জে পি নড্ডাৰ বাসভৱনত চূড়ান্ত হ'ল মিত্ৰজোঁটৰ আসন বণ্টন, বিজেপিয়ে যুঁজিব ৮৯ সমষ্টিত

dainik janambhumi March 18, 2026

ডিজিটেল ডেস্ক: অৱশেষত বিজেপিয়ে মিত্র দল অগপ আৰু বি পি এফৰ সৈতে আসন বুজাবুজিত চূড়ান্ত ছীল-মোহৰ মাৰিলে। কালি নতুন দিল্লীত অনুষ্ঠিত এখন গুৰুত্বপূর্ণ বৈঠকত বিজেপিয়ে মিত্রদল অগপক ২৬খন আসন এৰি দিয়াৰ বিপৰীতে বি পি এফক ১১খন আসন প্রদান কৰে। আনহাতে গেৰুৱা দলটোৱে নিজা প্রতীক চিহ্নত ৮৯খন আসনত প্রতিদ্বন্দ্বিতা কৰিব। 

উল্লেখযোগ্য যে দীর্ঘদিন ধৰি বিজেপি মিত্ৰজোঁটৰ আসন বুজাবুজিক লৈ চলি থকা জল্পনা-কল্পনাৰ কালি ওৰ পৰিল। নতুন দিল্লীত বিজেপিৰ প্ৰাক্তন সভাপতি জে পি নড্ডাৰ বাসগৃহত দলটোৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সভাপতিত্বত কালি অসমৰ নিৰ্বাচনক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। 

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি অসমৰ দায়িত্বত থকা দলটোৰ শীর্ষ নেতাসকল এই বৈঠকত উপস্থিত আছিল। প্রায় এক ঘণ্টা ধৰি হোৱা বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সাংবাদিকৰ আগত কয় যে আজিৰ বৈঠকত দলীয় টিকটৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰি কিদৰে বি পি এফ আৰু অগপৰ সৈতে মিত্ৰতা কৰিম তাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি অগপই ২৬খন আসনত আৰু বি পি এফে ১১খন আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব। বাকী থকা আসনত বিজেপিয়ে প্রার্থী দিব।' 

ইফালে আজি সন্ধিয়া সংসদীয় ব'ৰ্ডৰ বৈঠক অনুষ্ঠিত হ'ব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে 'কাইলৈ সন্ধিয়া কেন্দ্ৰীয় সংসদীয় ব'ৰ্ডৰ বৈঠকৰ পাছত নিশায়েই বা পৰহিলৈ পুৱাৰ ভাগতে প্ৰাৰ্থীৰ তালিকা প্রকাশ পাব।' মুখ্যমন্ত্ৰীগৰাকীৰ মতে এইবাৰ মহিলা আৰু যুৱ প্ৰাৰ্থীক গুৰুত্ব দিয়াৰ লগতে সকলো জাতি-জনগোষ্ঠীক প্রার্থিত্ব দিয়া হ'ব। একেখন তালিকাতে সকলো সমষ্টিৰে প্ৰাৰ্থীৰ নাম প্রকাশ পাব বুলি উল্লেখ কৰি ড° শৰ্মাই স্পষ্টভাৱে কয় যে এইবাৰ বৰ্তমানৰ দুই-তিনিজন বিধায়কে প্রার্থিত্ব লাভ নকৰে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে উক্ত বিধায়ক কেইগৰাকীয়ে প্রার্থিত্ব নাপাব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। 

মন কৰিব লগীয়া কথা যে বিটি চিৰ পোন্ধৰখন আসনৰ ভিতৰত মাত্ৰ চাৰিখন আসনতহে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব। বাকী এঘাৰখন আসনেই গেৰুৱা দলটোৱে বি পি এফক এৰি দিছে। বি টি চিত হাগ্রামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফৰ উত্থানৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিয়ে এইবাৰ পূৰ্বৰ মিত্ৰদল ইউ পি পি এলক এৰি বি পি এফৰ সৈতে মিত্ৰতা কৰাই নহয়, নিজেও মাত্ৰ চাৰিখন আসনতহে প্রার্থী দিয়াৰ সিদ্ধান্ত লৈছে। আনহাতে অগপক পূর্বতকৈও এইবাৰ কম আসন দিছে বিজেপিয়ে। বিগত তিনিটাকৈ বিধানসভা নির্বাচনত অগপই বিজেপিৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচন খেলিছে। 

২০১৬ চনত বিজেপিয়ে অগপক ৩১খন আসন এৰি দিয়াৰ বিপৰীতে ২০২১ চনত দিছিল ২৯খন আসন। কিন্তু এইবাৰ আঞ্চলিক দলটোক প্ৰদান কৰা আসনৰ সংখ্যা ২৬খনলৈ হ্রাস পালে। আনকি অগপৰ দখলত থকা সমষ্টিও এইবাৰ ল'লে বিজেপিয়ে। যাক লৈ আঞ্চলিক দলটোৰ ভিতৰ চ'ৰাত সৃষ্টি হৈছে তীব্র কন্দল। জানিব পৰা মতে আজি নিশা বা কাইলৈ প্ৰাৰ্থীৰ তালিকা প্রকাশ পোৱাৰ পাছতেই বিজেপিৰ প্রার্থীসকলে অহা ২০ মাৰ্চৰ পৰা মনোনয়ন-পত্র দাখিলৰ পৰ্ব আৰম্ভ কৰিব। যিহেতু মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২৩ মার্চ, সেয়েহে গেৰুৱা দলটোৱে সোনকালে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

Share This