ডিজিটেল ডেস্ক : অসমৰ স্বেচ্ছাসেৱী সংগঠন বেষ্ট ছালিউশ্যন ৰূম এছ'চিয়েশ্যনে বিশ্ব শান্তি-সম্প্রীতি আৰু মানৱীয় মূল্যবোধ সুদৃঢ় কৰাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বিশ্বজুৰি বৃদ্ধি পোৱা অনৈক্য, সংঘাত আৰু অশান্তিৰ পৰিপ্ৰেক্ষিতত সমাজত ঐক্য আৰু শান্তিৰ বাণী প্ৰচাৰৰ উদ্দেশ্যে সংগঠনটোৱে বিভিন্ন ব্যক্তি, অনুষ্ঠান আৰু ধর্মীয়-সাংস্কৃতিক প্রতিষ্ঠানৰ সৈতে মত-বিনিময় অব্যাহত ৰাখিছে।
ইয়াৰেই অংশ হিচাপে যোৱা ৬ জুনৰ পৰা ৮ জুনলৈ সংগঠনটোৰ এটা প্রতিনিধি দলে সত্র তথা সংস্কৃতিৰ নগৰী মাজুলীৰ একাধিক ঐতিহ্যবাহী সত্ৰ ভ্ৰমণ কৰে। ভ্রমণকালত নতুন কমলাবাৰী সত্ৰ, আউনীআটী সত্র, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, ভোগপুৰ সত্ৰ, নতুন চামগুৰি সত্ৰ আদি পৰিদৰ্শন কৰি সত্ৰাধিকাৰসকলৰ সৈতে সৌজন্যমূলক সাক্ষাৎ আৰু মত বিনিময় কৰে।
প্রতিনিধি দলটোৱে আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী, দক্ষিণপাট সত্ৰৰ অধিকাৰ ননীগোপাল দেৱ গোস্বামী, নতুন কমলাবাৰী সত্ৰৰ ডেকাধিকাৰ সত্যজিৎ মহন্ত, গড়মূৰ সত্ৰৰ অধিকাৰ পৰমানন্দ দেৱ গোস্বামী, ভোগপুৰ সত্ৰৰ অধিকাৰ দত্ত দেৱ গোস্বামীকে ধৰি কেইবাগৰাকীও সত্ৰাধিকাৰৰ সৈতে সাক্ষাৎ কৰি বিশ্ব শান্তি আৰু সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰত সত্ৰসমূহৰ অৱদান সন্দৰ্ভত আলোচনা কৰে। সাক্ষাৎকালত দক্ষিণপাট সত্ৰৰ অধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে সংগঠনটোৰ এই ব্যতিক্রমী পদক্ষেপক শলাগ জনাই কয় যে 'বর্তমান সময়ত বিশ্বজুৰি শান্তি, সম্প্রীতি আৰু মানৱীয় মূল্যবোধৰ প্ৰয়োজনীয়তা অধিক বৃদ্ধি পাইছে।
মানুহৰ মাজত পাৰস্পৰিক বুজাবুজি, ভাতৃত্ববোধ আৰু ঐক্য সুদৃঢ় কৰাৰ ক্ষেত্ৰত এনে প্রচেষ্টা অতি তাৎপর্যপূর্ণ। বিশ্ব শান্তিৰ স্বাৰ্থত সংগঠনটোৱে গ্ৰহণ কৰা এই মহৎ অভিযান সফল হওক বুলি তেওঁ কামনা কৰে। সংগঠনটোৰ সম্পাদক ধ্ৰুৱ বণিয়াৰ নেতৃত্বৰ উক্ত ভ্রমণ কাৰ্যসূচীত সংগঠনটোৰ সদস্যসকলৰ ভিতৰত হৰিচন্দ্ৰ বৈশ্য (ৰাজ), পাহাৰিতা বৰকটকী, ৰবিন দাস, নমিতা দাস, যুৱৰাজ দাস, গীতিকা দাস, বিপিন চক্ৰৱৰ্তী, ধৰিত্ৰী চক্ৰৱৰ্তী, ঋষভডেকা, সংগীতা বৰঠাকুৰ, হীৰা মহন্ত দত্ত, পদ্ম বৰা, জন্মেজয় মহন্ত আৰু মীনাক্ষি বৰঠাকুৰ উপস্থিত আছিল।
ইফালে, দলটোৰ সদস্য তথা দৈনিক জনমভূমিৰ কৰ্মচাৰী হৰিচন্দ্ৰ বৈশ্যই (ৰাজ) 'দৈনিক জনমভূমি'ৰ ৰঙালী বিহু সংখ্যা-২০২৬ৰ একোখনকৈ আলোচনী প্ৰতিখন সত্ৰৰ অধিকাৰৰ হাতত তুলি দিয়ে। এই সৌজন্যমূলক পদক্ষেপে সত্ৰসমূহৰ সৈতে সংগঠনটোৰ সম্পৰ্ক অধিক সুদৃঢ় কৰে। বিশ্ব শান্তি, সামাজিক সম্প্রীতি আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা জনমানসলৈ কঢ়িয়াই নিয়াৰ লক্ষ্যৰে সংগঠনটোৱে আগন্তুক দিনতো এনে কার্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।