'কা'ৰ আঁত ধৰি
Digital desk
July 17, 2024
ডিজিটেল ডেস্কঃ ঊনৈশ শতিকাৰ পৰা বিভিন্ন ৰূপত অসমীয়া জাতীয়তাবাদ প্ৰতিষ্ঠাৰ যিবোৰ কাম-কাজ তথা সংগ্ৰাম চলি আহিছে সেইবোৰ ভাৰতীয় জীৱনৰ পৰা বিচ্ছিন্ন হ’বলৈ বিচৰা ভাবধাৰাৰে কৰা নহয়; ভাৰতীয় সত্তাটোৰ ভিতৰত সোমাই থাকি অসমীয়াৰ স্বকীয়তাক বৰ্তাই ৰখা, অসমীয়া স্বাভিমানেৰে উদ্বুদ্ধ হৈ থকাৰ প্ৰৱণতাৰহে প্ৰতিফলন৷ আনকি আমাৰ মহাপুৰুষ দুজনায়ো মহাভাৰতীয় আধ্যাত্মিক সাগৰখন মন্থন কৰি এটা কৃষ্ণকেন্দ্ৰিক নিজস্ব আধ্যাত্মিক সাংস্কৃতিক ধাৰাৰ সৃষ্টি কৰিছিল যিটো পাঁচ শতিকাৰো অধিক কালজুৰি প্ৰৱহমান হৈ আছে নাম-ধৰ্মৰ, সত্ৰ-নামঘৰৰ এক অসমীয়া ধাৰাৰ ৰূপত৷ শতিকা শতিকাজুৰি চলি অহা এই ধাৰাটোৱেই অসমীয়া জনজীৱনক প্ৰভাৱিত কৰি থকাৰ বাবেই ভাষা-নাগৰিকত্ব-অৰ্থনৈতিক বঞ্চনা আদি বিষয়বিলাকক লৈ এক প্ৰতিবাদী প্ৰৱণতা সকলো সময়তে জাগ্ৰত হৈ থাকে৷
সেইকাৰণেই আনন্দৰাম ঢেকিয়াল ফুকনে বাংলাভাষাৰ আগ্ৰাসনৰ প্ৰতিবাদকৰিছিল৷ টেঙাই মহন, যাদুৰাম ডেকা বৰুৱা, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱাকে ধৰি বিভিন্নজনে অসমীয়াৰ ৰাজনৈতিক-সামাজিক সংকটকালত অসমীয়া ভাষাটোৰ ৰক্ষা আৰু প্ৰচাৰৰ বাবে অভিধান প্ৰণয়নকে ধৰি কৰা ভাষাকেন্দ্ৰিক কামবোৰ এই চেতনাৰে ফচল৷ সেই তাড়নাতে ব্ৰিটিছ আমোলত অসমীয়া ছাত্ৰসকলে কলিকতালৈ পঢ়িবলৈ গৈ অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰিলে, ‘জোনাকী’ৰে অসমীয়া ভাষা সাহিত্য চৰ্চাৰ এটা ধাৰাৰ সৃষ্টি কৰিলে, আগৰৱালা পৰিয়ালে ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চাৰ নতুন নতুন ক্ষেত্ৰ তৈয়াৰ কৰিলে, কীৰ্তন পুথি ছপা কৰি উলিয়ালে, যোৰহাট সাৰ্বজনীক সভা, অসম এছ’চিয়েশ্যন, অসমীয়া ছাত্ৰ সন্মিলনী গঠন কৰি ৰাজনৈতিক-সামাজিক সচেতনতা সৃষ্টিৰ চেষ্টা কৰিলে, যাৰ ফলত অসমীয়া জাতীয়তাবাদৰ এটা নতুন শক্তিশালী ভেটি প্ৰতিষ্ঠা হ’ল৷ ‘বেংগল’ৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰীক বিয়া কৰাই