চাহ জনগোষ্ঠী-আদিবাসীক স্থায়ী ভোটবেংক কৰাৰ লক্ষ্য বিজেপিৰ, ২৯টা সমষ্টি শ শ কোটি টকা ব্যয়

dainik janambhumi March 12, 2026

ডিজিটেল ডেস্ক: ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলক স্থায়ী 'ভোট বেংক' কৰাৰ পৰিকল্পনা অনুসৰিয়ে শাসকীয় দল বিজেপিয়ে আগবঢ়াই দিছে জনগোষ্ঠীটোৰ উন্নয়নৰ বিভিন্ন কাম-কাজ। স্বাধীনতাৰ পাছৰে পৰাই দীর্ঘদিন ধৰি কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা জনগোষ্ঠীটোৰ লোকসকলক সকলো ক্ষেত্রতে সহায় আগবঢ়াই অতি কষ্টেৰে গেৰুৱা দলৰ চৰকাৰখনে নিজৰফলীয়া কৰিবলৈ একপ্ৰকাৰ সক্ষম হৈছে। লক্ষ্য মাথোঁ এটাই-চাহ জনগোষ্ঠীৰ লোকসকলে নির্ণায়ক ভূমিকা গ্রহণ কৰি অহা সমষ্টিসমূহ দখল কৰা। 

উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সম্প্ৰতি ৰাজ্যখনত মুঠ ২৯টা এনে বিধানসভা সমষ্টি আছে যিবোৰ সমষ্টিত চাহ জনগোষ্ঠীৰ লোকসকলে নির্বাচনত নির্ণায়ক ভূমিকা গ্রহণ কৰিব। এই ২৯টা বিধানসভা সমষ্টিত থকা প্রায় ৫০ লক্ষাধিক চাহ জনগোষ্ঠীৰ ভোটাৰক বিজেপিৰ ভোটাৰ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰখনে এটাৰ পাছত এটাকৈ পদক্ষেপ গ্রহণ কৰিছে। 

অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাই প্রকাশ কৰা মতে, আজিৰ তাৰিখত তিনিচুকীয়া জিলাৰ ডুমডুমা, ডিগবৈ, তিনিচুকীয়া, মাকুম, ডিব্রুগড় জিলাৰ চাবুৱা- লাহোৱাল, খোৱাং, টিংখাং, দুলীয়াজান, শিৱসাগৰ জিলাৰ নাজিৰা, চৰাইদেউ জিলাৰ সোনাৰি, যোৰহাট জিলাৰ তিতাবৰ, মৰিয়নী, গোলাঘাট জিলাৰ সৰুপথাৰ, খুমটাই, বোকাখাট, শোণিতপুৰ জিলাৰ ৰঙাপাৰা, বৰচলা, ঢেকীয়াজুলি, বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলি, নগাঁও জিলাৰ কলিয়াবৰ, লখিমপুৰ জিলাৰ ৰঙানদী, ওদালগুৰি জিলাৰ মাজবাট, কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও, কাছাৰ জিলাৰ বৰচলা, কাটিগড়া, উদাৰবন্দ, লক্ষীপুৰ, হাইলাকান্দি জিলাৰ হাইলাকান্দি আৰু শ্রীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্রহণ কৰিব। সেয়েহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনত চাহ জনগোষ্ঠীৰ লোকসকলক আকৰ্ষিত কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে। 

