ডিজিটেল ডেস্ক : স্বাধীনতাৰ বছৰ পাছতো কামৰূপ জিলাৰ বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ জলজলী নৈৰ ওপৰত আজিও এখন পকী দলং নির্মাণ নহ'ল। অঞ্চলটোৰ প্ৰায় লক্ষাধিক লোকৰ যাতায়াত আৰু যোগাযোগৰ গুৰুত্বপূৰ্ণ জলপথৰ নগৰবেৰাৰ জলজলী নদীৰ দোকুছি- ভখুৰাদিয়া-ৰংগেশ্বৰী-পিজু পাৰা পাৰঘাটেদি জন্মলগ্নৰে পৰা টুলুঙা নাও অথবা যন্ত্রচালিত নাৱেৰে এক বিপদসংকুল পৰিৱেশৰ মাজেৰে পাৰাপাৰ হৈ আহিছে। কিন্তু দুর্ভাগ্যজনকভাৱে কোনো এখন চৰকাৰে যাত্ৰীসকলৰ যাতায়াতৰ সু-ব্যৱস্থা গ্রহণ নকৰিলে। আঠ বছৰমান পূর্বে জলজলী নদীখনত প্রথমে ৰাইজে অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত বাঁহৰ দলং আৰু তাৰ পাছত জলজলী নদীৰ ওপৰত দলং নির্মাণ দাবী সমিতিৰ উদ্যোগত পকী দলং নোহোৱালৈ যাতায়াতৰ বাবে প্রায় শতাধিক লোকে নিজৰ গাঁঠিৰ ধন দি প্রায় এক কোটি চৈধ্য লাখ টকা ব্যয় কৰি ১১০০ ফুট দৈর্ঘ্যৰ বৃহৎ কাঠৰ দলং নিৰ্মাণ কৰি উলিয়াই যাতায়াত ব্যৱস্থা পৰিচালনা কৰি আহিছিল। যদিও বৃহৎ কাঠৰ দলংখন মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰাত ইয়াৰে ওচৰতে লেছীয়ে নিৰ্মাণ কৰা বাঁহৰ সাঁকোৰে নিতৌ শ শ সৰ্বসাধাৰণ ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, কৰ্মচাৰী, ৰোগী আদিয়ে যাতায়াত কৰি আহিছে।
সম্প্রতি জলজলী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈখনত অৱশেষত সাত বছৰ পাছত পুনৰ পূৰ্বৰ দৰে অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজে নৌকাৰে অতি বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। জলজলী নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে অঞ্চলটোৰ বিভিন্ন দল-সংগঠন বিগত দিনত চৰকাৰ, বিভাগীয় কর্তৃপক্ষ আৰু জনপ্রতিনিধিক আৱেদন-নিৱেদন কৰি আহিছে যদিও আজিলৈকে কোনেও কোনোধৰণৰ সুফল নাপালে। চৰকাৰৰ গুৰুত্বহীনতা, বিভাগক কর্তৃপক্ষৰ অমনোযোগিতা আৰু জনপ্রতিনিধিৰ অৱহেলাৰ বাবেই নৈখনত আজিলৈকে এখন পকী দলং নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিগত দিনত প্ৰতিটো নিৰ্বাচনৰ পূৰ্ব একাংশ নেতা, পালিনেতা, মন্ত্রী-বিধায়ক আৰু সাংসদে জলজলী নৈত এখন পকী দলং নিৰ্মাণৰ সপোন দেখুৱাই অঞ্চলটোৰ ৰাইজৰ ভোট আদায় কৰি আহিছে যদিও নিৰ্বাচনৰ পাছত সকলো ফুটুকাৰ ফেন হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে। তদুপৰি সবকা সাথ সবকা বিকাশ আৰু পৰিৱৰ্তনৰ শ্ল'গানেৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গুৱাহাটী লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ কুইন ওজায়ো ক্রমে বিধান সভা আৰু লোক সভাৰ নিৰ্বাচনৰ পূৰ্বে নগৰবেৰাৰ জলজলী নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ কথা কৈছিল যদিও সেয়াও আজিলৈকে কাৰ্যকৰী নহল। তদুপৰি ইতিপূর্বে প্রাক্তন বিধায়িকা নন্দিতা দাসৰ নেতৃত্বত দলং নির্মাণ দাবী সমিতিৰ এটি সঁজাতী দলে দুগৰাকীকৈ ক্রমে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু কেশৱ মহন্তক সাক্ষাৎ কৰি জলজলী নৈখনৰ ওপৰত পকী দলং নিৰ্মাণৰ জনায় যদিও কোনো কাম আগনাবাঢ়িল।
তদুপৰি বিগত লোক সভা নিৰ্বাচনত ছমৰীয়া সমষ্টিৰ সোণতলীত অনুষ্ঠিত এক নির্বাচনী প্ৰচাৰৰ সভাত উপস্থিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক জলজলী নদীত এখন পকী দলং নিৰ্মাণৰ দাবী জনোৱাৰ পাছতো এতিয়ালৈকে কোনো কাম নহ'ল। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নগৰবেৰাৰ জলজলী নৈৰ বুকুত এখন পকী দলং নিৰ্মাণৰ পদক্ষেপ হাতত লোৱাৰ লগতে সামূহিকভাৱে পূর্বে নৈখনত থকা কাঠৰ দলংখনৰ মেৰামতিৰ ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বকো-ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছ, ছমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, কামৰূপ জিলাৰ আয়ুক্ত আৰু বিভাগীয় উর্ধ্বতন কর্তৃপক্ষক অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজ আৰু বিভিন্ন দল-সংগঠনে অনুৰোধ জনাইছে।