কলকাতা-সম্বলপুৰত জীৱনৰ তিনি-চতুৰ্থাংশ বয়স কটোৱাৰ পাছতো লক্ষ্মীনাথ বেজবৰুৱা হাড়ে-হিমজুৱে অসমীয়া, জীৱনে-মৰণে অসমীয়া হৈ থাকিল একমাত্ৰ উল্লিখিত চেতনাই মন-প্ৰাণ উদ্বুদ্ধ কৰি ৰখা বাবেই৷ এই ধাৰাটোৰ কোনেও ভাৰতীয় সত্তাটোক অৱজ্ঞা কেতিয়াও কৰা নাই, কিন্তু বিশুদ্ধ অসমীয়া হৈ ভাৰতীয় হোৱাৰ পথ দেখুৱাইছে৷ তৎপৰৱতী সময়ৰ কুৰি শতিকাটোত ভাষা আন্দোলনৰ পৰা ছবছৰীয়া অসম আন্দোলনলৈকে অসমীয়া গণ উত্থানৰ যিবোৰ অধ্যায় সেইবোৰ উল্লিখিত প্ৰৱাহটোৰ একো একোটা সুঁতি মাত্ৰ৷
এইবোৰ অসমীয়া জাতীয়তাবাদৰ গুৰুত্ব আৰু মহত্ত্ব প্ৰতিষ্ঠাৰ লক্ষ্যৰে গোৱা জাতিৰ জয়গান৷ ‘কা’ আন্দোলনটোও তাৰেই এক ৰূপ মাত্ৰ৷ ‘‘কা’ আমি নামানো’ বুলি উজনিৰ পৰা নামনিলৈ লাখ লাখ মানুহ মৃত্যুভয় নেওচি ওলাই আহিছিল উক্ত বিধেয়কখনে অসমীয়া জাতীয়তাবাদী চেতনাত আঘাত কৰা বুলি গণ্য কৰি৷ উল্লিখিত যিবোৰ অধ্যায় তাৰ আঁৰত কিন্তু কাৰো একো ৰাজনৈতিক স্বাৰ্থ বেছিভাগ মানুহৰে নাছিল৷ আছিল মাথোঁ অসমীয়াৰ স্বাৰ্থত উদ্বেলিত প্ৰাণৰ জাতিৰ সংকটত আত্মোৎসৰ্গৰ তাড়না৷ গতিকে ‘কা’ আন্দোলনটোত জড়িত সাধাৰণ মানুহবোৰৰ ভাবাৱেগক সন্দেহ কৰা উচিত নহয়৷
এই চেতনাস্ৰোত কেতিয়াও বন্ধও নহয়, অসমীয়া শব্দটো জীয়াই থকালৈকে৷ উল্লিখিত প্ৰসংগখিনি অৱতাৰণা কৰাৰ উদ্দেশ্য হ’ল– ‘কা’ক লৈ আকৌ বাদানুবাদ আৰম্ভ হৈছে৷ নাগৰিকত্ব সংশোধনী আইন [কা]ৰ ভিত্তিত অমুছলমান লোকৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ নকৰিবলৈ ৰাজ্যৰ গৃহ, ৰাজনৈতিক বিভাগে সীমান্ত শাখালৈ এক নিৰ্দেশনা প্ৰেৰণ কৰাৰ পাছতে ‘কা’ৰ বিৰোধিতা কৰা দল-সংগঠনসমূহ গৰজি উঠিছে৷ প্ৰতিবাদৰ হুংকাৰ দিছে৷ অভিযোগ এটাই– এই চৰকাৰখনে অনুপ্ৰৱেশকাৰীসকলক সাম্প্ৰদায়িক ভিত্তিত বিভাজন কৰি অমুছলমান বিদেশীসকলক ৰক্ষণাবেক্ষণ তথা নাগৰিকত্ব দিবলৈ বিচাৰিছে৷ অসমীয়া জনসাধাৰণে ধৰ্মৰ ভিত্তিত বিদেশীৰ বিভাজন বিচৰা নাই, বৰঞ্চ হিন্দু-মুছলমান নিৰ্বিশেষে সকলো অবৈধ বিদেশীক চিনাক্ত কৰি বিতাড়ন কৰাটো বিচাৰে৷