উল্লেখযোগ্য যে চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব নোৱাৰিলেও আন উপায়েৰে তেওঁলোকক সহায় কৰিছে চৰকাৰখনে। আনকি চাহ বাগিচা এলেকাত বাস কৰা মুঠ ৩৭টা চাহ জনগোষ্ঠীৰ লোকক অ' বি চিৰ মৰ্যাদা প্রদান কৰাৰ বাবেও ৰাজ্য চৰকাৰখনে সিদ্ধান্ত লৈছে। ইয়াৰ উপৰি অহা এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ চাহ শ্রমিকৰ মজুৰি পুনৰ ত্ৰিশ টকাকৈ বৃদ্ধি কৰা হৈছে। সেই অনুসৰি এক এপ্ৰিলৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ শ্ৰমিকসকলে ২৮০ টকা আৰু বৰাক উপত্যকাৰ শ্রমিকসকলে ২৫৮ কোটি টকাকৈ দৈনিক মজুৰি লাভ কৰিব। আনহাতে, ৰাজ্যৰ বিজেপি চৰকাৰখনে চাহ জনগোষ্ঠীটোৰ বাবে গ্ৰহণ কৰা সকলোতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হৈছে বাগিচাৰ লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা। সেই অনুসৰি ৰাজ্যৰ ৮২৫খন চাহ বাগিচাৰ ৩,৩৩,৪৮৬টা পৰিয়ালক ভূমিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত তিনি শতাংশ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰাৰ লগতে এম বি বি এছ পাঠ্যক্ৰমত সংৰক্ষিত আসনৰ সংখ্যা তিনিৰ পৰা চাৰিখনলৈ বৃদ্ধি কৰা হৈছে। 

ইফালে 'এটি কলি দুটি পাত' নামৰ আঁচনিৰ অধীনত ৰাজ্যৰ ৬,০৩,৯২৭ গৰাকী চাহ শ্রমিক-কর্মচাৰীক পাঁচ হাজাৰ টকাকৈ এককালীন আর্থিক সাহায্য প্রদান কৰাৰ লগতে 'ঝুমুৰ বিনন্দীয়া'ত অংশগ্রহণ কৰা ৮০০০ গৰাকী যুৱক-যুৱতীক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি আদিবাসী কল্যাণ উন্নয়ন পৰিষদলৈ পাঁচশ কোটি টকা আগবঢ়োৱাৰ লগতে তিনি লাখ চাহ শ্রমিকৰ বকেয়া বিদ্যুৎ বিল ৰেহাই দিয়াৰ বাবে ১৫৯ কোটি টকা চৰকাৰখনে ব্যয় কৰিছে। 

ৰাজ্যৰ বিজেপিৰ চৰকাৰখনে এতিয়ালৈকে বাগিচাৰ ১.১ লাখ গৰ্ভৱতী মহিলালৈ পোন্ধৰ হাজাৰ টকাকৈ আগবঢ়োৱাৰ লগতে দক্ষতা বিকাশ তথা স্ব-নিয়োজনৰ বাবে ৩০ হাজাৰৰো অধিক যুৱক-যুৱতীলৈ ২৫ হাজাৰ টকাকৈ, এক হাজাৰৰো অধিক মহিলা আত্মসহায়ক গোটক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰা শিক্ষা ঋণৰ বিপৰীতে ৫০ হাজাৰ টকা পর্যন্ত এককালীন বিত্তীয় সাহায্যও দিয়া হৈছে। যাৰ বাবে ৰাজ্য চৰকাৰখনৰ ব্যয় হৈছে ২.৬৯ কোটি টকা। 

অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ অধীনতো চলিত বিত্তীয় বর্ষত ৪৮৬খন চাহ বাগিচাক প্ৰদান কৰা হৈছে মুঠ ৯৪.৭০ কোটি টকা। ৭০খন চাহ বাগিচাত মহাপ্রভু জগন্নাথ কমিউনিটী হল তথা দক্ষতা বিকাশ কেন্দ্র স্থাপন কৰাৰ লগতে ৪৩০খন বাগিচাত এনে কেন্দ্র নির্মাণৰ কাম চলি আছে। ইয়াৰ উপৰি ৰাজ্য চৰকাৰখনে চাহ বাগিচাত বিদ্যালয় আৰু চিকিৎসালয় স্থাপন, ছাত্র-ছাত্ৰীসকলৰ জলপানি দিয়া, হোষ্টেল নির্মাণ কৰা, আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা, চিকিৎসালয়লৈ বার্ষিক দহ লাখকৈ টকা প্রদান কৰা, ম'বাইল মেডিকেল বাহন দিয়া আদি বহুসংখ্যক জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে। কিন্তু এই সকলোবোৰ কামৰে আঁৰত জনগোষ্ঠীটোৰ উন্নয়নৰ সমানে সমানে বাগিচাৰ ভোটাৰসকলক বিজেপিমুখী কৰাই বিজেপিৰ মূল উদ্দেশ্য বুলি এতিয়া সর্বত্র চর্চা চলিছে।

Share This