দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন

Rashmi July 06, 2026

ডিজিটেল ডেস্ক: দুলীয়াজানত অঘটন। দুলীয়াজানৰ ম’হমাৰীত অৱস্থিত গাভৰু দলঙৰ সমীপৰ দিহিং নদীত ওপঙি থকা অৱস্থাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হয় । এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে, আন এজন কিশোৰ সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। 

সন্ধানহীন কিশোৰজন ভাদৈ পাঁচআলি সমীপৰ বৰপথাৰ অঞ্চলৰ লিউনাচ বড়া (১৬) বুলি জানিব পৰা গৈছে। আনহাতে, মৃতদেহ উদ্ধাৰ হোৱা কিশোৰীগৰাকী বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সন্ধানহীন কিশোৰটিৰ সন্ধানত অভিযান চলায় যদিও নিশা হোৱাৰ বাবে অভিযান স্থগিত ৰাখিবলগীয়া হয়। এই কিশোৰ-কিশোৰীহালৰ সৈতে আন দুই কিশোৰ-কিশোৰীও উক্ত স্থানত ফুৰিবলৈ বুলি আহিছিল। এই দুজনৰ ঘৰ চাবুৱাত বুলি জানিব পৰা গৈছে। 

চাৰিওজন কিশোৰ-কিশোৰী ম’হমাৰী গাভৰু দলঙলৈ ফুৰিবলৈ বুলি আহিছিল বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আন দুই কিশোৰ-কিশোৰীক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন মটৰচাইকেলসহ চেণ্ডেল আৰু এটা হেলমেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ইফালে কাইলৈ পুৱাই এছ ডি আৰ এফে সন্ধানহীন কিশোৰটিৰ সন্ধানত অভিযান চলাব বুলি জানিব পৰা গৈছে।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This