মণিপুৰত নতুন চৰকাৰ গঠন কৰিব বিজেপিয়ে, মিত্ৰদলৰে উপনীত হ'ল সর্বসম্মত সিদ্ধান্তত

dainik janambhumi November 10, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় জনতা পার্টি (বিজেপি) আৰু ইয়াৰ মিত্ৰ দলবোৰে মণিপুৰত এখন নতুন চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত এটা সর্বসম্মত সিদ্ধান্তত উপনীত হৈছে। বিজেপিৰ পৰ্যবেক্ষক হিচাপে জ্যেষ্ঠ নেতা বি এল সন্তোষ আৰু সম্বিত পাত্র চলিত সপ্তাহৰ শেষৰফালে মণিপুৰ ভ্ৰমণ কৰিব আৰু এই বিষয়ত প্রক্রিয়া আগবঢ়াব। যোৱা মাহত ৰাজ্যখনৰ এটা বিধায়কৰ দলে নতুন দিল্লীলৈ গৈছিল আৰু দলীয় নেতৃত্বক এই চৰকাৰ গঠনৰ প্ৰস্তাৱটো দাখিল কৰিছিল। 

উল্লেখযোগ্য যে মণিপুৰত এন বীৰেন সিঙৰ নেতৃত্বাধীন চৰকাৰখনে পদত্যাগ কৰাৰ পাছত কেন্দ্রীয় চৰকাৰে ১৩ ফেব্ৰুৱাৰীত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰিছিল। আনহাতে, ইয়াৰ পৰৱৰ্তী সময়ত বিজেপিয়ে কেইবালানি আলোচনাৰ পাছতো মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীক নিৰ্বাচন কৰাত ব্যৰ্থ হৈছিল আৰু ২৫ জুলাইত ৰাজ্যখনত ছমাহলৈ ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰিছিল কেন্দ্ৰই। 

২০২৭ চনলৈকে কার্যকাল থকা মণিপুৰ বিধানসভাৰ সদস্যসকলৰ কার্যকাল স্থগিতহে ৰখা হৈছিল। মণিপুৰ বিধানসভা এতিয়াও ভংগ কৰি দিয়া নাই। সেইবাবে বিজেপিয়ে ইয়াৰ মিত্ৰদলৰ সৈতে এখন নতুন চৰকাৰ গঠনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে।

Share This