মুখ্যমন্ত্ৰীয়ে বাসভৱনলৈ গৈ সাক্ষাৎ কৰাৰ পাছতে দুয়ো নেতাৰ ঘোষণা, বিজেপিত যোগদান কৰিব ভূপেন বৰাই

dainik janambhumi February 18, 2026

ডিজিটেল ডেস্ক: নিশ্চিত হ'ল ভূপেন বৰাৰ পৰৱৰ্তী ঠিকনা। কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিব জ্যেষ্ঠ কংগ্রেছ নেতা তথা অসম প্রদেশ কংগ্ৰেছৰ প্রাক্তন সভাপতি ভূপেন বৰাই। অহা ২২ ফেব্ৰুৱাৰীত ভূপেন বৰাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পার্টিত যোগদান কৰিব। 

কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈ সাক্ষাৎ কৰি ডেৰঘণ্টীয়া ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে বৈঠকৰ অন্তত সদ্যপ্রাক্তন ভূপেন বৰাক কাষত বহুৱাই সংবাদমেল সম্বোধন কৰি কয়, 'আজি বহুদিনৰ পাছত মোৰ পূৰ্বৰ সতীর্থ আৰু অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি আৰু অসম প্রদেশ কংগ্ৰেছ কমিটীৰ কেম্পেইন কমিটীৰ চেয়াৰমেন ভূপেন বৰাক সাক্ষাৎ কৰিবলৈ আহিছিলোঁ। তেওঁ কালি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল। মই জনাবলৈ পাই আনন্দিত যে অহা ২২ ফেব্ৰুৱাৰীত তেওঁ ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কেইটা বজাত, কেনেকৈ যোগদান কৰিব সেই বিষয়ত সিদ্ধান্ত ল'ব। তেওঁৰ সতীর্থ বহুকেইজন কংগ্ৰেছৰ নেতা-কর্মীয়ে গুৱাহাটীত ভূপেন বৰাৰ লগত বিজেপিত যোগদান কৰিব। লখিমপুৰ জিলাতো তেওঁৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব। লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা আদিত বাকীসকল কংগ্ৰেছৰ নেতা-কর্মীয়েও ভূপেন বৰাৰ লগত যোগদান কৰিব। আজি ৰাজনীতিৰ কথা বেছি পতা নাই। কাইলৈ মই আৰু ভূপেন বৰাই বহি বাকী ৰাজনৈতিক কথাখিনি পাতি ল'ম। আনহাতে কালি ভূপেন বৰাৰ লগত কথা পাতিছিলোঁ আৰু আজি ভূপেন বৰাৰ ঘৰলৈ অহাটো ভূপেন বৰাৰ প্ৰতি মোৰ সন্মান বুলিও মুখ্যমন্ত্রীয়ে কয়। 

ইফালে ভূপেন বৰাই দৰকাৰ হ'লে জালুকবাৰীতো নির্বাচন খেলিব পাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে জিকোৱা-হৰুৱাটো ৰাইজে কৰিব। ভূপেন বৰাৰ বাবে বিজেপিৰ দৃষ্টিভংগীৰে ভাল ছীটৰ কোনো অভাৱ নাই। ভূপেন বৰাই আছিল কংগ্ৰেছৰ শেষৰগৰাকী শক্তিশালী হিন্দু নেতা। তেওঁৰ প্ৰস্থানৰ লগে লগে কংগ্ৰেছ দলটো হিন্দু নেতা শূন্য হৈ পৰিব। অসমীয়া মূলসুঁতিৰ বাবে তেওঁ কাম কৰি আহিছে। কংগ্ৰেছত থাকিও ভূপেন বৰাই অসমৰ খিলঞ্জীয়া লোকৰ বাবে কাম কৰি আহিছে। মাধৱদেৱ কলাক্ষেত্ৰৰ কাম আৰম্ভ কৰিছিল ভূপেন বৰাই। মাধৱদেৱ বঁটাৰো আৰম্ভণিও তেওঁ কৰিছিল। আসনৰ অংকত বিজেপিলৈ ভূপেন বৰা অহা নাই। তেওঁ বহু কষ্ট পাইহে বিজেপিত আহিছে। বিজেপিত ভূপেন বৰাক যথাযোগ্য সন্মান দিয়া হ'ব। মই আশা কৰোঁ ভূপেন বৰাই বিজেপিলৈ আহি ভাল পাব। ভূপেন বৰাৰ বাবে অসমত সমষ্টিৰ অভাৱ নাই। বিধায়ক হ'বলৈ ভূপেন বৰা কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা নাই। আনহাতে ভূপেন বৰা কংগ্ৰেছত থকা মোৰ এজেন্ট নাছিল, মইহে ভূপেন বৰাক আজি নতুনকৈ বহু খবৰ দিছোঁ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মই মে' মাহতে কৈছিলোঁ বুলি পুনৰ সদৰী কৰে। 

