ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ প্ৰতি দেৰগাঁৱত লাভ কৰে বিপুল সঁহাৰি। নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ উপস্থিত হ'লেও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক দেৰগাঁৱত হিয়া উজাৰি আশীৰ্বাদ প্ৰদান কৰে।
শনিবাৰে নিশা দেৰগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে পুনৰবাৰ ঘোষণা কৰিলে দেৰগাঁও বিধানসভা সমষ্টিত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নির্বাচনত অৱতীৰ্ণ হ'ব। ৫ লাখ বিঘা মাটিত উচ্ছেদ চলিব। চলিত চৰকাৰৰ দিনত এক লাখ চাকৰি দিয়াৰ কথা আছিল। কিন্তু পুনৰ চৰকাৰ হ'লে দুই লাখ চাকৰি দিয়া হ'ব। দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয় মাটিত এখন চিকিৎসালয় মহাবিদ্যালয় নিৰ্মাণ কৰা আৰু নেঘেৰিটিং শিৱদ'লৰ আকৰ্ষণ বৃদ্ধি কৰাৰ কথা পুনৰ উল্লেখ কৰে।
জন আশীৰ্বাদ যাত্ৰাত ভাৰতীয় জনতা পাৰ্টিৰ দলীয় কৰ্মী, সমর্থকসকলে 'জিন্দাবাদ' ধ্বনি দিয়াৰ লগতে মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদৰ সভাপতি 'অতুল বৰা জিন্দাবাদ' ধ্বনি দিয়া শুনা গ'ল। অসম গণ পৰিষদৰ একাংশ কৰ্মীয়ে মুখ্যমন্ত্ৰীক আদৰণি জনোৱাৰ লগতে 'দেৰগাঁও সমষ্টি অসম গণ পৰিষদক লাগিবই' বুলি উচ্চস্বৰে ধ্বনি দিয়া দেখা গ'ল।
আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ দেৰগাঁৱত বিজেপি প্রার্থীয়ে নির্বাচন খেলিব বুলি উল্লেখ কৰাৰ পাছতেই বিজেপি কর্মকর্তাসকল অধিক উৎফুল্ল হৈ পৰে। দেৰগাঁও চাৰিআলিত সামৰণি মৰা গোলাঘাট জিলা জন আশীৰ্বাদ যাত্ৰাৰ দিনজোৰা কাৰ্যসূচীত বিশেষভাৱে মাজনিশা পর্যন্ত মুখ্যমন্ত্ৰীগৰাকীৰ বাবে ৰৈ থকা দেৰগঞা ৰাইজৰ অভূতপূর্ব সঁহাৰিৰ বাবে দেৰগাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।