সোণাৰিত চাৰিদিন ধৰি সন্ধানহীন হৈ থকা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ; নৈত ওপঙি আছিল মৃতদেহটো 

Rashmi May 09, 2026

ডিজিটেল ডেস্ক: সোণাৰিত সন্ধানহীন হোৱা ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ। আফৰিন আহমেদ নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ। সন্ধানহীন হোৱা ছাত্ৰীগৰাকীৰ ছেণ্ডেল টাওকাক নৈৰ পাৰত উদ্ধাৰ হৈছিল। SDRF বাহিনী, প্ৰশাসন, স্থানীয় ৰাইজে চাৰিদিন ধৰি টাওকাক নৈত ছাত্ৰীগৰাকীৰ সন্ধানত নামি পৰিছিল।

অৱশেষত আজি চাৰি দিনৰ অন্তত সোণাৰিৰ শিঙৰিতলীৰ টাওকাক নৈত ছাত্ৰীগৰাকীৰ মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। বুধবাৰে সন্ধানহীন হৈছিল ছাত্ৰীগৰাকী। 

পুৱতি নিশালৈকে স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীৰ বিচাৰ খোচাৰ চলাই আছিল। আজি পুৱা শিঙৰিতলীত মাছ মাৰিবলৈ যোৱা লোকে নৈত মৃতদেহটো প্ৰত্যক্ষ কৰে। লৰালৰিকৈ স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। পৰিয়ালৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নিৰুদ্দিষ্ট আফৰিন আহমেদৰ বুলি চিনাক্ত কৰে। 

বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এই ঘটনাত পৰিয়ালৰ লোক শোকত ভাগি পৰাৰ লগতে সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।




উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This