আই লাভ ইউ বুলি কোৱাটো অপৰাধ নেকি ? বোম্বে উচ্চ ন্যায়ালয়ে দিলে ঐতিহাসিক ৰায়

Kakali Deka July 02, 2025

ডিজিটেল ডেস্ক : আই লাভ ইউ বুলি ক'লো মই, তুমি চাগে নুশুনিলা... ! জুবিন গাৰ্গৰ এই গীতটি আপোনালোকে নিশ্চয় শুনিছে । এই গীতটিত উল্লেখ থকাৰ দৰে "আই লাভ ইউ"শব্দটো কাৰোবাক কোৱাটো অপৰাধ নেকি ? 

বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে কাৰোবাক "আই লাভ ইউ" বুলি কোৱাটো কেৱল আৱেগৰ প্ৰকাশ, ইয়াক যৌন অভিপ্ৰায় হিচাপে চাব নোৱাৰি। ১০ বছৰীয়া নিৰ্যাতনৰ গোচৰত অভিযুক্তক দোষমুক্ত কৰাৰ সময়তে আদালতে এই ৰায় দিয়ে।

ন্যায়াধীশে এই কথা কয়

ন্যায়াধীশ উৰ্মিলা যোছি-ফালকে কয় যে ‘যিকোনো যৌন অপৰাধৰ বাবে অভিযুক্তৰ বাবে অনুপযুক্ত শাৰীৰিক সংস্পৰ্শ, বলপূৰ্বক কাপোৰ খোলা বা অশ্লীল ইংগিত / মন্তব্য আদি দিব লাগিব , যিয়ে মহিলাগৰাকীৰ মৰ্যাদাত আঘাত কৰে’।


এই গোচৰটোত ২০১৫ চনত নাগপুৰৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে অভিযোগ কৰিছিল যে এগৰাকী ৩৫ বছৰীয়া যুৱকে তেওঁৰ হাতত ধৰি নাম সুধিছিল আৰু কৈছিল - "আই লাভ ইউ"। এই সন্দৰ্ভত ভুক্তভোগীয়ে পিতৃক খবৰ দিয়ে আৰু আৰক্ষীত এজাহাৰ ৰুজু কৰা হয়।

ৰায়টোত আদালতে ক'লে- "কোনোবাই কাৰোবাক "আই লাভ ইউ" বুলি কোৱাটো কোনো কাৰণতে যৌন আতিশয্য হ'ব নোৱাৰে ৷ অশ্লীল ইংগিতো নহয় ৷ এই তিনিটা শব্দ হ'ল এজনে আনজনৰ প্ৰতি কৰা আৱেগৰ বহিঃপ্ৰকাশ ৷ এয়া কোনো অপৰাধ নহয় ৷" সেয়ে উচ্চ ন্যায়ালয়ে উক্ত লোকজনক দোষমুক্ত বুলি মঙলবাৰে ঘোষণা কৰে ৷ এই বহুচৰ্চিত গোচৰটোৰ ৰায়দান কৰে ন্যায়াধীশ উৰ্মিলা যোশী

Share This