এই প্ৰতিক্ৰিয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে ‘কা’ বলৱতৰ চাৰি মাহৰ পাছতো মাত্ৰ জ্জ্বগৰাকী লোকেহে হেনো নাগৰিকত্ব বিচাৰি চৰকাৰী পৰ্টেলত আৱেদন কৰিছে৷ গতিকে ‘কা’ প্ৰণয়ন হ’লে ২০ লাখ, ৩০ লাখ, ৫০ লাখ বিদেশী আহিব বুলি চলোৱা প্ৰচাৰ ভিত্তিহীন৷ ধৰ্ম-ভিত্তিক বিবেচনাৰে প্ৰণয়ন আৰু বলৱৎ কৰা আইনখনেৰে এজনো বিদেশীক নাগৰিকত্ব দিয়াটো অসমবাসীয়ে নিবিচাৰে, সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব লোৱা উচিত যাতে আইনখন অসমবাসীৰ বাবে ভয়াৱহ হৈ নপৰে৷ প্ৰতিৱেশী ৰাষ্ট্ৰত ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা হিন্দুকে ধৰি অন্যান্য অ-মুছলমান লোকসকলক কেন্দ্ৰৰ বিজেপি - নেতৃত্বাধীন চৰকাৰখনে মানৱীয় কাৰণত নাগৰিকত্ব প্ৰদানৰ যি সিদ্ধান্ত লৈছে তাত অসমবাসীয়ে কোনো আপত্তি কৰা নাই৷ দিল্লী, উঃ প্ৰদেশ, গুজৰাট, ৰাজস্থান, মধ্য প্ৰদেশে তেওঁলোকক আশ্ৰয় দিয়ক, নাগৰিকত্ব দিয়ক তাত আপত্তি কৰিবলগীয়া নাই অসমবাসীৰ, কিন্তু বিদেশীৰ বোজাৰে জন-গাঁথনিৰ ৰূপ সলনি হৈ পৰা, খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হৈ পৰা অসমত নতুনকৈ বিদেশীৰ বোজা জাপি দিব পৰা আইনখনৰহে অসমবাসীয়ে বিৰোধিতা কৰিছে৷ উত্তৰ-পূবৰ বাকী ছখন ৰাজ্যক যেনেকৈ এই আইনৰ আওতাৰ পৰা বাদ দিয়া হৈছে অসমৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে সেই ব্যৱস্থা লওক আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত নেতৃত্ব লওক৷
এই ‘কা’ আন্দোলন বা বিদেশী বহিষ্কাৰৰ দাবীৰ আন্দোলন অথবা ভাষা আন্দোলন অসমীয়াৰ বিচ্ছিন্নতাবাদী চেতনাৰ প্ৰতিফলন নহয়, সংবিধান, আইনৰ আধাৰত, গণতান্ত্ৰিক ব্যৱস্থাটোক সন্মান জনাই কৰা আন্দোলন, ভাল অসমীয়া হৈ ভাল ভাৰতীয় হ’ব খোজা আন্দোলন৷ এই আন্দোলনবিলাকৰ ফল কি ওলাইছে সেয়া বেলেগ কথা, কিন্তু ই বাৰে বাৰে অসমীয়াৰ স্বাভিমান প্ৰকাশ কৰি আহিছে৷ সেই প্ৰৱণতা অসমীয়া শব্দটো থকালৈকে থাকিবই৷ দেশৰ চৰকাৰখনে এই স্বাভিমানক শ্ৰদ্ধা কৰিবলৈ শিকক৷
Share This