সংবাদমেলত গৌৰৱ গগৈৰ সন্দৰ্ভতো পুনৰ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ গৌৰৱ গগৈ হতাশ হোৱা নাই, ৩১ৰ বাবে সাজু হৈ আছে বুলি উল্লেখ কৰি কয় যে ডাঙৰ মানুহৰ ল'ৰা কেতিয়াও হতাশ নহয়। তেওঁলোকৰ নিজৰ বেলেগ লাইফষ্টাইল থাকে, কাৰণ তেওঁলোক আশীর্বাদপুষ্ট মানুহ। কেতিয়াবা নিৰ্বাচনত হৰা বাবে ৰাহুল গান্ধীক হতাশ হোৱা দেখিছে নেকি বুলিও প্রশ্ন উত্থাপন কৰি মুখ্যমন্ত্রী ড° শর্মাই ইনক্লুছিভ মাইণ্ডে যি কয় গৌৰৱ গগৈয়ে তাকেই কয় বুলি মন্তব্য কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ দলৰ সন্দর্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে কষ্ট কৰি নেতা হোৱা সংখ্যালঘু নেতা ৰাইজৰ দললৈ যাব। ২০৩১লৈ কংগ্ৰেছে নহয়, ৰাইজৰ দলেহে বিজেপিক প্রত্যাহ্বান দিব। অখিল গগৈৰ হাতত কংগ্ৰেছৰ মুছলিম ভোটবেংক লাভৰ সুযোগ আছে। আনহাতে প্রদ্যুৎ বৰদলৈয়ে লোক সভাৰ নিৰ্বাচনৰ দুমাহ পূর্বে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে আৰু দেৱব্ৰত শইকীয়াই বিধানসভাৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত গেৰুৱা দললৈ অহাৰ বাট মুকলি হ'ব বুলিও মুখ্যমন্ত্রীয়ে কয়। 

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বিহুৰ আনন্দৰ পূৰ্বেই নির্বাচনী প্রক্রিয়া সামৰিবলৈ নির্বাচন আয়োগক আহ্বান জনাইছে বুলি মুখ্যমন্ত্রীয়ে সংবাদমেলত উল্লেখ কৰি অসমৰ বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতি অতি উন্নত, সেয়েহে বিহাৰৰ দৰে ৰাজ্যই যদি দুটা পর্যায়ত নির্বাচন কৰিব পাৰে, তেন্তে অসমে মাত্র এটা পর্যায়তে নির্বাচন পাতিবলৈ সক্ষম বুলি কয়। ইফালে আজিৰ সংবাদমেলতে ২০ ফেব্ৰুৱাৰীত অৰুণোদয়ৰ ৮ হাজাৰ টকা দিয়া নহয়, ১০ মাৰ্চতহে ৮ হাজাৰৰ সলনি ৯ হাজাৰ টকাকৈ দিয়া হ'ব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে।

Share This