ত্রণ কৰা সংবাদ মাধ্যমৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। অসমৰ ক্ষেত্ৰত বিশেষকৈ পর্টেলসমূহ এটা ঘৰুৱা উদ্যোগৰ নিচিনা হৈ পৰিছে আৰু যাৰ লগত পইচা আছে, ৰাজনৈতিক শক্তি বৃদ্ধি কৰাৰ ইচ্ছা আছে তেওঁলোকে একোটা একোটা পর্টেল খুলিবলৈ আৰম্ভ কৰিছে। এনেকুৱাধৰণৰ দৌৰত তাৰ মাজত প্রকৃত সাংবাদিকতা লাহে লাহে হেৰাব ধৰিছে বুলি উল্লেখ কৰি তেওঁ যিসকলে সাংবাদিকতাত বিশ্বাসী, সাংবাদিকতাক সমাজৰ কামৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে তেওঁলোক হতাশগ্রস্ত হৈছে বুলি মন্তব্য কৰে। 

অনুষ্ঠানত ভাষণ দি বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাই সকলো বঁটাৰ মৰ্যাদা-মহত্ত্ব সমান নহয় আৰু যুৱ সাংবাদিক সন্থাই সমাজলৈ যোগাত্মক আৰু শক্তিশালী বৰঙনি আগবঢ়াই আহিছে বুলি উল্লেখ কৰি মানুহৰ চিন্তা বেংক বেলেঞ্চত নহয়, সমাজৰ উন্নয়নৰ হকে কাম কৰা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকি কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই গছ যিমানেই ডাঙৰ নহওক, শিপাৰ গভীৰতা চাব লাগিব বুলি মন্তব্য কৰি মাতৃভাষা কেতিয়াও অন্তৰায় হ'ব নোৱাৰে, ই এক শক্তিহে বুলি উল্লেখ কৰাৰ লগতে সংবাদ মাধ্যমক মাতৃভাষা ৰক্ষাৰ প্রতি দায়বদ্ধ হ'বলৈ আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থাকি উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাদন দেৱ গোস্বামী, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ চন্দ্ৰ ডেকা আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাইও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। 

উল্লেখযোগ্য যে যুৱ সাংবাদিক সন্থাৰ সভাপতি বুবুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰা হয়। কাৰ্যকৰী সভাপতি কাঞ্চনজ্যোতি গোহাঁয়ে আদৰণী ভাষণ দিয়া সভাখনত সাধাৰণ সম্পাদক ঋতুপর্ণ চক্ৰৱৰ্তীয়ে উদ্দেশ্য ব্যাখ্যা আৰু উপদেষ্টা চন্দন দাসে শলাগৰ শৰাই আগবঢ়ায়।

Share This