নিশা শোৱাৰ আগতে আপুনিও খায় নেকি গাখীৰ ? যদি খায় জানি লওক ইয়াৰ অপকাৰিতা

Jyoti Borah August 12, 2023

ডিজিটেল ডেস্ক: আমাক সৰুৰে পৰা শিকাই আহিছে যে গাখীৰ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী, আমি দৈনিক একৰ পৰা দুগিলাচ গাখীৰ খাব লাগে কাৰণ ইয়াত  সম্পূৰ্ণ খাদ্য আৰু প্ৰায় প্ৰতিটো পুষ্টিকৰ উপাদান পোৱা যায়। গাখীৰ হৈছে কেলচিয়াম আৰু প্ৰটিনৰ সমৃদ্ধ উৎস, ইয়াক খোৱাৰ লগতে শৰীৰত ভিটামিন এ আৰু ভিটামিন বিও পোৱা যায়। কিন্তু এই ছুপাৰড্ৰিংক নিশা শোৱাৰ আগতে খোৱাটো উপকাৰী হ’বনে? আহক জানো
              আমেৰিকাৰ কেলিফৰ্ণিয়াত থকা গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ পালনিয়াপ্পান মণিকামে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। তেওঁ কয় যে ৩০ বছৰৰ ওপৰৰ লোকৰ ক্ৰমান্বয়ে লেক্টেজ এনজাইমৰ অভাৱ ঘটে, যাৰ ফলত শৰীৰে গাখীৰ হজম কৰাত অসুবিধাৰ সৃষ্টি কৰে। এই সময়ত আমাৰ অন্ত্ৰত লেক্টেজ এনজাইমৰ উৎপাদন কমিবলৈ আৰম্ভ কৰে, যাৰ ফলত গাখীৰত থকা গ্লুক’জ আৰু গেলেক্ট’জৰ বিভাজন আৰু ইয়াৰ শোষণত সমস্যাৰ সৃষ্টি হয়।তেওঁৰ মতে নিশা শোৱাৰ আগতে গাখীৰ খোৱা উচিত নহয় কাৰণ ই টোপনিৰ সময়ত হজম শক্তিত সমস্যাৰ সৃষ্টি কৰে। হজম শক্তিৰ লগত জড়িত কোনো সমস্যা নাথাকিলেও  শোৱাৰ সময়ত গাখীৰ সেৱন কৰিব নালাগে। লগতে কয় যে খাদ্য খোৱাৰ লগে লগে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ গাখীৰত কাৰ্বহাইড্ৰেট পোৱা যায় সেই বাবে ই ইনচুলিনৰ নিঃসৰণ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত শৰীৰৰ কাৰ্যকলাপ বিঘ্নিত হয়। যদি নিশা গাখীৰ খায় ,তেনেহলে শোৱাৰ ২ৰ পৰা ৩ ঘণ্টা আগতে খাব লাগে।

Share This