বিহাৰ বিধানসভাৰ নিৰ্বাচন, প্রথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অধিসূচনা জাৰি নিৰ্বাচন আয়োগৰ

dainik janambhumi October 11, 2025

ডিজিটেল ডেস্ক :  বিহাৰৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ বাবে শুকুৰবাৰে নিৰ্বাচন আযোগে অধিসূচনা জাৰি কৰে। ইয়াৰ লগে লগে শুকুৰবাৰৰ পৰা প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ হ'বলগীয়া আসনসমূহৰ বাবে প্রার্থীসকলৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 

প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ১৭ অক্টোবৰ ধাৰ্য কৰা হৈছে। ১৮ অক্টোবৰত মনোনয়ন পৰীক্ষা হ'ব আৰু মনোনয়ন উঠাই লোৱাৰ অন্তিম তাৰিখ হ'ব ২০ অক্টোবৰ। নির্বাচন আয়োগে মনোনয়ন দাখিলৰ কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ নির্দেশ দিছে। 

উল্লেখযোগ্য যে অহা ৬ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ হ'ব আৰু ১২১খন বিধানসভাৰ আসনৰ বাবে প্ৰাৰ্থীসকলৰ মাজত প্রতিদ্বন্দ্বিতা হ'ব।

Share This