ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পহলগাম আক্ৰমণৰ পাছত সন্ত্রাসবাদীৰ ঘৰ ধ্বংস কৰি সিহঁতৰ নিৰাপদ আশ্রয় তালাচী চলায় আৰু শশ অ'ভাৰগ্ৰাউণ্ড কর্মীক জেৰাৰ বাবে আটক কৰি কাশ্মীৰত প্রশাসনে সন্ত্রাসবাদী আৰু সিহঁতৰ প্ৰতি সহানুভূতিশীল লোকৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে। ২৬জন লোকে প্রাণ হেৰুওৱা পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ দুদিন পাছতে যোৱা দুদিনত প্রশাসনে লস্কৰ-ই-তৈয়বাৰ (এল ই টি) এটা কমাণ্ডাৰকে ধৰি ১০টা সন্ত্রাসবাদীৰ ঘৰ ধ্বংস কৰে।
প্ৰশাসনৰ বিষয়াৰ মতে, শুকুৰবাৰে নিশা শ্বোপিয়াঁ, কুলগাম আৰু পুলৱামা জিলাত ৫টা সন্ত্রাসবাদীৰ ঘৰ ধ্বংস কৰা হয়। শ্বোপিয়াঁৰ চোটিপোৰা গাঁৱত প্রশাসনে লস্কৰৰ কমাণ্ডাৰ শ্বহীদ আহমেদ কুত্তেৰ ঘৰ ধ্বংস কৰি ধূলিসাৎ কৰে। কুত্তে যোৱা ৩-৪ বছৰ সন্ত্রাস সম্পৰ্কীয় কাম-কাজত সক্রিয় হৈ আছিল আৰু ৰাষ্ট্ৰ-বিৰোধী অভিযান সমন্বয়ত এক প্রধান ভূমিকা গ্ৰহণ কৰিছিল। কুলগাম জিলাৰ মাতালামত অন্য এটা সক্রিয় সন্ত্রাসবাদী জাহিদ আহমেদৰ ঘৰ প্ৰশাসনে ধ্বংস কৰে। তদুপৰি, পুলৱামাৰ মুৰৰান অঞ্চলত সন্ত্রাসবাদী এহচান উল হকৰ ঘৰো বিস্ফোৰণেৰে ধূলিসাৎ কৰে। এহচানে ২০১৮ চনৰ পৰা পাকিস্তানত প্রশিক্ষণ গ্রহণ কৰি আছিল আৰু শেহতীয়াকৈ কাশ্মীৰ উপত্যকাত প্ৰৱেশ কৰিছিল।
লস্কৰৰ আন এটা সন্ত্রাসবাদী এহচান আহমদ শ্বেখৰ দুমহলীয়া ঘৰটোও ভাঙি পেলোৱা হয়। এহচান ২০২৩ চনৰ জুনৰ পৰা সক্ৰিয় হৈ আছিল। আনহাতে, পুলৱামাৰ কাচিপোৰা অঞ্চলত পঞ্চমটো সন্ত্রাসবাদী হাৰিচ আহমদৰ ঘৰ বিস্ফোৰণেৰে ধ্বংস কৰা হয়। উল্লেখযোগ্য যে ইতিপূর্বে পহলগাম আক্রমণত জড়িত সন্ত্রাসবাদী আদিল হুছেইন থোকৰৰ অনন্তনাগ জিলাৰ বিজবেহেৰাত থকা ঘৰ আৰু আচিফ শ্বেখৰ পুলৱামাৰ ত্ৰাল অঞ্চলত থকা ঘৰ ৰহস্যজনক বিস্ফোৰণত ধ্বংস হৈছিল। যোৱা মঙলবাৰ, ২২ এপ্রিলত পহলগামত আক্ৰমণ কৰা সন্ত্রাসবাদীৰ শুং-সূত্ৰ উলিয়াবলৈ নিৰাপত্তা বাহিনীয়ে, বিশেষকৈ দক্ষিণ কাশ্মীৰৰ চাৰিখন জিলাত শ শ অভাৰগ্ৰাউণ্ড কর্মী আৰু সমৰ্থকক আটক কৰিছে আৰু জেৰা চলাই আছে। তেনে এক অভিযানতে শুকুৰবাৰে বান্দীপোৰাত তেনে এক অভিযানত সন্ত্রাসবাদীয়ে কৰা গুলীচালনাত এজন অ'ভাৰগ্ৰাউণ্ড কৰ্মী নিহত হয়। নিৰাপত্তা বাহিনীয়ে কুলনাৰ অঞ্চলত সন্ত্রাসবাদীৰ ঘাটি দেখুৱাবলৈ নিওঁতেই আলতাফ আলী নামৰ এই কৰ্মীজনৰ মৃত্যু হয়, আনহাতে আৰক্ষীৰ দুজন লোক আহত হয়। শনিবাৰে আৰক্ষীৰ অভিযানৰ সম্প্ৰসাৰণ ঘটে শ্রীনগৰলৈ। শ্রীনগৰত নিৰাপত্তা বাহিনীয়ে একডজনমান স্থানত তালাচী অভিযান চলায়।