গান্ধী, আম্বেদকাৰ, নেহৰুৰ প্ৰতি ঘৃণা বিয়পোৱাই বিজেপি-আৰ এছ এছৰ আদৰ্শ

dainik janambhumi December 18, 2025

ডিজিটেল ডেস্ক : মহাত্মা গান্ধী, বি আৰ আম্বেদকাৰ আৰু জৱাহৰলাল নেহৰুৰ নামৰ প্ৰতি ঘৃণাৰ ভাব বিয়পোৱাটোৱে হৈছে বিজেপি আৰু আৰ এছ এছৰ মূল আদর্শগত উপাদান। বুধবাৰে কংগ্ৰেছে এই বিস্ফোৰক অভিযোগ কৰে। 

ৰাজ্য সভাত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে 'আম্বেদকাৰ' বিষয়ক কৰা বিতর্কিত মন্তব্যৰ বাবে এবছৰ পূৰ্বে ব্যাপক ৰাজনৈতিক বিতর্ক হৈছিল। এবছৰৰ পাছত পুনৰ এই বিষয় উত্থাপন কৰি 'এক্স'যোগে কংগ্ৰেছৰ সাধাৰণ সম্পাদক (যোগাযোগ) জয়ৰাম ৰমেশে এটা ভিডিঅ' প্ৰচাৰ কৰে। 

ৰমেশে কয় যে স্বাধীনতা সংগ্ৰামৰ তিনিজন ঐতিহাসিক নেতাক ভাৰতৰ আত্মাৰ পৰা পৃথক কৰিব পৰা নাযায়। ৰমেশে কয় যে সময়ে সময়ে এই তিনিজন স্বাধীনতা সংগ্ৰামীৰ বিৰুদ্ধে মন্তব্য কৰা আৰু ঘৃণাৰ ভাব প্রকাশ কৰাটো বিজেপি-আৰ এছ এছৰ স্বভাৱত পৰিণত হৈছে। আনহাতে, শেহতীয়াকৈ 'এম জি এনৰেগা' আঁচনিৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰাই দিয়াটোও হৈছে বিজেপিৰ এই এজেণ্ডাৰ প্ৰতিফলন।

Share This