ঠিকাদাৰে আবণ্টিত ধন সৰকাই কাম নকৰাৰ অভিযোগ, অসম-নগালেণ্ড সীমান্তত দহ বছৰে নিৰ্মাণ নহ'ল দলং

dainik janambhumi December 13, 2025

ডিজিটেল ডেস্কঃ অসম-নগালেণ্ড সীমান্তৰ ধনশিৰিৰ ধনশিৰি নদীৰ ওপৰত নগালেণ্ড চৰকাৰৰ উদ্যোগত নিৰ্মাণ হ'বলগীয়া এখন প্রায় ২০ কোটি টকীয়া দুইলেনযুক্ত দলং সম্পূর্ণ নোহোৱাত তীব্র অসন্তুষ্টি প্রকাশ কৰিছে সীমান্তৰ ধনশিৰিৰ জনতাই। 

উল্লেখযোগ্য যে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ধনশিৰি পৰিষদীয় সমষ্টিৰ ধনশিৰি নদীৰ ওপৰত বেটা গাঁও নামৰ গাঁওখনত থকা ধনশিৰি নদীৰ ওপৰেৰে কাৰ্বি আংলং তথা নগালেণ্ডৰ ধনশিৰি পাৰ সংযোগকাৰী এই দলংখন ২০১৪-১৫ বৰ্ষত নিৰ্মাণৰ বাবে মুঠ ১৯৮০.৪২ লাখ টকা ধাৰ্য কৰা হৈছিল। ইয়াৰ বাবে কহিমাৰ নির্মাণকাৰী প্রতিষ্ঠান মেছাৰ্ছ ভিলেইলি খাম' এণ্ড ছন্স নামৰ প্রতিষ্ঠানটোক এই কামৰ আবণ্টন দিয়া হৈছিল। পিছে নির্মাণকাৰী সংস্থাটোৱে প্ৰাৰম্ভিক কাম কৰিয়েই ৬ কোটি ৮১ লাখ টকা ড্ৰ কৰি এই কাম আধৰুৱা কৰি পেলাই থয়। যাৰ ফলত দুয়োখন ৰাজ্যৰ দুয়োপাৰৰ জনতাই এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। 

উল্লেখযোগ্য যে অতি অনগ্ৰসৰ এই অঞ্চলটোৰ যাতায়াত ব্যৱস্থা এতিয়াও টুলুঙা নাৱেৰে অথবা নদী পাৰ হৈ যোৱাৰ ব্যৱস্থা চলি আছে। এই দলংখন নির্মাণ হোৱাৰ বাতৰিয়ে দুয়োপাৰৰ জনতাৰ বাবে এক সুখবৰ বতৰা কঢ়িয়াই আনিছিল যদিও আজি পর্যন্ত দলংখন সম্পূর্ণ নোহোৱাত দুয়োপাৰৰ জনতাই এতিয়াও বিপদসংকুলভাৱে নদী পাৰ হৈ অহা-যোৱা কৰিবলৈ বাধ্য হৈ আহিছে।

ডিমাচা পিপলছ কাউঞ্চিল নামৰ সংগঠনটোৱে এই সন্দৰ্ভত নগালেণ্ড চৰকাৰৰ গড়কাপ্টানী বিভাগত তৰা এক আৰ টি আই তথ্যত দলংখনৰ বাবত প্রায় ৭ কোটি টকা ঠিকাদাৰ প্ৰতিষ্ঠানে উলিয়াই নিয়া বুলি তথ্য পোহৰলৈ আহিছে। আনহাতে, বিষয়টো সন্দৰ্ভত নগালেণ্ড চৰকাৰৰ গড়কাপ্টানী বিভাগৰ মুখ্য অভিযন্তা (এন এইচ) ঠিকাদাৰী প্রতিষ্ঠানটোক দলংখন নির্মাণ সম্পূৰ্ণ কৰিবলৈ ২০১৬ চনৰ জানুৱাৰী মাহৰ পৰা পত্ৰ প্ৰদান কৰাৰ পাছতো ঠিকাদাৰী প্রতিষ্ঠানটোৱে কোনোধৰণৰ সঁহাৰি প্ৰদান কৰা নাই বুলি জানিব পৰা গৈছে। 

সীমান্তবাসীৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনা এই দলংখন নির্মাণ সম্পূৰ্ণ কৰি তুলিবলৈ নগালেণ্ড চৰকাৰক সীমান্তবাসীয়ে অনুৰোধ জনোৱাৰ লগতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰ্যালয়কো বিষয়টো সন্দৰ্ভত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।

Share This