ৰাণী বনাঞ্চলত ক'লা ভালুক

dainik janambhumi March 09, 2026

ডিজিটেল ডেস্ক: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যত শেহতীয়াকৈ বিলুপ্তপ্রায় প্ৰজাতিৰ ক'লা ভালুকে বিচৰণ কৰি থকা দৃশ্য কেমেৰাত বন্দী হৈছে। ইতিমধ্যে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ভালুক বিচৰণৰ ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে- 'ৰাজ্যৰ অনুপম প্ৰকৃতিৰ কোলাত এতিয়া প্রতিটো জীৱ-জন্তুৱে সুৰক্ষিত পৰিৱেশ লাভ কৰিছে। 

ৰাণী সংৰক্ষিত বনাঞ্চলত শেহতীয়াকৈ স্বাভাৱিক পৰিৱেশত জোন ৰাভাৰ কেমেৰাত আবদ্ধ হোৱা এটা ক'লা ভালুক বিচৰণৰ দৃশ্যই আমাৰ বন্যপ্রাণী সংৰক্ষণৰ প্ৰচেষ্টাত সফলতাৰ এক স্পষ্ট প্রতিচ্ছবি দাঙি ধৰিলে। প্ৰকৃতিৰ এই সমৃদ্ধি আৰু জৈৱ-বৈচিত্র্য ৰক্ষাৰ দিশত আমি দায়বদ্ধতাৰে কাম কৰি যাম সদায়।' 

উল্লেখযোগ্য যে জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী জোন ৰাভাই ক'লা ৰঙৰ ভালুক বিচৰণৰ এই দৃশ্য কেমেৰাত বন্দী কৰিছিল। এই সন্দৰ্ভত ৰাণী সংৰক্ষিত বনাঞ্চলৰ কিছু নিলগৰ বিক্ৰমপুৰৰ বাসিন্দা তথা এটা টেলিভিছন চেনেলৰ জ্যেষ্ঠ সাংবাদিক জোন ৰাভাই জানিবলৈ দিয়া অনুসৰি তেওঁৰ মাজে-সময়ে ঘৰৰ ওচৰতে থকা ৰাণী সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন অৰণ্যত বাতৰি সংগ্ৰহৰ লগতে জীৱ-জন্তু নিৰীক্ষণৰ বাবে অৰণ্যত ঘূৰি ফুৰা কাৰ্য এটা অভ্যাসত পৰিণত হৈছিল। এদিন জয়পুৰ বনগাঁৱৰ গাঁওবুঢ়া হেমন্ত কে মাৰাকে তেওঁক জনাইছিল যে সেই অৰণ্যত ক'লা ভালুক আছে বুলি সৰুতে তেওঁলোকে শুনিছিল। আনকি পুৰণি মানুহখিনিয়ে অৰণ্যত গৰু, ছাগলী আনিবলৈ যাওঁতে ক'লা ৰঙৰ ভালুক প্ৰত্যক্ষ কৰিছিল। সেই কথাৰ আঁত ধৰি তিনি মাহমান পূর্বে এজোপা গছত পৰীক্ষামূলকভাৱে তেওঁ এটা ট্রেপ কেমেৰা সংস্থাপন কৰে। অৱশেষত কিছুদিন আগতে ন সেই কেমেৰাত এটা ক'লা ৰঙৰ ভালুক বিচৰণ কৰা আৰু ভালুকটোৱে এটা নিজৰাত পানী খোৱা দৃশ্য বন্দী হয়। এই কথাই তেওঁক বহু আনন্দিত কৰে আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী পৰ্টেললৈ প্ৰেৰণ কৰে। 

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে শনিবাৰে ৰাণী সংৰক্ষিত  বনাঞ্চলত ক'লা ৰঙৰ ভালুকৰ বিচৰণৰ ভিডিঅ' শ্বেয়াৰ কৰে। একেদৰে বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীকে ধৰি বন বিভাগৰ চৰকাৰী পৰ্টেলটো বিলুপ্তপ্ৰায় প্ৰজাতিৰ বগা মুখৰ ক'লা ৰঙৰ ভালুকৰ বিচৰণৰ দৃশ্য শ্বেয়াৰ কৰিছে। 

লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে তেওঁ ২০২৫ চনৰ জানুৱাৰী মাহত ৰাণী সংৰক্ষিত বনাঞ্চলৰ ওখ গছত বিলুপ্তপ্ৰায় প্ৰজাতিৰ টুপীমূৰীয়া বান্দৰৰ জাক এটা প্রত্যক্ষ কৰিছিল। স্বাভাৱিকতে দীঘল নেজৰ প্ৰায় ৩০টা  টুপীমূৰীয়া বান্দৰৰ জাক গছৰ ওপৰত প্ৰত্যক্ষ কৰি অভিভূত হোৱাৰ পাছত বিষয়টো তেওঁ ৰাণীৰ আঞ্চলিক বন বিষয়া ৰোজী বৰ্মনকো অৱগত কৰিছিল আৰু দীর্ঘ প্রতীক্ষাৰ অন্তত সেই প্ৰজাতিৰ বান্দৰৰ জাক প্ৰত্যক্ষ কৰাৰ লগতে ম'বাইল ফ'নৰ কেমেৰাৰে ফটো তুলিবলৈ সক্ষম হৈছিল।

Share This