ডিজিটেল ডেস্ক: টেঙাখাত থানাৰ অন্তৰ্গত চৰাইচুঙী গাঁৱত আজি ৩ বছৰীয়া এটি কন্যা সন্তানৰ মৃতদেহ উদ্ধাৰ হোৱা এক হৃদয়বিদাৰক ঘটনাক কেন্দ্ৰ কৰি সমগ্র অঞ্চলটোতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হয়।
ঘটনাৰ বিৱৰণী অনুসৰি উক্ত গাঁৱৰ ৰাজ মুড়া নামৰ লোকজনৰ আমাচি মুড়া নামৰ প্ৰায় তিনি বছৰীয়া এজনী কন্যা সন্তান যোৱা ২২ ফেব্ৰুৱাৰীত হঠাতে ঘৰৰ পৰা নিৰুদ্দেশ হয়।
এই সন্দৰ্ভত পৰিয়ালে টেঙাখাত থানাত এক এজাহাৰ দাখিল কৰাৰ লগতে ঘৰৰ ওচৰ-পাঁজৰৰ আৰু বহু ঠাইত খবৰ-খাতি কৰিছিল যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত আজি পুৱাৰ ভাগত ৰাজ মুড়াই নিজৰ বাঁহনিত বাঁহ কাটিবলৈ যোৱাৰ সময়ত হঠাতে এটা গাঁতত সন্দেহজনক কিবা বস্তু দেখিবলৈ পায় আৰু ওচৰত গৈ তেওঁৰে কন্যাৰ মৃতদেহ বুলি চিনাক্ত কৰে।
পৰৱৰ্তী সময়ত এই বিষয়ে স্থানীয় ৰাইজৰ লগতে গাঁও প্ৰধানক জনায় আৰু গাঁও প্ৰধানৰ জৰিয়তে খবৰটো টেঙাখাত আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে দণ্ডাধীশৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত টেঙাখাত আৰক্ষীয়ে অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ এই ঘটনাৰ সন্দৰ্ভত টেঙাখাত আৰক্ষীয়ে কোনোধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও ক্ষিপ্ৰতাৰে অনুসন্ধান অব্যাহত ৰাখিছে৷
প্ৰাগ নিউজ ডিজিটেল