ডিজিটেল ডেস্ক : চিৰাং জিলাৰ ঐতিহাসিক বিজনী চহৰত অৱস্থিত আৰু এসময়ৰ অসমৰ দ্বিতীয় চিৰিয়াখানাৰূপে খ্যাত বৰ্তমানৰ বিজনী বন উদ্যান সম্প্রতি সংকটৰ গৰাহত পৰিছে। সম্প্রতি বন উদ্যানখনত থকা জীৱ-জন্তুসমূহ পর্যাপ্ত পৰিমাণৰ খাদ্য সংকটত পৰি সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে বন বিভাগৰ দ্বাৰা পৰিচালিত এসময়ত অসমৰ দ্বিতীয়খন চিৰিয়াখানা হিচাপে পৰিগণিত হোৱা এই উদ্যানখনত আছিল ভালেসংখ্যক অজগৰ, কেটেলা পহু, হৰিণা, বান্দৰ, ম'ৰা চৰাইসহ বহু প্ৰজাতিৰ জীৱ-জন্তুৰ লগতে বিশাল আকাৰৰ পুখুৰীত আছিল বিভিন্ন প্রজাতিৰ মাছ, উদ্ভিদ। বর্তমান বি টি চিৰ অধীনৰ এইখন বহু পুৰণি ক্ষুদ্ৰ চিৰিয়াখানা। অবিভক্ত গোৱালপাৰা জিলাৰ অধীনৰ বঙাইগাঁও সামাজিক বনানীকৰণৰ অধীনত বিগত ১৯৮৩ চনতে স্থাপিত হৈছিল এই ক্ষুদ্ৰ চিৰিয়াখানাখন। মুঠ ১.৪৭ হেক্টৰ ভূমিত স্থাপন কৰা অসমৰ দ্বিতীয়খন চিৰিয়াখানা হিচাপে পৰিগণিত হোৱা এই উদ্যানখনত এসময়ত বহু দূৰ-দূৰণিৰ পৰা দৰ্শনাৰ্থীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছিল। উদ্যানৰ ভিতৰত আনকি চিনেমা, তথ্যচিত্ৰৰ দৃশ্য গ্রহণ হৈছিল। উদ্যানখনৰ মাজত এক দীঘল পুখুৰীয়ে উদ্যানখনক সোণত সুৱগা চৰাইছিল।
বনজ সম্পদত চহকী বিজনী অঞ্চলত বিগত ১৯৮৩ স্থাপন হোৱা উদ্যানখন নির্মাণত বিশেষ গুৰুত্ব প্রদান কৰিছিল তদানীন্তন বিজনীৰ বন বিষয়া কুলেন্দু গুহই। তেওঁৰ অধীনত বিজনী বন উদ্যান তথা মিনি চিৰিয়াখানাত গঢ়ি উঠিছিল বিভিন্ন প্ৰজাতিৰ ফল, ফুল, উদ্ভিদ, গছ-গছনি। লগতে ভিন্ন প্ৰজাতিৰ অৰ্কিড উদ্যানখনৰ ভিতৰত সংৰক্ষিত হোৱা দেখিবলে পোৱা গৈছিল। কালক্ৰমত উদ্যানখনৰ গৰিমা হ্রাস পোৱা দেখা গৈছে। সম্প্রতি বি টি চিৰ বন বিভাগৰ অৱহেলাত ধ্বংসৰ গৰাহত পৰিছে এসময়ৰ উল্লেখনীয় বৃহৎ আকাৰৰ বন উদ্যানখন। বর্তমান উদ্যানখনত ত্রিশটা হৰিণা পহু আৰু কিছু ৰাজহাঁহ, পাতিহাঁহ বিদ্যমান। বি টি চিৰ বন বিভাগে উদ্যানখনৰ উন্নয়নত কোনো গুৰুত্ব প্রদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। বিজনীবাসীয়ে বন উদ্যান তথা ক্ষুদ্ৰ চিৰিয়াখানাখন পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে বন বিভাগ তথা বি টি চি প্রশাসনক পুনৰ আৱেদন জনোৱাৰ লগতে বিজনীৰ নৱ নিৰ্বাচিত বিধায়ক অৰূপ কুমাৰ দে'ৰ ওচৰতো আৱেদন জনাইছে। বিগত ১৯৮৩ চনৰ পৰা বৰ্তমানলৈ কেইবাখনো চৰকাৰ সলনি হ'ল যদিও পূৰ্বৰ বিজনীৰ বিধায়কসকলে বিজনীৰ সেউজকৰণ আৰু প্রমোদ বিনোদনৰ স্থান বন উদ্যানখনৰ উন্নয়ন নকৰিলে যদিও বি টি চি প্রশাসন আৰু বৰ্তমানৰ বিজনীৰ বিজেপি বিধায়কগৰাকীয়ে গুৰুত্ব প্রদান কৰিব বুলি বিজনীবাসী আশাবাদী। অসম চৰকাৰ অথবা বি টি চি প্রশাসনৰ বন বিভাগে যদি পুনৰ বন উদ্যানখন আধুনিক প্রযুক্তিৰ দাৰা কাৰ্যক্ষম কৰি তোলে, তেনেহ'লে পুনৰ আগৰ পৰিৱেশ ঘুৰি অহাৰ থল আছে।
আনহাতে উদ্যানখনত থকা মূল্যৱান গছ-গছনি তথা ভিন্ন প্রজাতিৰ অৰ্কিডসমূহো নোহোৱা হৈ গৈ আছে। এসময়ত বনৰীয়া জন্তুৰে ভৰি থকা উদ্যানখন এতিয়া জৰাজীৰ্ণ অৱস্থাই প্রকৃতি প্রেমী আৰু সচেতন ৰাইজক চিন্তিত কৰি তুলিছে। উল্লেখযোগ্য যে বিগত ২০০৩ চনত বি টি চি গঠন হোৱাৰ পাছত বিজনীৰ বন উদ্যানখন ২০০৭ চনত কোকৰাঝাৰ সামাজিক বনানীকৰণৰ সৈতে চামিল হয়। বন বিভাগৰ অৱহেলাৰ বাবে লাহে লাহে বন উদ্যান তথা ক্ষুদ্ৰ চিৰিয়াখানাখনৰ পৰা জন্তুসমূহ নোহোৱা হ'বলৈ ধৰাৰ অভিযোগ উত্থাপিত হৈছে। নিতৌ বহু ঠাইৰ পৰা মানুহে আহি ভিৰ কৰা বন উদ্যানখনত বর্তমান কেইবাজনো বন বিষয়া-কর্মচাৰীয়ে চোৱাচিতা কৰে যদিও সেয়া কাগজে-কলমেহে। প্রকৃতার্থত মাথোঁ দুজন কৰ্মচাৰীয়েহে দিনটোত দুবাৰ আহি হৰিণাকেইটাক খাদ্যৰ যোগান ধৰে। বি টি চিৰ বন বিভাগৰ পৰা যিমান গুৰুত্ব প্রদান কৰিব লাগিছিল তেনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিজনীৰ সচেতন ৰাইজে।