বিজেপিৰ 'জন আশীর্বাদ যাত্রা'লৈ মধ্য অসমৰ ৰাইজৰ বিপুল সঁহাৰি

dainik janambhumi March 02, 2026

ডিজিটেল ডেস্ক : ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ ৰণডংকা বজাই কালি জাগীৰোডত বিজেপিৰ জন আশীর্বাদ যাত্রাত অংশ লয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। শনিবাৰে ঢেকীয়াজুলিত প্রথম দিনা বিজেপিৰ জন আশীর্বাদ যাত্রা আৰম্ভ কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নেতৃত্ব দিয়া কালি দ্বিতীয় দিনাৰ এই জন আশীর্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীৰ লগতে অংশগ্রহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া আৰু মন্ত্রী পীয়ূষ হাজৰিকাই। 

এক উখল-মাখল পৰিৱেশত হাজাৰ হাজাৰ লোকে জাগীৰোড-মৰিগাঁও পথৰ দুয়োকাষে উপস্থিত হৈ বিপুল আদৰণি জনায় মুখ্যমন্ত্রীক। মুখ্যমন্ত্রীক উদ্দেশ্যি চাৰিওফালে হাতে হাতে বিজেপিৰ পতাকা উৰুৱাই বিজেপিৰ সমর্থকসকলে হর্ষোল্লাস কৰি বিজেপি জিন্দাবাদ, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ধ্বনি দিয়ে। 

উল্লেখযোগ্য যে কালি পুৱা প্রায় দহ বজাত জাগীৰোডত উপস্থিত হোৱা মুখ্যমন্ত্রীয়ে জাগীৰোড পুলিচ পইন্টৰ পৰা আৰম্ভ কৰে এই জন আশীর্বাদ যাত্রা। এখন সু-সজ্জিত বাহনত উঠি জন আশীর্বাদ যাত্রাত অংশগ্রহণ কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক হাজাৰ হাজাৰ লোকে ফুল ছটিয়াই আশীর্বাদ দিয়াৰ লগতে সহস্রাধিকে বাইক ৰেলী কৰি জাগীৰোডৰ পৰা এই যাত্রা আগবাঢ়ে মৰিগাঁৱলৈ। 

জাগীৰোডৰ পৰা মৰিগাঁও হৈ বাৰপূজীয়া, ৰহা সামৰি নগাঁৱৰ বঢ়মপুৰত সামৰণি পৰিবলগীয়া এই জন আশীর্বাদ যাত্রাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জাগীৰোড চাৰিআলিত ক্ষন্তেক ৰৈ ৰাইজক উদ্দেশ্যি এক চমু ভাষণ দিয়ে। তেওঁ ভাষণত কয় যে আজি জন আশীর্বাদ যাত্ৰাৰ দ্বিতীয়টো দিন। কালি আমি ঢেকীয়াজুলিৰ পৰা চাৰিদুৱাৰলৈ প্রায় এশ বিশ কিলোমিটাৰ পথত জন আশীর্বাদ যাত্রাত অংশগ্রহণ কৰিছিলোঁ। ৰাইজৰ অভূতপূর্ব উৎসাহ আৰু উদ্দীপনাই প্রমাণ কৰিছে যে আকৌ এবাৰ অসমত ৰাইজে বিজেপিৰ চৰকাৰ পাতিবই। আজি ৰাইজে আশীর্বাদ দিছে আৰু ৰাইজে সিদ্ধান্ত লৈছে। মই জাগীৰোডবাসী ৰাইজৰ ওচৰতো আশীর্বাদ বিচাৰিছোঁ। আপোনালোকৰ আশীর্বাদত যাতে অসমত পুনৰবাৰ ভাৰতীয় জনতা পার্টিৰ চৰকাৰ গঠন কৰিব পাৰোঁ। আপোনালোকে আমাক হিয়া উজাৰি আশীর্বাদ দিয়ক তাকেই আমি প্রার্থনা জনাইছোঁ। মুখ্যমন্ত্রীয়ে লগতে ৰাইজৰ আশীর্বাদ বিচাৰি প্রতিশ্রুতি দি কয় যোৱা পাঁচ বছৰত বিজেপি চৰকাৰে অসমত যিমান কৰিছে আগন্তুক পাঁচ বছৰত তাতকৈ চাৰিগুণ বেছি কাম কৰিব। আৰু বেছি কাম কৰিম যাতে অসমক ভাৰতবৰ্ষৰ ভিতৰত এখন সর্বশ্রেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰোঁ। ইয়াৰ বাবে ৰাইজৰ বিপুল সঁহাৰি আশা কৰি মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ বাবেও আৰু অধিক কাম কৰিব বুলি উল্লেখ কৰে। 

উল্লেখযোগ্য যে কালিৰ এই জন আশীর্বাদ যাত্রাত জাগীৰোডৰ পথৰ দুয়োকাষে গায়ন-বায়ন, শংকৰী কলা-কৃষ্টি, তিৱা, বড়ো, কার্বি, গোর্খা, বাঙালী, বৰঢোলীয়া ইত্যাদি জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে অংশগ্রহণ কৰে আৰু নৃত্য, গীতেৰে মুখ্যমন্ত্রীক আদৰণি জনোৱা পৰিলক্ষিত হয়। তদুপৰি মুখ্যমন্ত্রী ড° শৰ্মাক জাগীৰোড-মৰিগাঁও পথৰ পালিগুৰি, জোনবিল, বাঘজাপ, জাগীভকতগাঁও, মায়ং ব্লক, কুমে, বঘৰা আদি সমগ্র পথছোৱাত বিজেপিৰ কার্যকৰ্তাসকলে হাতে হাতে বিজেপিৰ পতাকা লৈ বিপুল আদৰণি জনায়।

Share This